BCCI ৰ নতুন কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত ৩০ পুৰুষ আৰু ২১ মহিলা খেলুৱৈ; ৰোহিত, কোহলীৰ এ+ গ্ৰেড কৰ্তন
বি চি চি আইৰ নতুন কেন্দ্ৰীয় চুক্তি ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বৈধ হ’ব ।

Published : February 10, 2026 at 10:21 AM IST
মুম্বাই : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) সোমবাৰে জ্যেষ্ঠ পুৰুষ আৰু জ্যেষ্ঠ মহিলা খেলুৱৈৰ বাবে নতুন কেন্দ্ৰীয় চুক্তি ঘোষণা কৰে ৷ এই চুক্তিসমূহ ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বৈধ হ’ব ৷
এই নতুন কেন্দ্ৰীয় চুক্তিখনত মাত্ৰ তিনিটা গ্ৰেড (শ্ৰেণী) (এ, বি, আৰু চি) অন্তৰ্ভুক্ত কৰা হৈছে ৷ পূৰ্বে ৰোহিত, কোহলী, বুমৰাহক অন্তৰ্ভুক্ত কৰা এ+ গ্ৰেড কৰ্তন কৰা হৈছে ৷ এই দুগৰাকী তাৰকা ক্ৰিকেটাৰক এতিয়া বি গ্ৰেডলৈ অৱনমিত কৰা হৈছে ৷ আনহাতে এ গ্ৰেডত মাত্ৰ তিনিজন খেলুৱৈক স্থান দিয়া হৈছে, য’ত অধিনায়ক শুভমন গিল, জস্প্ৰিত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।
গ্ৰেড বি
গ্ৰেড বিত ১১ জন খেলুৱৈ আছে ৷ তেওঁলোক ক্ৰমে ৱাশ্বিংটন সুন্দৰ, ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল, মহম্মদ ছিৰাজ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ আৰু শ্ৰেয়াছ আয়েৰ ৷
গ্ৰেড চি
ইয়াৰ উপৰিও ১৬ গৰাকী খেলুৱৈক গ্ৰেড চিত স্থান দিয়া হৈছে ৷ তেওঁলোক হৈছে অক্ষৰ পেটেল, তিলক বাৰ্মা, ৰিংকু সিং, শিৱম ডুবে, সঞ্জু চেমচন, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, ধ্ৰুৱ জুৰেল, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, ছাই সুদৰ্শন, ৰবি বিষ্ণৈ আৰু ৰুতুৰাজ গাইকোৱাদ ৷
🚨 News 🚨
— BCCI (@BCCI) February 9, 2026
BCCI announces Annual Player Retainership for Team India Senior Men and Senior Women for the 2025-26 season#TeamIndia | Details 🔽https://t.co/Rd3pUCPRr9 pic.twitter.com/UNYRThs1kW
মহম্মদ ছামী বাহিৰ, কিষাণক কৰিলে আওকাণ
আউট অৱ ফৰ্ম বেগী বলাৰ মহম্মদ ছামীক এই নতুন চুক্তিৰ পৰা বাদ দিয়া হৈছে ৷ ২০২৫ চনত নিউজীলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলৰ পিছত ছামীয়ে ভাৰতৰ হৈ এখনো আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব পৰা নাই ৷ আনহাতে, টি-২০ বিশ্বকাপৰ দলৰ অংশ হিচাপে থকা ঈশান কিষাণক কেন্দ্ৰীয় চুক্তিৰ কোনো শিতানত অন্তৰ্ভুক্ত নোহোৱাত বি চি চি আইৰ চুক্তি তালিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷
২০২৫-২৬ চনৰ বি চি চি আইৰ কেন্দ্ৰীয় চুক্তিত ডাঙৰ পৰিৱৰ্তন
- ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱনমিত
- শুভমন গিল বি গ্ৰেডৰ পৰা এ গ্ৰেডলৈ উন্নীত
- বুমৰাহ আৰু জাডেজাৰ শীৰ্ষ চুক্তি অক্ষুণ্ণ
- ৱাশ্বিংটন সুন্দৰৰ গ্ৰেড চিৰ পৰা গ্ৰেড বিলৈ উন্নীত
- শ্ৰেয়াছ আয়াৰ পুনৰ গ্ৰেড বিত
- চুক্তিৰ তালিকাৰ পৰা বাদ পৰিল মহম্মদ ছামী
- চুক্তি তালিকাৰ পৰা বাদ পৰা ঈশান কিষাণ
মহিলা ক্ৰিকেটাৰৰ বাবেও চুক্তি ঘোষণা
ইয়াৰ উপৰিও বি চি চিআইয়ে জ্যেষ্ঠ মহিলা খেলুৱৈৰ বাবেও চুক্তি ঘোষণা কৰিছে ৷ হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনা, জেমিমা ৰড্ৰিগেছ আৰু দীপ্তি শৰ্মাক গ্ৰেড এত স্থান দিয়া হৈছে ৷
আনহাতে ৰেণুকা ঠাকুৰ, শ্বেফালী বাৰ্মা, ৰিচা ঘোষ, আৰু স্নেহ ৰাণাক গ্ৰেড বিত স্থান দিয়া হৈছে ৷ ৰাধা যাদৱ, অমনজোৎ কৌৰ, প্ৰতিকা ৰাৱাল, ক্ৰান্তি গৌড়, উমা ছেত্ৰী, অৰুন্ধতী ৰেড্ডী, শ্ৰী চৰণী, যস্তিকা ভাটিয়া, হৰলীন দেউল, কাশৱী গৌতম, জি কমলিনী, বৈষ্ণৱী শৰ্মা আৰু তেজল হাছাবনিছ গ্ৰেড চিৰ চুক্তি দিয়া হৈছে ৷
লগতে পঢ়ক : AI ৰ সৈতে ২৭০ কোটি টকাৰ তিনি বছৰীয়া চুক্তি বি চি চি আইৰ

