ETV Bharat / sports

বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ: ভাৰতীয় দলক নেতৃত্ব দিব সিন্ধুৱে, অসমকন্যা ঈশাৰাণীও আছে ৰিজাৰ্ভত

বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৬ৰ বাবে ঘোষণা কৰা ভাৰতীয় দলৰ ৰিজাৰ্ভৰ খেলুৱৈৰ তালিকাত আছে অসমৰ উদীয়মান শ্বাটলাৰ ঈশাৰাণী বৰুৱা ।

BWF World Championships 2026
পি ভি সিন্ধু আৰু ঈশাৰাণী বৰুৱা (ANI)
author img

By ANI

Published : June 12, 2026 at 7:23 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক ডাঙৰ খবৰ । বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৬ৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত অসমৰ উদীয়মান শ্বাটলাৰ ঈশাৰাণী বৰুৱাই স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

১৭ আগষ্টৰ পৰা ২৩ আগষ্টলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ বাবে প্ৰকাশ কৰা ভাৰতৰ ৰিজাৰ্ভ খেলুৱৈৰ তালিকাত ইশাৰাণীৰ নাম অন্তৰ্ভুক্ত হৈছে । বিশ্ব বেডমিণ্টনৰ অতি সন্মানীয় প্ৰতিযোগিতা হিচাপে জনাজাত এই বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপত মূল দলত স্থান নাপালেও ৰিজাৰ্ভ তালিকাত অসমকন্যাৰ অন্তৰ্ভুক্তি ৰাজ্যখনৰ বাবে বিশেষ সাফল্য হিচাপে বিবেচিত হৈছে ।

অলিম্পিক ডট কমৰ তথ্য অনুসৰি ১৭ আগষ্টৰ পৰা ২৩ আগষ্টলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৬ত দুবাৰৰ অলিম্পিক পদক বিজয়ী তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে ১০ জনীয়া ভাৰতীয় দলক নেতৃত্ব দিব ।

P V Sindhu
পি ভি সিন্ধু (ANI)

২০১৯ চনত বিশ্ব বেডমিণ্টন খিতাপ দখল কৰাৰ লগতে ২০১৭ আৰু ২০১৮ চনত ৰূপৰ পদক লাভ কৰা সিন্ধুৱে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্বনৰ অৰ্হতাৰ নিয়মৰ অধীনত ভাৰতৰ মহিলা একক শাখাত স্থান লাভ কৰিছে । ২৮ এপ্ৰিললৈকে বিশ্ব ৰেংকিঙৰ ভিত্তিত প্ৰস্তুত কৰা চূড়ান্ত তালিকাখনত পুৰুষ আৰু মহিলাৰ একক শাখাত ৬৪ গৰাকীকৈ খেলুৱৈ আৰু প্ৰতিটো ডাবলছ শাখাত ৪৮ গৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে ।

ভাৰতে প্ৰতিটো শাখাতে দুগৰাকীকৈ প্ৰত্যক্ষভাৱে যোগ্যতা অৰ্জন কৰা খেলুৱৈক সুযোগ দিব । পুৰুষৰ একক শাখাত লক্ষ্য সেন আৰু আয়ুষ শেট্টীয়ে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে মহিলাৰ একক শাখাত সিন্ধুৰ লগত থাকিব উদীয়মান উন্নতি হুদা । ভাৰতৰ পৰা শীৰ্ষ স্থানত প্ৰৱেশ কৰিছে পুৰুষৰ ডাবলছ যুটি সাতৱিক সাইৰাজ ৰেংকিৰেড্ডী আৰু ছিৰাগ শ্বেট্টীয়ে । এই যুটিয়ে সামগ্ৰিকভাৱে চতুৰ্থ স্থানত যোগ্যতা অৰ্জন কৰিছে । হৰিহৰণ আমছাকৰুণন আৰু এম আৰ অৰ্জুনে পুৰুষ ডাবলছৰ দ্বিতীয় স্থান দখল কৰিছে ।

মহিলাৰ ডাবলছত কবিপ্ৰিয়া ছেলভাম আৰু ছিমৰণ সিংঘীৰ সৈতে ভাৰতৰ প্ৰত্যাহ্বানত আগবাঢ়ি আছে ৩০ নম্বৰ স্থানত থকা ট্ৰিছা জলী আৰু গায়ত্ৰী গোপিচাণ্ড । মিক্সড ডাবলছত ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাষ্টোৱে ২১ নম্বৰ স্থানত যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে ৰোহন কাপুৰ আৰু ৰুথ্বিকা শিবানী গাড্ডে দ্বিতীয় ভাৰতীয় স্থান দখল কৰে । বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী কিদাম্বী শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়কে ধৰি কেইবাগৰাকীও ভাৰতীয় শ্বাটলাৰ ৰিজাৰ্ভ তালিকাত স্থান লাভ কৰিছে ।

বিডব্লিউএফয়ে নিশ্চিত কৰিছে যে পাঁচোটা ইভেণ্টতে ডিফেণ্ডিং চেম্পিয়নে অংশগ্ৰহণ কৰিব । চীনৰ শ্বি ইউ কি (পুৰুষৰ একক), কোৰিয়াৰ কিম ৱন হো আৰু ছিও চেউং জে (পুৰুষৰ ডাবলছ), চীনৰ লিউ শ্বেং শ্বু আৰু টান নিং (মহিলাৰ ডাবলছ), জাপানৰ ইয়ামাগুচি (মহিলাৰ একক) আৰু মালয়েছিয়াৰ চেন টাং জি আৰু আকান ই ৱেই (মিক্সড ডাবলছ) আদিয়ে শীৰ্ষ ৰেংকিঙৰ প্ৰৱেশকাৰী হিচাপে যোগ্যতা অৰ্জন কৰিছে ।

বিডব্লিউএফৰ নিয়ম অনুসৰি সদস্য সংস্থাসমূহে যোগ্যতাৰ তাৰিখত যদি সকলোৱে বিশ্বৰ শীৰ্ষ আঠটাৰ ভিতৰত স্থান লাভ কৰে তেন্তে চাৰিজন খেলুৱৈ বা যোৰলৈকে প্ৰৱেশ কৰিব পাৰে, যদিহে শীৰ্ষ ২৪ ৰ ভিতৰত আছে তেন্তে তিনিজন আৰু শীৰ্ষ ১৫০ ৰ ভিতৰত যদি দুটা স্থান লাভ কৰিব পাৰে। চেম্পিয়নশ্বিপ আৰম্ভ হোৱাৰ ওচৰতে ঘোষণা কৰা হ’ব টুৰ্ণামেণ্টৰ ড্ৰ'।

বিডব্লিউএফৰ নিয়ম অনুসৰি সদস্য সংস্থাসমূহে সৰ্বাধিক ৪ গৰাকী খেলুৱৈ বা যুটি পঠিয়াব পাৰে যদিহে তেওঁলোকে বিশ্বৰ শীৰ্ষ আঠটাৰ ভিতৰত স্থান লাভ কৰে; শীৰ্ষ ২৪ ৰ ভিতৰত স্থান পালে তিনিটা আৰু যোগ্যতাৰ দিনলৈকে শীৰ্ষ ১৫০ৰ ভিতৰত স্থান পালে দুগৰাকী খেলুৱৈ বা যুটি পঠিয়াব পাৰে । চেম্পিয়নশ্বিপ আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে টুৰ্ণামেণ্টৰ ড্ৰ' ঘোষণা কৰা হ'ব ।

বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৬ৰ ভাৰতীয় স্কোৱাড-

পুৰুষৰ একক শাখা : লক্ষ্য সেন, আয়ুষ শেট্টী

মহিলাৰ একক শাখা : পি ভি সিন্ধু, উন্নতি হুডা

পুৰুষৰ ডাবলছ : সাতৱিক সাইৰাজ ৰেংকিৰেড্ডী/ছিৰাগ শেট্টী, হৰিহৰণ আমছাকৰুণন / এম আৰ অৰ্জুন

মহিলা ডাবলছ : ট্ৰিছা জলী / গায়ত্ৰী গোপিচান্দ পুল্লেলা, কবিপ্ৰিয়া ছেলভাম / ছিমৰণ সিংঘী

মিক্সড ডাবলছ : ধ্ৰুৱ কপিলা / তানিশা ক্ৰাষ্টো, ৰোহন কাপুৰ / ৰুথ্বিকা শিবানী গাড্ডে

ৰিজাৰ্ভ খেলুৱৈ :

পুৰুষৰ একক শাখা : কিদাম্বী শ্ৰীকান্ত, এইচ এছ প্ৰণয়, থাৰুণ মন্নেপল্লী, কিৰণ জৰ্জ, মিথুন মঞ্জুনাথ

মহিলাৰ একক শাখা : তনভি শৰ্মা, ঈশাৰাণী বৰুৱা, দেৱীকা ছিহাগ, ৰক্ষিতা শ্ৰী ৰামৰাজ, আনমোল খাৰব, অনুপমা উপাধ্যায়, মালবিকা বানসোদ, তনয়া হেমন্ত, তছনিম মিৰ, শ্ৰিয়ানশী ৱালিশ্বেট্টী

মহিলাৰ ডাবলছ : প্ৰিয়া কনজেংবাম/শ্ৰুতি মিশ্ৰ, অশ্বিনী ভাট কে/শিখা গৌতম, ৰুতপৰ্ণা পাণ্ডা/স্বেতাপৰ্ণ পাণ্ডা

মিক্সড ডাবলছ : আশীত সূৰ্য/অমৰুতা প্ৰমুথেশ, ধ্ৰুৱ ৰাৱত/মনীশা কে, মোহিত জাগলান/লক্ষিতা জাগলান

লগতে পঢ়ক :

লাভলীনাৰ খোজত খোজ দি বিশ্বজয়ৰ লক্ষ্যৰে আগবাঢ়িছে নগাঁৱৰ আস্থা