ETV Bharat / sports

সিন্ধুৰ হাতত পৰাজিত অসমৰ ঈশাৰাণী: অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পিভি সিন্ধু-তনভী শৰ্মাৰ

বৃহস্পতিবাৰে ছিডনীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত প্ৰতিপক্ষক ধৰাশায়ী কৰি শ্বাটলাৰ দুগৰাকীয়ে এই যোগ্যতা অৰ্জন কৰে ৷

Australian Open 2026
ভাৰতীয় শ্বাটলাৰ তনভী শৰ্মা (ANI)
author img

By ANI

Published : June 11, 2026 at 7:36 PM IST

2 Min Read
Choose ETV Bharat

ছিডনী: দুবাৰৰ অলিম্পিক পদক বিজয়ী ভাৰতীয় শ্বাটলাৰ পিভি সিন্ধু আৰু তনভী শৰ্মাৰ অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ৷ বৃহস্পতিবাৰে ছিডনীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত প্ৰতিপক্ষক ধৰাশায়ী কৰি শ্বাটলাৰ দুগৰাকীয়ে এই যোগ্যতা অৰ্জন কৰে ৷

বিশ্বৰ শীৰ্ষ দহৰ খেলুৱৈ পিভি সিন্ধুৱে প্ৰতিপক্ষৰ খেলুৱৈ ঈশাৰাণী বৰুৱাক ২২-২০, ২১-১২ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ এই খেলখন ৪২ মিনিট ধৰি চলিছিল ৷ অসমৰ ২২ বছৰীয়া ঈশাৰাণী বৰুৱা হৈছে বেডমিণ্টনৰ ক্ষেত্ৰখনৰ এক তীব্ৰ সম্ভাৱনাময় প্ৰতিভা ৷

অলিম্পিক ডট কমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈগৰাকীয়ে এই খেলখনৰ প্ৰথমটো ছেটত কঠোৰ যুঁজ দি টাই ব্ৰেকত জয়লাভ কৰে ৷ দ্বিতীয়টো ছেটত সিন্ধুৱে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰি অন্তিম আঠত নিজৰ স্থান নিশ্চিত কৰে ।

চলিত বৰ্ষৰ আৰম্ভণিতে মালয়েছিয়া অ’পেনত বিস্ফোৰক প্ৰদৰ্শন দাঙি ধৰা সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চেন ছু-ইউৰ মুখামুখি হ’ব ৷ ছিজনৰ দ্বিতীয়খন ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লক্ষ্যৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে ক’ৰ্টত নামিব ।

আনহাতে, প্ৰতিযোগিতাখনৰ আন এখন খেলত ১৭ বছৰীয়া তনভী শৰ্মাই জ্যেষ্ঠ খেলুৱৈ মালবিকা বনছ’দক ২১-১৩, ২১-১৫ ছেটত পৰাস্ত কৰি প্ৰতিযোগিতাখনত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখে ।

শান্তভাৱে আৰু আত্মবিশ্বাসৰে খেল প্ৰদৰ্শন কৰি কিশোৰী শ্বাটলাৰগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে । চলিত ছিজনত কোনো প্ৰতিযোগিতাৰ অন্তিম আঠত দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰা তনভী আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অধিক শক্তিশালী হৈ উঠা দেখা গৈছে ।

ইফালে বিডব্লিউএফ ছুপাৰ ৫০০ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ ইভেণ্টত ভাৰতৰ এমআৰ অৰ্জুন আৰু হৰিহৰণ আমছাকৰুণনে খিতাপ জয়ৰ আশা জীয়াই ৰাখিছে ৷ ভাৰতীয় যুটিটোৱে নিউজীলেণ্ডৰ মাইকেল ওৱেন আৰু ডিলান ছ’ডজাছাক ২১-১৭, ২১-৭ ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ।

অৱশ্যে মিক্সড ডাবলছ শাখাত ভাৰতৰ অভিযানৰ অন্ত পৰিছে ৷ ভাৰতীয় খেলুৱৈদ্বয় ক্ৰমে ধ্ৰুৱ ৰাৱট আৰু মনীষা কীৰে এক কঠিন যুঁজত জাপানৰ আকিৰা কোগা আৰু নাটছু চাইটোৰ বিৰুদ্ধে ২১-১৯, ২১-১৮ ছেটত পৰাজিত হোৱা পিছতে এই শাখাত ভাৰতৰ খিতাপ জয়ৰ আশা নিৰ্বাপিত হয় ।

লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬: দুভৰিৰ যাদু আৰম্ভ হোৱাৰ পূৰ্বে জানিবলগীয়া পাঁচটা বিশেষ কথা