ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বেটছমেনক দিশহাৰা কৰিবলৈ আহি আছে ঋষভ পন্ত

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাটোৰ বাবে দললৈ উভতিবলৈ সাজু হৈছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ।

Rishabh Pant
বেটছমেন ঋষভ পন্ত (IANS)
author img

By ETV Bharat Assamese Team

Published : November 5, 2025 at 9:03 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা, উইকেটকীপাৰ বেটছমেন ঋষভ পন্তক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা দুখন মেচৰ ঘৰুৱা টেষ্ট শৃংখলাটোত দলত দেখা যাব ৷ ভৰিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা ক্ৰিকেটাৰগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ পুনৰ এবাৰ প্ৰত্যাৱৰ্তন ঘটোৱাতো নিশ্চিত হৈ পৰিছে ৷

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ সময়ত পন্তে ভৰিত আঘাত পোৱাৰ বাবে এছিয়া কাপ ২০২৫ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ পৰাও বাহিৰ হৈছিল ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাত জয়লাভ কৰিছিল ভাৰতে ।

ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বত গঠিত জ্যেষ্ঠ বাছনি সমিতিখনে দক্ষিণ আফ্ৰিকা এ-ৰ বিৰুদ্ধে চাৰিদিনীয়া দুখন খেলৰ বাবে ইণ্ডিয়া এ দলত পন্তক অন্তৰ্ভুক্ত কৰে ৷ ২২ নৱেম্বৰৰ পৰা অসম ক্ৰিকেট সন্থাৰ অধীনত গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । বুধবাৰে সন্ধিয়া বি চি চি আইয়ে ঘোষণা কৰে দলটো, য’ত পন্তক দলৰ সহ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ৷

অপেনাৰ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলৰ ওপৰত নিৰ্বাচকসকলে নিজৰ বিশ্বাস অব্যাহত ৰাখিছে । দলটোৰ পেচ বলিং বিভাগৰ মুখ্য দায়িত্ব দিয়া হৈছে যশপ্ৰীত বুমৰাহক, যাৰ সৈতে থাকিব মহম্মদ ছিৰাজ আৰু আকাশদীপ । নিৰ্বাচকসকলে পুনৰবাৰ দলত স্থান দিয়াৰ পৰা বঞ্চিত কৰিলে পেচাৰ মহম্মদ ছামীক ৷

আনহাতে, স্পিন এটেকৰ দায়িত্ব দিয়া হৈছে প্ৰবীণ ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱক । শুভমন গিলৰ নেতৃত্বাধীন ১৫ জনীয়া দলটোত অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীকো অন্তৰ্ভুক্ত কৰা হৈছে ।

দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে ৰাজকোটত অনুষ্ঠিত হ’বলগীয়া তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবেও বাছনি সমিতিয়ে ইণ্ডিয়া এৰ দল ঘোষণা কৰে ৷

ইণ্ডিয়া এ দলৰ নেতৃত্বত থাকিব বেটছমেন তিলক বাৰ্মা । অপেনাৰ ৰুতুৰাজ গাইকোৱাড়ক দিয়া হৈছে দলৰ সহ-অধিনায়কৰ দায়িত্ব ৷ ঈশান কিষাণক উইকেটকীপাৰ হিচাপে দলত স্থান দিয়াৰ বিপৰীতে দ্বিতীয় ষ্টাম্পাৰ হিচাপে থাকিব প্ৰভসিমৰণ সিং ৷

প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণা আৰু খলিল আহমেদৰ নেতৃত্বত থাকিব পেচ বিভাগ । নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকা এৰ তিনিখন খেলৰ শৃংখলাটো ।

ভাৰতৰ টেষ্ট দলটো

শুভমন গিল(অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ তথা সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পডিক্কাল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছিৰাজ, কুলদীপ যাদৱ আৰু আকাশদীপ

এদিনীয়াৰ বাবে ইণ্ডিয়া এৰ দলটো

তিলক বাৰ্মা(অধিনায়ক), ৰুতুৰাজ গাইকোৱাড়(সহ-অধিনায়ক), অভিষেক শৰ্মা, ৰিয়ান পৰাগ, ঈশান কিষাণ(উইকেটকীপাৰ), আয়ুষ বডোনি, নিশান্ত সিন্ধু, বিপ্ৰজ নিগম, মানৱ সুথাৰ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ আৰু প্ৰভসিমৰণ সিং(উইকেটকীপাৰ)

লগতে পঢ়ক: ৩৭ সংখ্যক জন্মদিনত চাওঁ আহক কোহলীৰ ৩৭ টা বিশেষ অভিলেখ