টি-২০ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মাৰ: ক’ত কেতিয়া উপভোগ কৰিব পাৰিব প্ৰিয় ক্ৰিকেটাৰৰ খেল
ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাক অচিৰেই অনুৰাগীয়ে দেখিবলৈ পাব টি-২০ ক্ৰিকেটত ৷ অপেক্ষা মাথোঁ কেইটামান দিনৰ ৷

Published : December 4, 2025 at 4:26 PM IST
হায়দৰাবাদ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন ৰোহিত শৰ্মা সম্প্ৰতি ব্যস্ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ এদিনীয়া শৃংখলাত ৷ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা হিটমেনক কেৱল দেখা যায় এদিনীয়া ক্ৰিকেটতহে ৷ ভাৰতৰ হৈ ২০২৭ চনৰ বিশ্বকাপত অংশগ্ৰহণ কৰি দলৰ হাতত বিজয়ী ট্ৰফী তুলি দিয়াটোৱে ক্ৰিকেটাৰগৰাকীৰ বৰ্তমান সময়ত একমাত্ৰ লক্ষ্য ৷
টি-২০ লৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মাৰ
ৰোহিত শৰ্মাৰ অনুৰাগীসকলৰ বাবে আছে এটা ডাঙৰ খবৰ । পুনৰ এবাৰ টি-২০ ক্ৰিকেট খেলিবলৈ সাজু হৈছে ৰোহিত শৰ্মা । সকলোৱে এই খবৰ লাভ কৰাৰ পিছত নিশ্চয়কৈ জানিবলৈ চেষ্টা কৰিব যে ক্ৰিকেটাৰগৰাকীৰ খেল ক’ত, কেনেদৰে উপভোগ কৰিব পাৰিব ৷ আপোনালোকক কওঁ যে অচিৰেই ৰোহিতক ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতাত খেলা দেখিবলৈ পাব ৷
🚨 ROHIT SHARMA IN SMAT. 🚨
— Mufaddal Vohra (@mufaddal_vohra) December 4, 2025
- Rohit wants to play Syed Mushtaq Ali Trophy knockouts for Mumbai. (TOI). pic.twitter.com/yuEgUwXUL6
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ সামৰণিৰ পিছতে ৰোহিতে অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী ট্ৰফীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷
দৰাচলতে বৰ্তমান ভাৰতত চলি আছে ঘৰুৱা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ । মুম্বাইৰ দলটোৱেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । ৰোহিতে মুম্বাইৰ হৈ ঘৰুৱা ক্ৰিকেট খেলে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰোহিত শৰ্মাই মুম্বাই ক্ৰিকেট সন্থাক অনুৰোধ জনাইছে যে তেওঁক চৈয়দ মুস্তাক আলী ট্ৰফীৰ নকআউট মেচত খেলাৰ অনুমতি দিব লাগে ।
বিগত ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ । বৰ্তমান প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ৰ খেল চলি আছে । ১২, ১৪, আৰু ১৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ নকআউট পৰ্যায়ৰ মেচসমূহ । চলিত বৰ্ষত এই প্ৰতিযোগিতা কলকাতা, আহমেদাবাদ, হায়দৰাবাদ আৰু লক্ষ্ণৌত অনুষ্ঠিত হৈছে যদিও নকআউট পৰ্যায়ৰ মেচসমূহ কেৱল ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামতহে অনুষ্ঠিত হ’ব । সেয়ে যদি ৰোহিতে চৈয়দ মুস্তাক আলী ট্ৰফীত খেলাটো সঠিক খবৰ, তেন্তে তেওঁক ইন্দোৰৰ ষ্টেডিয়ামত অনুৰাগীয়ে দেখা পোৱাৰ সম্ভাৱনা আছে ৷
ৰাঁচীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন খেলত ৰোহিত শৰ্মাই ৫৭ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছতে ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত মাত্ৰ ১৪ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে । এই শৃ্ংখলাৰ তৃতীয় আৰু নিৰ্ণায়ক মেচখন ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব । ইতিমধ্যে শৃংখলাটোত ১-১ ত সমতা স্থাপন কৰিছে দুয়োটা দলে । শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই দ্বিতীয়খন খেলত জয়লাভ কৰে ।
লগতে পঢ়ক: ১৫ বছৰীয়া বিৰতিৰ পিছত বিজয় হাজাৰে ট্ৰফীত বিৰাট কোহলীৰ অংশগ্ৰহণ

