বিজয় হাজাৰে ট্ৰফী ২০২৫-২৬: নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি
বিজয় হাজাৰে ট্ৰফীত মুম্বাইৰ অধিনায়ক হিচাপে দেখা যাব ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰক ৷ প্ৰতিযোগিতাখনৰ পৰা বাদ পৰিছে শ্বাৰ্দুল ঠাকুৰ ৷

Published : January 5, 2026 at 6:53 PM IST
হায়দৰাবাদ: প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰে ৷ দীৰ্ঘদিনে আঘাতত জৰ্জৰিত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ছিডনীত চিকিৎসা গ্ৰহণ কৰাৰ অন্তত উভতিছে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ ৷ বিজয় হাজাৰে ট্ৰফীত মুম্বাইৰ দলটোত দেখা যাব শ্ৰেয়ছ আয়াৰক ।
ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বত গঠিত ৰাষ্ট্ৰীয় বাছনি সমিতিখনে আয়াৰক ১১ জানুৱাৰীৰ পৰা বদোদৰাত নিউজীলেণ্ডৰ বিৰুদ্ধে হ’বলগা তিনিখন মেচৰ শৃংখলাটোৰ বাবে ভাৰতীয় এদিনীয়া দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিছে । কিন্তু তাৰপূৰ্বে শ্ৰেয়ছে ৰাষ্ট্ৰীয় এদিনীয়া চেম্পিয়নশ্বিপ বিজয় হাজাৰে ট্ৰফীৰ বাকী দুখন মেচত মুম্বাইক নেতৃত্ব দিব ৷
🚨 JUST IN 🚨
— sports__life (@statecraft__) January 5, 2026
Shreyas Iyer has been appointed captain of Mumbai for the #VijayHazareTrophy 🏏
He takes over the leadership from Shardul Thakur, who has been ruled out of the domestic 50-over tournament due to injury. pic.twitter.com/OsI3OW3hf4
সোমবাৰে প্ৰকাশ কৰা এক সংবাদ মাধ্যমৰ বিবৃতিত মুম্বাই ক্ৰিকেট সন্থাৰ সম্পাদক উন্মেশ খানভিলকাৰে কয়, ‘‘বিজয় হাজাৰে ট্ৰফীৰ বাকী থকা লীগ মেচসমূহৰ বাবে শ্ৰেয়ছ আয়াৰক মুম্বাই ছিনিয়ৰ পুৰুষ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।’’
বিবৃতিটোত এনেদৰে কোৱা হৈছে, ‘‘আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাদ পৰা আৰু বৰ্তমান নিৰ্বাচনৰ বাবে উপলব্ধ নোহোৱা শ্বাৰ্দুল ঠাকুৰৰ স্থানত শ্ৰেয়ছ আয়াৰক অধিনায়কৰ দায়িত্ব দিয়া হৈছে ৷’’
‘‘প্ৰমাণিত নেতৃত্বৰ ক্ষমতা থকা অভিজ্ঞ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰে শান্তি, কৌশলগত বুদ্ধিমত্তা আৰু খেলৰ গভীৰ বুজাবুজি আনে’’ - বিবৃতিটোত লগতে কোৱা হৈছে ৷
‘‘আয়াৰৰ অধিনায়কত্বৰ অধীনত মুম্বাইৰ দলটোৱে দৃঢ়তাৰে প্ৰদৰ্শন কৰি মুম্বাই ক্ৰিকেটৰ চহকী উত্তৰাধিকাৰ অক্ষুণ্ণ ৰাখিব বুলি নিৰ্বাচক সমিতি আত্মবিশ্বাসী । মুম্বাই ক্ৰিকেট সন্থাই শ্বাৰ্দুল ঠাকুৰৰ আৰোগ্য কামনা কৰাৰ লগতে শ্ৰেয়ছ আয়াৰ আৰু সমগ্ৰ মুম্বাই দলক আগন্তুক খেলসমূহৰ বাবে শুভকামনা জনাইছে’’ - এইদৰে কয় মুম্বাই ক্ৰিকেট সংস্থাৰ সচিবে ।
মুম্বাইয়ে সম্প্ৰতি ৰাজস্থানৰ জয়পুৰত বিজয় হাজাৰে ট্ৰফী ২০২৫-২৬ ৰ লীগ মেচসমূহ খেলি আছে ।
এতিয়ালৈকে মুম্বাইয়ে পাঁচখন খেল খেলিছে ৷ ইয়াৰে চাৰিখন খেলত জয়লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে মাত্ৰ এখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে ৷ এই ফলাফলৰে এলিট গ্ৰুপ চিৰ দ্বিতীয় স্থানত আছে দলটো । মুম্বাইৰ সৈতে একে সংখ্যক পইণ্ট(১৬) লাভ কৰাৰ পিছতো পঞ্জাবে উন্নত নেট ৰাণৰেটৰ ভিত্তিত গ্ৰুপত শীৰ্ষস্থান দখল কৰিছে ।
লগতে পঢ়ক: বাংলাদেশত নিষিদ্ধ আই পি এলৰ সম্প্ৰচাৰ: মুস্তাফিজুৰ বিতৰ্কৰ পিছত চৰকাৰৰ কঠোৰ সিদ্ধান্ত

