ETV Bharat / sports

তিলক আৰু সুন্দৰৰ স্থানত টি-২০ দলত স্থান লাভ এই দুগৰাকী খেলুৱৈৰ

নিউজীলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত বি চি চি আইয়ে এক বৃহৎ পৰিৱৰ্তন কৰিছে ।

TEAM INDIA T20 SQUAD
টীম ইণ্ডিয়া (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : January 17, 2026 at 7:51 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শুকুৰবাৰে টি-২০ দলত তিলক বৰ্মা আৰু ৱাশ্বিংটন সুন্দৰৰ স্থানত দলত স্থান লাভ কৰিবলগীয়া খেলুৱৈৰ নাম ঘোষণা কৰে ৷ নিউজীলেণ্ডৰ বিৰুদ্ধে আগন্তুক পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু লেগ স্পিনাৰ ৰবি বিষ্ণৈইক দলত অন্তৰ্ভুক্ত কৰা হৈছে ৷

নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত বেটিং কৰি থকা অৱস্থাত চাইড ষ্ট্ৰেইনৰ সন্মুখীন হোৱা আঘাতপ্ৰাপ্ত অফ স্পিন বলিং অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ ঠাইত বিষ্ণৈই খেলিব ৷ আনহাতে বাওঁহাতৰ বেটছমেন তিলক বাৰ্মা পেটৰ তলৰ অংশৰ অস্ত্ৰোপচাৰৰ বাবে আয়াৰে প্ৰথম তিনিখন মেচত অংশগ্ৰহণ কৰিব ৷

এবছৰৰ পিছত দলত প্ৰৱেশ

প্ৰায় এবছৰৰ অন্তত দললৈ ঘূৰি আহিছে বিষ্ণৈই ৷ তেওঁ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত শেষবাৰৰ বাবে মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত ভাৰতৰ হৈ খেলিছিল ৷ বিষ্ণৈয়ে এতিয়ালৈকে ৪২খন টি-২০ত ৬১টা উইকেট দখল কৰিছে আৰু তেওঁ ইকনমি ৰেট ৭.৩৫ ৷

দুবছৰৰ পিছত প্ৰত্যাৱৰ্তন

ইফালে আয়াৰে দুবছৰৰ পাছত টি-২০ দললৈ ঘূৰি আহিছে ৷ তেওঁ শেষবাৰৰ বাবে ২০২৩ চনৰ ডিচেম্বৰ মাহত বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেল খেলিছিল ৷ আয়াৰে এতিয়ালৈকে মুঠ ৫১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছে আৰু তেওঁ ৩০.৬৬ গড়ে ১১০৪ ৰাণ আৰু ১৩৬.১২ ষ্ট্ৰাইক ৰেট লাভ কৰিছে ।

টি২০ ছিৰিজ ২০২৬

নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা ২১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৷ ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই শৃংখলাটো ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় এচাইনমেণ্ট ৷

ভাৰত-নিউজীলেণ্ড টি-২০ আন্তঃৰাষ্ট্ৰীয় ছিৰিজৰ সূচী

  • প্ৰথম টি ২০ : ২১ জানুৱাৰী - নাগপুৰ
  • দ্বিতীয় টি ২০ : ২৩ জানুৱাৰী - ৰায়পুৰ
  • তৃতীয় টি-২০ : ২৫ জানুৱাৰী - গুৱাহাটী
  • চতুৰ্থ টি ২০ : ২৮ জানুৱাৰী - বিশাখাপট্টনম
  • পঞ্চম টি ২০ - ৩১ জানুৱাৰী - তিৰুৱনন্তপুৰম

নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় T-20 দল :

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (প্ৰথম তিনিখন টি-২০), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (উপ অধিনায়ক), ৰিংকু সিং, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, আৰ্শদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ঈশান কিষাণ (উইকেটকীপাৰ), ৰবি বিষ্ণৈ ৷

লগতে পঢ়ক : ভাৰতত টি-২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্ৰহণ; সমাধানসূত্ৰৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিব আই চি চিয়ে

কামত নাহিল ৰাহুলৰ শতক, মিচেলৰ শতকেহে দলক দিলে জয়ৰ সোৱাদ

নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াতে অভিলেখ গঢ়িলে কোহলীয়ে