ETV Bharat / sports

ছুপাৰ ৮ত পৰৱৰ্তী সংঘৰ্ষৰ পূৰ্বে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ৰিংকু সিঙৰ; মূল একাদশত পাবনে স্থান ?

টি-২০ বিশ্বকাপৰ মাজভাগত শিবিৰ ত্যাগ কৰি ঘৰলৈ যোৱা ৰিংকু সিঙে অতি সোনকালে দলত যোগদান কৰিব ।

T20 WORLD CUP 2026
ছুপাৰ ৮ত পৰৱৰ্তী সংঘৰ্ষৰ পূৰ্বে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ৰিংকু সিঙৰ (AP)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 7:51 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন ৰিংকু সিঙে পুনৰ দলত যোগদান কৰিবলৈ সাজু হৈছে । গুৰুত্বপূৰ্ণ ছুপাৰ ৮ মেচৰ পূৰ্বে বেটিং প্ৰশিক্ষক শীতংছু কোটাকে এখন সংবাদমেলত ঘোষণা কৰে যে মঙলবাৰে পাৰিবাৰিক জৰুৰী অৱস্থাৰ বাবে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে শিবিৰ এৰি ঘৰলৈ যোৱা ৰিংকুৱে বুধবাৰে সন্ধিয়া ভাৰতীয় দলত যোগদান কৰাৰ সম্ভাৱনা ।

ৰিংকু সিঙৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি

ৰিংকু সিঙে পিতৃ কাঞ্চনচন্দ সিং গুৰুতৰভাৱে অসুস্থ হৈ পৰাত মঙলবাৰে উত্তৰ প্ৰদেশৰ নিজৰ ঘৰলৈ ৰাওনা হয় । গ্ৰেটাৰ নয়দাৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল । যাৰবাবে তেওঁ জৰুৰীকালীনভাৱে আধাতে বিশ্বকাপ এৰিবলগীয়া হৈছিল ।

ভাৰতে বৃহস্পতিবাৰে চেন্নাইত জিম্বাবুৱেৰ বিৰুদ্ধে ছুপাৰ ৮ ত মুখামুখি হ’ব । এই মেচখনত ৰিংকু সিং অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে । ছেমি ফাইনেলৰ দৌৰত থাকিবলৈ দুয়োটা দলে এই মেচত জয়লাভ কৰিব লাগিব ।

ৰিংকুৰ প্ৰদৰ্শন

এই বিশ্বকাপত ৰিংকু সিঙৰ প্ৰদৰ্শন তেওঁৰ ক্ষমতা থকাৰ দৰে আকৰ্ষণীয় হোৱা নাই । এই পৰ্যন্ত তেওঁ ৫ খন মেচ খেলিছে যদিও এতিয়াও ডাঙৰ ইনিংছ খেলিব পৰা নাই । পাঁচখন মেচত মাত্ৰ ২৪ ৰাণহে কৰিবলৈ সক্ষম হৈছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেষৰখন গুৰুত্বপূৰ্ণ মেচত তেওঁক কোনো ৰাণ নকৰাকৈ আউট হৈছিল ।

ভাৰতৰ ছুপাৰ ৮ মেচ

প্ৰথমখন ছুপাৰ ৮ মেচত ভাৰতে দক্ষিণ আফ্ৰিকাৰ হাতত ৭৬ ৰাণত পৰাস্ত হয় । দক্ষিণ আফ্ৰিকাৰ ১৮৭ ৰাণৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১১১ ৰাণত অল আউট হয় । ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এতিয়া ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ আশা জীয়াই ৰাখিবলৈ বাকী থকা ছুপাৰ ৮ৰ বাকী দুয়োখন মেচতে জয়লাভ কৰিব লাগিব । ভাৰতৰ পৰৱৰ্তী মেচ ২৬ ফেব্ৰুৱাৰীত জিম্বাবুৱেৰ বিৰুদ্ধে, ১ মাৰ্চত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক : ভাৰতৰ বিজয় ৰথ ৰোধিলে দক্ষিণ আফ্ৰিকাই, আহমেদাবাদত ৭৬ ৰাণত কৰিলে পৰাস্ত

টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ত জিম্বাবুৱেক ১০৭ ৰাণত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ

টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ত ইংলেণ্ডৰ আকৰ্ষণীয় জয়, ৫১ ৰাণত পৰাস্ত শ্ৰীলংকা