ETV Bharat / sports

ভাৰত-পাকিস্তানৰ খেল : আই চি চিয়ে যি ক’ব সেয়াই মানি ল'ব বি চি চি আয়ে

১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ক্ষেত্ৰত পাকিস্তানে স্পষ্ট স্থিতি গ্ৰহণ কৰিছে । মুঠৰ ওপৰত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সৈমান নহয় পাকিস্তান ৷

IND PAK T20 WC MATCH
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লা (ANI)
author img

By ANI

Published : February 5, 2026 at 6:41 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: আই চি চি টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে নেখেলাৰ স্থিতি পুনৰাবৃত্তি কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দিয়া বক্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লাই ৷ শুক্লাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সিদ্ধান্ত মানি চলিব বুলি জানিবলৈ দিয়ে ।

শুক্লাই এ এন আইক কয়, ‘‘এই সন্দৰ্ভত(শ্বাহবাজৰ প্ৰতিক্ৰিয়া) বি চি চি আইৰ একো ক'বলগীয়া নাই । এই সন্দৰ্ভত আই চি চিৰ সিদ্ধান্ত আৰু আই চি চিয়ে যিয়েই ক'ব, আমি সেইটোৱেই কৰিম… ৷’’

ড’নে প্ৰকাশ কৰা বাতৰি অনুসৰি, বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ খেলখন বৰ্জনৰ সিদ্ধান্তক পুনৰবাৰ সদৰী কৰি কয় যে ১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ক্ষেত্ৰত দেশখনে স্পষ্ট স্থিতি গ্ৰহণ কৰিছে ।

ইছলামাবাদত ফেডাৰেল কেবিনেটক সম্বোধন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘টি-২০ বিশ্বকাপৰ ক্ষেত্ৰত আমি স্পষ্ট স্থিতি গ্ৰহণ কৰিছো ৷ আমি ভাৰতৰ বিৰুদ্ধে মেচ খেলিব নোৱাৰো ।’’ শ্বৰীফে লগতে কয় যে তেওঁলোকে একাধিক বিবেচনাৰ অন্তত ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আৰু ন্যায্য সিদ্ধান্তৰ দাবী উত্থাপন কৰিছে । ক্ৰীড়াত কোনো ৰাজনীতি হ’ব নালাগে বুলি উল্লেখ কৰি তেওঁ ইয়াক ন্যায্য সিদ্ধান্ত বুলি অভিহিত কৰি লগতে কয়, ‘‘আমি বহু বিবেচনাৰ অন্তত এই স্থিতি গ্ৰহণ কৰিছো ।’’

দেখা গৈছে যে, মুঠৰ ওপৰত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সৈমান নহয় পাকিস্তান ৷ গতিকে এইক্ষেত্ৰত আই চি চিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত পৰিলক্ষিত হ’ব ৷

লগতে পঢ়ক: তিনিবাৰ স্বপ্নভংগ হোৱাৰ পিছত এইবাৰ বাস্তৱায়িত হ’বনে দিল্লীৰ সপোন ! আজি WPL খিতাপৰ যুঁজ