এ চি এ ষ্টেডিয়াম টেষ্ট ক্ৰিকেটৰ খেলপথাৰ হোৱাটো গৌৰৱৰ কথা: হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটীত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ । টেষ্ট ভ্যেনু হিচাপে গুৱাহাটী পৰিচিত হোৱাক লৈ গৌৰৱান্বিত মুখ্যমন্ত্ৰী ।

By PTI
Published : November 22, 2025 at 2:07 PM IST
গুৱাহাটী: শেহতীয়াকৈ গুৱাহাটীয়ে টেষ্ট ক্ৰিকেটৰ নতুন খেলপথাৰ হিচাপে অভিষেক ঘটোৱাৰ খবৰ দিবলৈ পোৱাটো সৌভাগ্য বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে প্ৰথমবাৰৰ বাবে ভাৰতে দক্ষিণ আফ্ৰিকাৰ সৈতে দুখনীয়া টেষ্ট মেচৰ শৃংখলাৰ দ্বিতীয় তথা অন্তিম মেচত মুখামুখি হ'ব । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ই যুৱ প্ৰজন্মক প্ৰেৰণা দিয়াৰ লগতে তেওঁলোকৰ উচ্চাকাংক্ষাক ইন্ধন যোগাব ।
হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সযোগে কয়, "গুৱাহাটীয়ে ইতিহাস ৰচিলে । এ চি এ ষ্টেডিয়াম ভাৰতৰ ৩০ সংখ্যক টেষ্ট ভ্যেনু হোৱাত গৰ্বিত, যি ক্ৰিকেটৰ সৰ্বোচ্চ স্তৰ অসমক প্ৰদান কৰিব । ই অগণন যুৱ প্ৰতিভাক প্ৰেৰণা দিব আৰু আমাৰ ক্ৰীড়া সম্বন্ধীয় উচ্চাকাংক্ষাক উচ্চস্তৰলৈ নিব । অসমৰ বাবে এয়া এক নতুন ইনিংছ ।"
Guwahati creates history!
— Himanta Biswa Sarma (@himantabiswa) November 22, 2025
Proud to see ACA Stadium become India’s 30th Test venue, bringing the pinnacle of cricket to Assam.
This moment will inspire countless young talents and elevate our sporting ambitions even higher.
Onward to a new innings for Assam! 🏏 https://t.co/NtbfNePW8j
গুৱাহাটী, যাক উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায় । এইক্ষেত্ৰত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আৰু এই বৰ্ষৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে আই চি চি বিশ্বকাপ মেচৰ আয়োজন কৰি গৌৰৱ অৰ্জন কৰিছে ।
মন কৰিবলগীয়া যে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টত জয়লাভ কৰি দুখন মেচৰ টেষ্ট শৃংখলাটোত দক্ষিণ আফ্ৰিকা ১-০ ব্যৱধানত আগবাঢ়ি আছে । দক্ষিণ আফ্ৰিকাই নিজৰ মূল একাদশত এটা পৰিৱৰ্তন কৰিছে । কৰ্বিন বছৰ স্থানত দলত স্থান দিয়া হৈছে ছেনুৰন মুথুস্বামীক । আনহাতে, ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক শুভমন গিলে ডিঙিত আঘাতৰ বাবে মেচখনত উপলব্ধ নহয় । ফলত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত ভাৰতক নেতৃত্ব দিছে ঋষভ পণ্টে ।
উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে টেষ্ট মেচ । এই ঐতিহাসিক দিনটোৰ ঐতিহাসিক ক্ষণত বৰ্ষাপাৰাত প্ৰথমটো টেষ্ট বল পৰে যশপ্ৰীত বুমৰাহৰ হাতেৰে ।

