ETV Bharat / sports

শ্বিয়ৰ্ড মেৰিজিনে ভাৰতীয় মহিলা হকী দলৰ নতুন মুখ্য প্ৰশিক্ষক

ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত দিয়া হৈছে নেদাৰলেণ্ডৰ শ্বিয়ৰ্ড মেৰিজিনেক ।

Sjoerd Marijne INDIAN HOCKEY
শ্বিয়ৰ্ড মেৰিজিনে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 5:49 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নেদাৰলেণ্ডৰ শ্বিয়ৰ্ড মেৰিজিনেক নিযুক্তি দিয়া হৈছে । শুকুৰবাৰে হকী ইণ্ডিয়াই সদৰী কৰিছে এই সিদ্ধান্তৰ কথা ৷ প্ৰায় চাৰি বছৰৰ ব্যৱধানৰ অন্তত প্ৰত্যাৱৰ্তন ঘটাইছে ডাচ্চ প্ৰশিক্ষকগৰাকীয়ে ।

২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতীয় মহিলা হকী দলৰ সৈতে কাম কৰিছিল মেৰিজিনেই ৷ ২০২০ ৰ টকিঅ’ অলিম্পিকত ভাৰতে ঐতিহাসিক চতুৰ্থ স্থান দখল কৰাৰ সমান্তৰালকৈ দলটোক এফ আই এইচ ৰেংকিঙৰ শীৰ্ষ ১০ ত উপনীত কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁ ৷

বিগত ডিচেম্বৰ মাহত প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰা হৰেন্দ্ৰ সিঙৰ স্থানত নিযুক্তি দিয়া হৈছে ৫১ বছৰীয়া মেৰিজিনেক ৷ ভাৰতীয় দলটোৱে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱৰাৰ পিছত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পদৰ পৰা পদত্যাগ কৰা দুবাৰৰ অলিম্পিক পদক বিজয়ী জেংকে শ্ব’পমেনৰ ঠাইত হৰেন্দ্ৰ সিঙক নিযুক্তি প্ৰদান কৰা হৈছিল ৷

মেৰিজিনেয়ে কয়, ‘‘ঘূৰি আহি বৰ ভাল অনুভৱ হৈছে । চাৰে চাৰি বছৰৰ পিছত মই দলৰ উন্নতিত সহায় কৰিবলৈ আৰু খেলুৱৈসকলক বিশ্ব মঞ্চত তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা অৰ্জন কৰাত সহায় কৰিবলৈ সুস্পষ্ট দৃষ্টিভংগীৰে উভতি আহিছো ।’’

আনহাতে, আৰ্জেণ্টিনাৰ মাটিয়াছ ভিলাক বিশ্লেষণাত্মক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । এজন বিখ্যাত মিডফিল্ডাৰ ভিলাই একেৰাহে দুখন অলিম্পিক গেমছত(২০০০ ৰ ছিডনী আৰু ২০০৪ ৰ এথেন্স অলিম্পিক) ত আৰ্জেণ্টিনাক প্ৰতিনিধিত্ব কৰিছে আৰু প্ৰশিক্ষক হিচাপে তেওঁৰ অভিজ্ঞতাও দীঘলীয়া ।

ডঃ ৱেইন লম্বাৰ্ডক বৈজ্ঞানিক উপদেষ্টা আৰু খেল প্ৰদৰ্শন প্ৰমুখ হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁক বৈজ্ঞানিক উপদেষ্টা হিচাপে সহায় কৰিব ৰ’ডেট য়িলা আৰু ছিয়েৰা য়িলাই ।

ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে মেৰিজিনেৰ প্ৰথমটো গুৰু দায়িত্ব হ’ব ৮ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰত দলটোৰ প্ৰদৰ্শন অটুট ৰখা ৷ তেওঁ ১৪ জানুৱাৰীত ভাৰতৰ ভূমিত উপস্থিত হ’ব আৰু পাঁচদিনৰ পিছত বেংগালুৰুত ৰাষ্ট্ৰীয় শিবিৰ আৰম্ভ হ’ব । হকী ইণ্ডিয়াৰ সভাপতি ডঃ দিলীপ তিৰ্কীয়ে দলৰ ফিটনেছ লেভেল উন্নত কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব বুলি দাবী কৰে ৷

তেওঁ কয়, ‘‘দলীয় ফিটনেছৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ৷ যিটো টকিঅ’ত ভাৰতীয় মহিলা দলৰ ঐতিহাসিক প্ৰদৰ্শনৰ অন্যতম মূল কাৰণ আছিল । আমি সফল কাৰ্যকালৰ বাবে আগ্ৰহী ।’’

পূৰ্বৰ কাৰ্যকালত মেৰিজিনেই ভাৰতীয় দলটোক ২০১৭ চনত হকী বিশ্ব লীগৰ ছেমি ফাইনেলত আৰু ২০১৮ চনৰ মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী আৰু জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাত সহায় কৰিছিল ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ পৰা ফিফা বিশ্বকাপ; ২০২৬ বৰ্ষত কি কি মেগা ক্ৰীড়া ইভেণ্ট আছে