ETV Bharat / sports

অৱসৰ নিশ্চিত কৰিছে ছাইনা নেহৱালে; দুবছৰ ধৰি খেলপথাৰৰ পৰা আছিল আঁতৰত

ছাইনা নেহৱালে ২০২৩ চনৰ ছিংগাপুৰ অ’পেনত অন্তিমখন প্ৰতিযোগিতামূলক মেচ খেলিছিল ।

SAINA NEHWAL CONFIRMS RETIREMENT
ছাইনা নেহৱাল (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 3:49 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱালে অৱশেষত অৱসৰ নিশ্চিত কৰিলে ৷ যোৱা দুবছৰ ধৰি খেলৰ পৰা আঁতৰি থকাৰ পিছতো ছাইনাই বেডমিণ্টনৰ পৰা অৱসৰ লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল যদিও এইবাৰ তেওঁ এটা প’ডকাষ্টত কয় যে তেওঁৰ শৰীৰে এই খেলবিধৰ শাৰীৰিক চাহিদা আৰু চম্ভালিব নোৱাৰে ৷

নিউজ এজেন্সী পি টি আইয়ে প্ৰকাশ কৰা অনুসৰি প্ৰাক্তন বিশ্বৰ এক নম্বৰ স্থানৰ ছাইনা নেহৱালে এটা প’ডকাষ্টত কয়, "মই দুবছৰ পূৰ্বে খেলা বন্ধ কৰিছিলো ৷ মই সঁচাকৈয়ে অনুভৱ কৰিছিলো যে মই নিজৰ চৰ্তত এই খেলখনত প্ৰৱেশ কৰিলোঁ আৰু নিজৰ চৰ্তত এৰি দিলোঁ, গতিকে ঘোষণা কৰাৰ প্ৰয়োজন নাছিল ৷ যদি আপুনি আৰু খেলিব নোৱাৰে, তেন্তে সেয়াই হ'ব, সেয়া ঠিকেই আছে ৷" ২০১৫ চনত ছাইনা বিশ্বৰ এক নম্বৰ শ্বাটলাৰ হিচাপে পৰিগণিত হয় ৷

SAINA NEHWAL CONFIRMS RETIREMENT
ছাইনা নেহৱাল (IANS PHOTO)

ছাইনাই লগতে কয় যে আঁঠুৰ বেয়া অৱস্থাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি হাই-ইণ্টেন্সিটি ট্ৰেইনিং কৰিব পৰা নাছিল, আৰু অৱসৰ ঘোষণা কৰাটো ইমান ডাঙৰ কথা বুলিও নাভাবিছিল ৷ "মই মাত্ৰ অনুভৱ কৰিছিলো যে মোৰ সময় শেষ হৈছে কাৰণ মই ইমান জোৰেৰে খেলিব পৰা নাছিলো, মোৰ আঁঠুৱে আগৰ দৰে জোৰ লগাব পৰা নাছিল ৷"

তেওঁ আৰু কয়, "আপুনি পৃথিৱীৰ শ্ৰেষ্ঠ হ'বলৈ দিনটোত আঠৰ পৰা ন ঘণ্টা প্ৰশিক্ষণ লয়, কিন্তু এতিয়া মোৰ আঁঠুটোৱে এঘণ্টা বা দুঘণ্টাৰ ভিতৰতে হাৰ মানিবলৈ ধৰিছিল ৷ ফুলি উঠিব আৰু তাৰ পিছত, জোৰ দিবলৈ বৰ কঠিন হৈ পৰিল ৷ গতিকে মই ভাবিলোঁ যে যথেষ্ট হ'ল ৷ মই আৰু জোৰ দিব নোৱাৰো ৷"

ছাইনা নেহৱালৰ কৃতিত্ব

অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ হৈছে ছাইনা ৷ ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা মহিলা একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা ছাইনাই বিশ্বৰ শীৰ্ষ স্থান লাভ কৰাৰ লগতে ২০১০ আৰু ২০১৮ চনত নতুন দিল্লী আৰু গোল্ড কোষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে ৷ তেওঁ ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰে ৷

লগতে পঢ়ক : এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী জিনছন জনছনৰ অৱসৰ