চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: এক 'ডিমেৰিট পইণ্ট', মেচ-ফিৰ ২৫ শতাংশ জৰিমনা
অসমৰ ক্ৰীড়া জগতৰ নাক কাটিলে ৰিয়ান পৰাগে । ড্ৰেছিং ৰূমত চিগাৰেট হুপি আইপিএলৰ খেলুৱৈ আৰু দলীয় বিষয়াৰ আচৰণ বিধিৰ পৰ্যায় ১ ভংগ ।

By ANI
Published : April 30, 2026 at 3:29 PM IST
মুম্বাই : অসমৰ ক্ৰীড়া জগতৰ বাবে এক লজ্জাজনক ঘটনা । কেৱল সেয়াই নহয়, ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়তো এই ঘটনাৰ বাবে অসমবাসী লজ্জানত হৈছে । এক কথাত ক'বলৈ গ'লে অসমৰ ক্ৰীড়া জগতৰ নাক কাটিলে ৰিয়ান পৰাগে । ড্ৰেছিং ৰূমত চিগাৰেট হুপি জৰিমনাৰ সন্মুখীন ৰাজস্থান ৰয়েলছৰ অধিনায়কগৰাকী ।
ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ড্ৰেছিং ৰূমৰ ভিতৰত 'ভেপিং' (ই-চিগাৰেট হুপি থকা) কৰি ধৰা পৰাৰ পিছত তেওঁৰ মেচ-ফিৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে । লগতে তেওঁৰ গুৰুত্বপূৰ্ণ খেলুৱৈ জীৱনত 'ডিমেৰিট পইণ্ট' (demerit point) দিয়া হৈছে ।
আইপিএলৰ এক প্ৰেছ বিবৃতিত কোৱা হৈছে, "ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৬ সংস্কৰণৰ ৪০ নং মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে আইপিএলৰ খেলুৱৈ আৰু দলীয় বিষয়াৰ আচৰণ বিধিৰ পৰ্যায় ১ ভংগ কৰাৰ বাবে মেচ-ফিৰ ২৫% জৰিমনা বিহা হৈছে আৰু লগতে এটা 'ডিমেৰিট পইণ্ট' দিয়া হৈছে ।"
"ৰিয়ানে আইপিএলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰা বুলি ধৰা পৰিছে, যিটো 'খেলখনক বদনাম কৰা আচৰণ'ৰ সৈতে জড়িত । দ্বিতীয় ইনিংছৰ সময়ত ৰিয়ানক ড্ৰেছিং ৰূমৰ ভিতৰত ভেপ ব্যৱহাৰ কৰা দেখা গৈছিল ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

আনহাতে, ৰিয়ানে নিজৰ অপৰাধ স্বীকাৰ কৰি মেচ ৰেফাৰী অমিত শৰ্মাই প্ৰদান কৰা শাস্তি মানি লয় । আনহাতে, আইপিএলৰ সুনাম যাতে অক্ষুণ্ণ থাকে তাৰ বাবে ভুল কৰা দল, ইয়াৰ বিষয়া আৰু খেলুৱৈ/খেলুৱৈসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা আৰম্ভ কৰাৰ অন্যান্য বিকল্পৰ সন্ধানো বিচিচিআয়ে কৰি আছে ।
উল্লেখ্য যে আৰআৰে বৰ্তমানলৈ সামগ্ৰিকভাৱে আইপিএলৰ এক সুন্দৰ অভিযান চলাই আছে । ৰিয়ান পৰাগৰ নেতৃত্বাধীন দলটোৱে এতিয়ালৈকে খেলা ৯ খন মেচৰ ভিতৰত ছয়খন মেচত জয়ী হোৱাৰ বিপৰীতে তিনিখন মেচত পৰাস্ত হৈছে । আনহাতে, এতিয়ালৈকে লাভ কৰা ১২ পইণ্টেৰে পিণ্ট তালিকাত চতুৰ্থ স্থান দখল কৰি প্লে-অফৰ বাবে প্ৰবল দাবীদাৰ হৈ আছে ।
অৱশ্যে সুনাম অনুসৰি ৰিয়ানৰ বেটত এইবাৰ ৰাণ অহা নাই । তেওঁ ৯ খন মেচত ১৪.৬২ অতি নিম্ন গড়, ১২৪.৪৬ ষ্ট্ৰাইক ৰেট আৰু সৰ্বোচ্চ স্ক’ৰ ২৯ ৰাণেৰে মাত্ৰ ১১৭ ৰাণহে সংগ্ৰহ কৰিছে ।
এতিয়ালৈকে আৰআৰৰ এই আগ্ৰাসী অভিযানত অপেনিং যুটি বৈভৱ সূৰ্যবংশী (২৩৮ৰ ওপৰৰ ষ্ট্ৰাইক ৰেটত ৯ খন মেচত ৪০০ ৰাণ, এটা শতক আৰু দুটা অৰ্ধশতকৰ সৈতে) আৰু যশস্বী জয়ছোৱালে (১৫৮ৰ ওপৰৰ ষ্ট্ৰাইক ৰেটত ৯ খন মেচত ৩০৬ ৰাণ, তিনিটা অৰ্ধশতকৰ সৈতে) আধিপত্য বিস্তাৰ কৰিছে । আনহাতে, বলিঙত ১৯.৫০ গড়েৰে ১৪ উইকেট দখল কৰি জোফ্ৰা আৰ্চাৰ আৰু ৩২.৭৭ গড়েৰে ৯ উইকেট দখল কৰি নান্দ্ৰে বাৰ্গাৰে বলিং আক্ৰমণ শক্তিশালী কৰিছে ।
আনহাতে, ড’ন'ভান ফেৰেৰায়ো (৬ ইনিংছত গড় ৩৬.৪০ আৰু ১৫৮ৰ ওপৰৰ ষ্ট্ৰাইক ৰেট, ১৮২ ৰাণ, দুটা অৰ্ধশতক) আৰআৰৰ হৈ কিছু শক্তিশালী ফিনিশ্বিং আগবঢ়াইছে । শুকুৰবাৰে ঘৰুৱা মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ ।

