ETV Bharat / sports

গুৱাহাটীত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ; ঘৰুৱা মাটিত ক্ৰমাগত দ্বিতীয়বাৰ হোৱাইট বাশ্ব

দ্বিতীয় ইনিংছত ভাৰতে ১৪০ ৰাণতে সকলো উইকেট বিসৰ্জন দিয়ে । এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত জয়লাভ কৰে ।

IND SA Guwahati test
গুৱাহাটীত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 3:24 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : যি স্পিনাৰৰ যাদুে ভাৰতৰ সফলতাৰ সম্পদ আৰু যি স্পিন বলৰ বিৰুদ্ধে ভাৰতৰ বেটিং সবলতা, সেই স্পিনাৰেই ভাৰতক ডুবালে গুৱাহাটীত । প্ৰথমে কিৱি, এইবাৰ প্ৰিটোৰিয়া বাহিনীৰ হাতত হোৱাইট ৱাশ্ব । এক কথাত ক'বলৈ গ'লে নিৰ্লজ্জ আত্মসমৰ্পণ ।

নিউজীলেণ্ডৰ বিৰুদ্ধে যেনেদৰে ভাৰতীয় বেটছমেনে টেষ্টমেচৰ অভিধা পাহৰি গৈছিল, একেদৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ মানসিকতা এখন মেচতো দেখা পোৱা নগ'ল । যাৰ ফলত গুৱাহাটীত অন্তিমদিনা মাত্ৰ চাৰে তিনি ঘণ্টাতে ৮টা উইকেটে আত্মসমৰ্পণ কৰে । ইয়াতকৈ হয়তো হতাশাজনক প্ৰদৰ্শন আৰু একো থাকিব নোৱাৰে ।

বিশ্ব ক্ৰিকেটক স্পিনৰ যাদু শিকোৱা ভাৰতীয় স্পিনাৰক ভেঙুচালি কৰি দক্ষিণ আফ্ৰিকাৰ অফ স্পিনাৰ ছাইমন হাৰ্মাৰে ৬টা উইকেট দখল কৰি আয়োজক ভাৰতক ৪০৮ ৰাণৰ বৃহৎ ব্যৱধানত ধৰাশায়ী কৰি গুৱাহাটীত অনুষ্ঠিত শৃংখলাৰ অন্তিম টেষ্টৰ পঞ্চম তথা অন্তিমদিনা জয়লাভ কৰি টেষ্টত অপৰাজেয় টেম্বা বাভুমা বাহিনীয়ে । আনহাতে, এই দ্বিতীয়খন টেষ্টত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই ২-০ ব্যৱধানত শৃংখলা দখল কৰে ।

কলকাতাৰ ইডেন গাৰ্ডেনত প্ৰথমখন টেষ্টত সহজ জয়লাভ কৰিছিল দক্ষিণ আফ্ৰিকাই । আনহাতে, গুৱাহাটীত ৫৪৯ ৰাণৰ লক্ষ্য অনুসৰণ ভাৰতে দ্বিতীয় ইনিংছত মাত্ৰ ১৪০ ৰাণতে সকলোকেইটা উইকেট হেৰুৱায় । ভাৰতীয় বেটিং লাইন আপত ছুনামিৰ সৃষ্টি কৰি ৩৭ ৰাণত ৬ উইকেটৰ ব্যতিক্ৰমী বলিং পৰিসংখ্যাৰে পঞ্চম দিনটো আছিল সম্পূৰ্ণভাৱে হাৰ্মাৰ শ্ব’ । তেওঁ মেচখনত ৯ টা উইকেট দখল কৰে ।

ৰবীন্দ্ৰ জাডেজাৰ (৫৪) যুঁজাৰু ইনিংছ বাদ দি কোনো এজন ভাৰতীয় বেটছমেনেই দক্ষিণ আফ্ৰিকান বলাৰৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে । ঘৰুৱা ক্ষেত্ৰত প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ঋষভ পণ্টৰ বাবে ই এক লজ্জাজনক । লগতে এক অনাকাংক্ষিত অভিলেখ । দুৰ্ভাগ্যক্ৰমে সেই অভিলেখৰ সাক্ষী হ'বলগা হ'ল প্ৰথমবাৰৰ বাবে টেষ্ট খেলপথাৰৰ মানচিত্ৰত অংকিত হোৱা গুৱাহাটী । কিয়নো গুৱাহাটীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪০৮ ৰাণৰ পৰাজয় হৈছে টেষ্টত ভাৰতৰ ৰাণৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱধানত পৰাজয় । আনহাতে, দক্ষিণ আফ্ৰিকাই ২৫ বছৰৰ পাছত ভাৰতৰ মাটিত ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ কৰে ।

আলহী দলটোৱে তিনিওটা বিভাগতে ভাৰতক খেলৰ পৰা বাহিৰ কৰি দি টেষ্ট মেচত সৰ্বাধিক কেছ আয়ত্ত কৰাৰো অভিলেখ গঢ়ে এইডেন মাৰ্ক্ৰামে । মাৰ্ক্ৰামে মেচখনত মুঠ ৯ টা কেছ নিজৰ নামত লিখে । ২০১৫ চনত আজিংক্য ৰাহাণেৰ নামত থকা ৮ টা কেছৰ অভিলেখ তেওঁ ভংগ কৰে ।

চাহ বিৰতিৰ পিছত সাই সুদৰ্শনৰ ১৩৮ বলৰ যুঁজাৰু ইনিংছৰ অন্ত পৰে, যেতিয়া ছেনুৰন মুথুস্বামীয়ে তেওঁক মাৰ্ক্ৰামৰ হাতত কেছ দিবলৈ বাধ্য কৰায় । আনহাতে, ভাৰতে ১৫০ ৰাণতো উপনীত হ’ব নোৱাৰিলে । ইয়াৰ পূৰ্বে অধিনায়ক ঋষভ পণ্টেও পঞ্চমদিনা কোনো প্ৰতিৰোধ বা আক্ৰমণাত্মক শৈলী প্ৰদৰ্শনত ব্যৰ্থ হয় ।

৫৪৯ ৰাণৰ লক্ষ্যত উপনীত হোৱাটো ভাৰতীয় দলৰ বাবে কেতিয়াও সমীকৰণত নাছিল । কিন্তু ভাৰতে চাহ বিৰতিৰ সময়ত ৫ উইকেটত ৯০ ৰাণ কৰিবলৈ যেনেধৰণে সংগ্ৰাম কৰিবলগা হৈছিল, সেয়াই ইংগিত দিছিল যে ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাতকৈ হাৰ্মাৰে এই ট্ৰেকত অধিক নিশ্চিত গতি লাভ কৰিছিল ।

শেহতীয়াকৈ প্ৰদান কৰা ভাৰতীয় ট্ৰেকসমূহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ভাৰতীয় ট্ৰেক আছিল বৰ্ষাপাৰাৰ ট্ৰেক, য’ত সঠিক কৌশল আৰু প্ৰয়োগেৰে বেটছমেনসকলে স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল । আনহাতে, নিজৰ লেংথ জনা পেচাৰসকলে এই পিটচত উত্তম প্ৰদৰ্শন কৰিছিল আৰু ছলনাময়ী স্পিনাৰসকলে আধিপত্য বিস্তাৰ কৰিছিল ।

ঋষভ পণ্টে কেশৱ মহাৰাজৰ বলক ষ্টেণ্ডলৈ মাৰি পঠিয়াইছিল, কিন্তু তেওঁ জানিছিল যে টিকি থকাটো কঠিন । হাৰ্মাৰৰ এটা বলে বাউন্স কৰে আৰু পণ্টে আশ্চৰ্যকৰভাৱে নিজক বচাবলৈ চেষ্টা কৰে । কিন্তু বলটো তেওঁৰ বেটত লাগি মাৰ্ক্ৰামৰ হাতলৈ যায় আৰু কেছ আউট হয় ।

উল্লেখনীয় কথাটো হৈছে যে টেম্বা বাভুমাই অধিনায়ক হিচাপে নিজৰ অপৰাজিত টেষ্ট অভিলেখ অক্ষুণ্ণ ৰাখিছে । দক্ষিণ আফ্ৰিকাই আৰম্ভণিৰে পৰাই মেচখনত আধিপত্য বিস্তাৰ কৰিছিল ।

ঘৰুৱা মাটিত ভাৰতৰ এয়া তৃতীয়টো শৃংখলা য’ত কোনো এজন ভাৰতীয় বেটছমেনে শতক অৰ্জন কৰিব নোৱাৰিলে । আন দুখন শৃংখলা আছিল ১৯৬৯-১৯৭০ চনত নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু ১৯৯৫-১৯৯৬ চনতো নিউজীলেণ্ডৰ বিৰুদ্ধেই । আনহাতে, ২০১৮ চনত জোহান্সবাৰ্গত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৯২ ৰাণৰ পিছত এইটো হৈছে দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়টো বৃহৎ জয় ।

পৰিতাপৰ কথাটো হৈছে যে একেৰাহে দুটা বছৰত ভাৰতক ভাৰতৰ মাটিত হোৱাইট ৱাশ্ব কৰা হ’ল । প্ৰথমে নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু এতিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ।

অন্তিমবাৰ ভাৰতে একেৰাহে দুটা বছৰ ঘৰুৱা ক্ষেত্ৰত দুখন টেষ্ট শৃংখলাত পৰাস্ত হৈছিল চাৰি দশকৰো অধিক পূৰ্বে । সেয়া আছিল ১৯৮৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ১৯৮৪-৮৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ।

লগতে পঢ়ক :সন্মুখত ৰাণৰ পাহাৰ; অন্তিম দিনা জয়ী হ’বলৈ ভাৰতক ৫২২ ৰাণৰ প্ৰয়োজন
লগতে পঢ়ক :ICC T20 World Cup 2026 ৰ সূচী প্ৰকাশ, ৰোহিতৰ কান্ধত ডাঙৰ দায়িত্ব, চাওক টীম ইণ্ডিয়াৰ সম্পূৰ্ণ সূচী