নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ পণ্ট, জুৰেলে পালে সুযোগ
প্ৰথম এদিনীয়াৰ পূৰ্বে অসুস্থ ঋষভ পণ্ট । যাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে ধ্ৰুৱ জুৰেলক ।

Published : January 11, 2026 at 1:47 PM IST
হায়দৰাবাদ : ১১ জানুৱাৰী অৰ্থাৎ আজিৰে পৰা আৰম্ভ হব ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এদিনীয়া শৃংখলা । তাৰ পূৰ্বে বি চি চি আইৰ এক বৃহৎ ঘোষণা । দলৰ পৰা বাহিৰ হ'ল তাৰকা উইকেট-কিপাৰ ঋষভ পণ্ট । ভাৰতৰ প্রাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বত ৰাষ্ট্রীয় বাছনি সমিতিয়ে পণ্টৰ সলনি দলত স্থান দিছে ধ্ৰুৱ জুৰেলক ।
তিনিখনীয়া শৃংখলাৰ প্ৰথমখন খেল বাডোদৰাৰ বৰোদা ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু এই স্থানত প্ৰথমবাৰৰ বাবে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ'ব । বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমৰ বিবৃতিত কয় যে শনিবাৰে বিয়লি বিচিএ ষ্টেডিয়ামত ভাৰতৰ অনুশীলনৰ সময়ত নেটত বেটিং কৰি থকা অৱস্থাত উইকেট-কিপাৰ ঋষভ পণ্টে পেটৰ সোঁফালে হঠাতে অস্বস্তি অনুভৱ কৰে ।
তেওঁ কয়, "তেওঁক তাৎক্ষণিকভাৱে এম আৰ আই স্কেনৰ বাবে লৈ যোৱা হয় আৰু বি চি চি আই মেডিকেল দলে তেওঁৰ ক্লিনিকেল আৰু ৰেডিঅ'লজিকেল তথ্যৰ ওপৰত এজন বিশেষজ্ঞৰ সৈতে বিশদ আলোচনা কৰে । পণ্টক চাইড ষ্ট্ৰেইন (অব্লিক মাছল টিয়াৰ) ধৰা পৰিছে আৰু তাৰ পিছত তেওঁক এদিনীয়া শৃংখলাৰ পৰা বাদ দিয়া হয় ।"
যাৰ বাবে পুৰুষৰ বাছনি সমিতিয়ে পণ্টৰ সলনি ধ্ৰুৱ জুৰেলক বাছনি কৰিছে আৰু জুৰেলে দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে । বিজয় হাজাৰে ট্ৰফীত উত্তৰ প্ৰদেশ দলক নেতৃত্ব দিয়া জুৰেলে ৭ খন খেলত গড়ে ৯০ৰ ওপৰত ৫৫৮ ৰাণ সংগ্ৰহ কৰি ৰাজ্যখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । বিজয় হাজাৰে ট্ৰফী ২০২৫-২৬ত ৭ ইনিংছত দুটা শতকৰ লগতে ৪ টা অৰ্ধশতকো কৰিছে ।
এতিয়া পণ্টে কেইবাদিনো জিৰণি ল'ব লাগিব আৰু তাৰ পিছত বেংগালুৰুৰ বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ'ই)ত অধিক মূল্যায়ন আৰু পুনৰ্বাসনৰ বাবে ৰিপ'ৰ্ট কৰাৰ সম্ভাৱনা আছে । বেংগালুৰুত অনুষ্ঠিত ২০২৫/২৬ বিজয় হাজাৰে ট্ৰফী (ভিএইচটি) লীগ পৰ্যায়ত দিল্লীক নেতৃত্ব দি এদিনীয়া শৃংখলালৈ আহিছিল পণ্ট । দিল্লীয়ে নকআউটত প্ৰৱেশ কৰাৰ সময়তে ক্ৰমে চাৰ্ভিচেছ আৰু ৰে'লৱেৰ বিৰুদ্ধে দুটা অৰ্ধশতক অৰ্জন কৰে পণ্টে ।
মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টত সোঁ ভৰিৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছিল পণ্ট । যোৱা বছৰৰ নৱেম্বৰ মাহত ঘৰুৱা খেলপথাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে পুনৰ খেলপথাৰলৈ উভতি আহিছিল পণ্ট । কিন্তু পুনৰ দলৰ পৰা বাহিৰ হ'ল খেলুৱৈগৰাকী । যাৰ বাবে পণ্টৰ অনুৰাগীৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা গৈছে ।
ভাৰতৰ এদিনীয়া দল : শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেট-কিপাৰ), শ্ৰেয়স আয়াৰ (উপ অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, অৰ্শদ্বীপ সিং, যশস্বী জয়ছৱাল, ধ্ৰুৱ জুৰেল (উইকেট-কিপাৰ)।
লগতে পঢ়ক :ডব্লিউ পি এল ২০২৬: জয়েৰে অভিযান আৰম্ভ বৰ্তমানৰ চেম্পিয়ন মান্ধানাৰ আৰ চি বিৰ

