ETV Bharat / sports

মহিলা হকী ইণ্ডিয়া লীগ; ৰাঁচী ৰয়েলছৰ হাতত পৰাস্ত জে এছ ডব্লিউ চুৰমা

ৰাঁচীত চলি থকা মহিলা হকী ইণ্ডিয়া লীগ তীব্ৰ উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ হৈ পৰিছে ।

Womens Hockey India League
গ'ল কৰাৰ পিছত ৰাঁচী ৰয়েলছৰ খেলুৱৈৰ উল্লাস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 3, 2026 at 9:59 AM IST

3 Min Read
Choose ETV Bharat

ৰাঁচী : মহিলা হকী ইণ্ডিয়া লীগ ২০২৫-২৬ৰ এখন মেচত শুকুৰবাৰে ৰাঁচী ৰয়েলছে সুন্দৰ খেল প্ৰদৰ্শন কৰি জে এছ ডব্লিউ চুৰমা হকী ক্লাবক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে । ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা এষ্ট্ৰো টাৰ্ফ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৰাঁচা ৰয়েলছৰ হৈ ৰুতুজা দাদাসো পিছাল আৰু সাক্ষা ৰাণাই এটাকৈ গ'ল কৰি দলক গুৰুত্বপূৰ্ণ বিজয় প্ৰদান কৰে ।

মেচখনৰ আৰম্ভণি দুয়োটা দলৰ বাবে ভাৰসাম্যপূৰ্ণ আছিল । প্ৰথম কোৱাৰ্টাৰত দুয়োটা দলৰ ৰক্ষণ বিভাগ শক্তিশালী দৃষ্টিগোচৰ হয় । যাৰ বাবে কোনো এটা দলেই গ'ল কৰাৰ সুবিধা গ্ৰহণ কৰিব পৰা নাছিল । আৰম্ভণিতে ৰাঁচী ৰয়েলছৰ বল অধিক নিয়ন্ত্ৰণত ৰাখে । কিন্তু জে এছ ডব্লিউ হকী ক্লাবে আক্ৰমণাত্মক দৃষ্টিভংগীৰে প্ৰথম ১৫ মিনিটতে ১০ টাকৈ আক্ৰমণৰ কৌশল ৰচে । ১২ মিনটত চুৰমাই প্ৰথমটো পেনাল্টি কৰ্ণাৰ লাভ কৰে । কিন্তু ইয়াক গ'ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয় ।

দ্বিতীয় কোৱাৰ্টাৰত প্ৰতিদ্বন্দ্বিতা আৰু অধিক ৰোমাঞ্চকৰ হৈ উঠে । ১৮ মিনিটত ৰুতুজা পিছালৰ এটা শ্বট গ'লৰক্ষক সবিতাই প্ৰতিহত কৰে । ২৫ মিনিটত ৰাঁচীৰ ইশিকাই ফাউল কৰাত জে এছ ডব্লিউ চুৰমাই এক পেনাল্টী ষ্ট্ৰোক লাভ কৰে । কিন্তু ৰাঁচীৰ গ'লৰক্ষক মাধুৰী কিণ্ডোৱে সুন্দৰভাৱে ইয়াক ৰক্ষা কৰি পেনী স্ক্ৰিবৰ প্ৰচেষ্টা বিফল কৰে ।

ইয়াৰ ঠিক পিছতে লাভ কৰা পেনাল্টি কৰ্ণাৰতো সুৰমাই গ'ল কৰাত অসমৰ্থ হয় । প্ৰথম অৰ্ধৰ অন্তিম সময়ত ৰাঁচী ৰয়েলছে সফতা লাভ কৰে । মিডফিল্ডৰ পৰা আগ'ষ্টিনা এলোচিৰ এক সুন্দৰ পাছত ৰুতুজা পিছালে সুন্দৰ কৌশলেৰে বল নেটত প্ৰৱেশ কৰাই জলক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে ।

তৃতীয় কোৱাৰ্টাৰত জে এছ ডব্লিউ চুৰমাই সমতা স্থাপনৰ তীব্ৰ প্ৰচেষ্টা চলায় । অলিভিয়া ছেননৰ এক শক্তিশালী বেকহেণ্ড শ্বট ৰাঁচীৰ গ'লৰক্ষক বিচু দেৱীয়ে সুন্দৰভাৱে প্ৰতিহত কৰে । আনহাতে, তাৰ পিছত ৰাঁচীৰ মাৰিয়া আৰ্টিঞ্জৰ এটা শক্তিশালী শ্বট গ'লপোষ্টত খুন্দা মাৰি বল বাহিৰলৈ যায় ।

৫৪ মিনিটত ৰাঁচী ৰয়েলছে নিজৰ অগ্ৰগতি বৃদ্ধি কৰে । সাক্ষী ৰাণাই এটা সুন্দৰ শ্বটেৰে বল গ'লপোষ্টৰ ওপৰৰ সোঁকাষেৰে নেটত প্ৰৱেশ কৰায় । অন্তিম মিনিটত জে এছ ডব্লিউ চুৰমাই লাভ কৰা পেনাল্টি কৰ্ণাৰ বিচু দেৱীয়ে সুন্দৰভাৱে প্ৰতিহত কৰি দলৰ ২-০ অগ্ৰগতি অক্ষুণ্ণ ৰাখে ।

এই জয়েৰে ৰাঁচী ৰয়েলছে টুৰ্ণামেণ্টখনত নিজৰ স্থিতি সুদৃঢ় কৰে । ইয়াৰ বিপৰীতে জে এছ ডব্লিউ চুৰমা হকী ক্লাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়ো পৰাজয়ৰ সন্মুখীন হ'বলগা হয় ।

লগতে পঢ়ক :শ্বিয়ৰ্ড মেৰিজিনে ভাৰতীয় মহিলা হকী দলৰ নতুন মুখ্য প্ৰশিক্ষক
লগতে পঢ়ক :টি-২০ বিশ্বকাপৰ পৰা ফিফা বিশ্বকাপ; ২০২৬ বৰ্ষত কি কি মেগা ক্ৰীড়া ইভেণ্ট আছে