ETV Bharat / sports

কলকাতাৰ বাবে ক'লা দিন: অনুষ্ঠানৰ আয়োজক শতদ্ৰু দত্তক গ্ৰেপ্তাৰ

মেছিক দেখা নাপালে অনুৰাগীয়ে । ক্ষোভিত হৈ পৰিল দৰ্শনাৰ্থী । পশ্চিমবংগ আৰক্ষীৰ জালত ইভেণ্ট মেনেজাৰ শতদ্ৰু দত্ত ।

Satadru Dutta Arrested after chaos erupted at Yuva Bharati Krirangan Lionel Messi event
মেছিৰ GOAT ভ্ৰমণৰ ইভেণ্ট মেনেজাৰক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 13, 2025 at 6:03 PM IST

3 Min Read
Choose ETV Bharat

কলকাতা : কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত হোৱা বিশৃংখলতাৰ পাছতে লিয়নেল মেছিৰ GOAT ভ্ৰমণৰ ইভেণ্ট মেনেজাৰক গ্ৰেপ্তাৰ কৰে পশ্চিমবংগ আৰক্ষীয়ে । ইফালে ‘প্ৰিন্স অৱ ফুটবল’ হিচাবে খ্যাত ফুটবলাৰ মেছিক নেদেখি ক্ষোভিত হৈ পৰে অনুৰাগীসকল ।

৪৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে এই অনুষ্ঠানৰ বাবে দামী টিকট ক্ৰয় কৰাৰ পাছতো অনুৰাগীয়ে দেখাই নাপালে মেছিক । ফলত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । উপায়ন্তৰ হৈ খেলপথাৰ এৰি যাবলৈ বাধ্য হয় মেছি ।

দৰ্শকৰ অভিযোগ অনুসৰি, নেতা-মন্ত্ৰীয়ে মেছিক এনেদৰে ঘেৰি ধৰিছিল যাৰ বাবে তেওঁক এক মুহূৰ্তৰ বাবেও দৰ্শকে দেখা পোৱা নাছিল । সভাস্থলীত সৃষ্টি হোৱা এই বিশৃংখলতাৰ বাবেই আৰক্ষীয়ে এই ভ্ৰমণৰ ইভেণ্ট মেনেজাৰ শতদ্ৰু দত্তক নিজৰ জিম্মাত লয় । দত্তই ক্ৰীড়া প্ৰমোটাৰ, ইভেণ্ট অৰ্গেনাইজাৰ আৰু দানবীৰ (philanthropist) হিচাপে কাম কৰে ।

ছল্ট লেক ষ্টেডিয়ামত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ পিছতে ৰাজ্যপাল চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰক অনুষ্ঠানৰ আয়োজকক গ্ৰেপ্তাৰ কৰিবলৈ কয় । লগতে তেওঁ কয় যে কলকাতাৰ ক্ৰীড়াপ্ৰেমী লোকৰ বাবে এয়া এক ক’লা দিন ।

Satadru Dutta Arrested after chaos erupted at Yuva Bharati Krirangan Lionel Messi event
কলকাতাত মেছিক দেখা নাপালে অনুৰাগীয়ে (ETV Bharat)

ৰাজ্যিক আৰক্ষীৰ ডি জি ৰাজীৱ কুমাৰেও দোষীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে । লগতে এই সন্দৰ্ভত সম্পূৰ্ণ তদন্ত কৰা হ’ব বুলিও তেওঁ কয় ।

আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে । লগতে দৰ্শকক টিকটৰ ধন ঘূৰাই দিব লাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

এই প্ৰসংগত আয়োজক শতদ্ৰু দত্তই ফেচবুকত পোষ্ট কৰিছিল যে সকলো দৰ্শককে টিকটৰ মূল্য ঘূৰাই দিয়া হ’ব । কিন্তু কিছু সময়ৰ পাছতে তেওঁ সেই পোষ্টটো ডিলিট কৰি দিয়ে ।

Satadru Dutta Arrested after chaos erupted at Yuva Bharati Krirangan Lionel Messi event
মেছিক দেখা নাপালে অনুৰাগীয়ে (ETV Bharat)

ইফালে আয়োজক শতদ্ৰু দত্তক আটক কৰাৰ পিছতে ৰাজ্যৰ আৰক্ষীৰ ডি জি ৰাজীৱ কুমাৰে সংবাদমেল অনুষ্ঠিত কৰে । তেওঁ কয়, "যুৱ ভাৰতী ষ্টেডিয়ামত দৰ্শকে মেছিক দেখা নোপোৱাৰ পিছতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ’ল । ইতিমধ্যে মূল আয়োজকক গ্ৰেপ্তাৰ কৰা হৈছে । দৰ্শকৰ ধন ঘূৰাই নিদিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আয়োজকসকলৰ গাফিলতিৰ তদন্ত কৰা হ'ব । এনে অপব্যৱস্থাপনা সহ্য কৰিব নোৱাৰি । বিষয়টোৰ তদন্ত চলি আছে ।’’

Satadru Dutta Arrested after chaos erupted at Yuva Bharati Krirangan Lionel Messi event
ফুটবলাৰ মেছিক নেদেখি ক্ষোভিত হৈ পৰে অনুৰাগী (ETV Bharat)

ঘটনা সন্দৰ্ভত ADG (আইন শৃংখলা) জাভেদ ছামিমে কয়, "এই ঘটনা কিছু সময়ৰ পূৰ্বে সংঘটিত হৈছে । নিৰ্দিষ্ট ধাৰাত গোচৰ দাখিল কৰা হৈছে । সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে । কোন দোষী, তদন্তৰ পিছতহে পোহৰলৈ আহিব । চৰকাৰে এখন তদন্ত সমিতি গঠন কৰিছে, উদ্যোক্তাসকলক লিখিতভাৱে উত্তৰ দিবলৈ কোৱা হৈছে ।"

লগতে পঢ়ক : কলংকিত কলকাতা: ফুটবলৰ চহৰতেই 'ফুটবলৰ ৰাজকুমাৰে' দেখিলে অনুৰাগীৰ ক্ষোভ