ফিফা বিশ্বকাপত পুৰস্কাৰৰ অভিলেখ; ১৯৮২ৰ আগলৈকে বিজয়ী দলটোৱে লাভ কৰিছিল মাত্ৰ ট্ৰফীটোহে
একেৰাহে তিনিবাৰকৈ বিশ্বকাপৰ খিতাপ আৰ্জন কৰা ব্ৰাজিলে লাভ কৰা নাছিল কোনো ধন ।

Published : June 20, 2026 at 4:29 PM IST
|Updated : June 20, 2026 at 7:12 PM IST
নয়ন কুমাৰ শৰ্মা
এইবাৰৰ ফিফা বিশ্বকাপত প্ৰদান কৰা হ'ব অভিলেখ ভংগকাৰী পুৰস্কাৰ । ২০২৬ ৰ বিশ্বকাপত মুঠ পুৰস্কাৰৰ পৰিমাণ জানিলে আপোনাৰো চকু কপালত উঠিব । এইবাৰ প্ৰতিযোগিতাত সৰ্বমুঠ ৭২৭ নিযুত ডলাৰ প্ৰদান কৰা হ'ব । ভাৰতীয় মুদ্ৰা মূল্য় অনুসৰি এই ধনৰাশি হৈছে ৬২ হাজাৰ কোটি টকা ।
কেৱল চেম্পিয়ন দলটোৱে লাভ কৰিব ৫০ নিযুত ডলাৰ । ভাৰতীয় মুদ্ৰা মূল্য় অনুসৰি এই পৰিমাণ ৪৭৫ কোটি টকা । আনহাতে, ৰাণাৰ্ছ আপে পাব ৩৩ নিযুত ডলাৰ (৩১৩.৫ কোটি টকা) । তদুপৰি ৩য় স্থানপ্ৰাপ্ত দেশে লাভ কৰিব ২৯ নিযুত ডলাৰ (২৭৫.৫ কোটি টকা)।

একেদৰে ৪ৰ্থ স্থানপ্ৰাপ্তই ২৭ নিযুত ডলাৰ (২৫৬.৫ কোটি টকা), ৫মৰ পৰা ৮ম স্থান (কোৱাৰ্টাৰ ফাইনেলিষ্ট) ১৯ নিযুত ডলাৰকৈ (১৮০.৫ কোটি টকা), নৱম স্থানৰ পৰা ১৬ নং স্থানে (১৬ ৰাউণ্ড) ১৫ নিযুত ডলাৰকৈ (১৪২.৫ কোটি টকাকৈ), ১৭ৰ পৰা ৩২ নম্বৰ স্থানে (৩২ ৰাউণ্ড) ১১ নিযুত ডলাৰকৈ (১০৪.৫ কোটি টকা), ৩৩ৰ পৰা ৪৮তম স্থানে (গ্ৰুপ পৰ্যায়) ৯ নিযুত ডলাৰকৈ (৮৫.৫ কোটি টকা) লাভ কৰিব ।
প্ৰদৰ্শন ভিত্তিক পুৰস্কাৰৰ উপৰি প্ৰতিটো যোগ্য অংশগ্ৰহণকাৰী সদস্য সংস্থাই দলীয় ভ্ৰমণ আৰু লজিষ্টিকছৰ বাবে আগতীয়াকৈ ১৫ নিযুত ডলাৰ (প্ৰায় ১৪ কোটি ) প্ৰস্তুতি অনুদান লাভ কৰিছে । পিছে কোনোবাই বাৰু ভাবিব পাৰে নে যে একেৰাহে তিনিবাৰকৈ বিশ্বকাপৰ খিতাপ আৰ্জন কৰা ব্ৰাজিলে সেই সময়ত এটকাও লাভ কৰা নাছিল । পেলেই বিশ্বকাপ খেলিলেও পোৱা নাছিল কোনো ধন । আজি অৱেশ্য়ে সলনি হৈছে দৃশ্য়পট ।
চেম্পিয়ন দলটোৱেই লাভ কৰা নাছিল ধন :

এইবাৰ প্ৰতিযোগিতাত ইমান ধনৰাশি প্ৰদান কৰিলেও ১৯৩০ চনৰ পৰা ১৯৭০ চনলৈকে জুলছ ৰিমেট ট্ৰফী আৰু তাৰ পিছত ১৯৭৪ চনৰ পৰা ১৯৮২ৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতালৈকে বিজয়ী দলক কোনো ধৰণৰ নগদ ধন প্ৰদান কৰা হোৱা নাছিল । বিজয়ী দলটোৱে মাত্ৰ ট্ৰফীটোহে লাভ কৰিছিল । আন দলৰ কথাতো বাদেই, চেম্পিয়ন দলটোৱেই আনকি অহা-যোৱা খৰচেই পোৱা নাছিল । তেতিয়া দেশৰ বাবে ট্ৰফী দখল কৰিব পৰাটোৱেই আছিল গৌৰৱৰ কাৰণ । বিশ্বকাপত খেলিব পৰাটোৱে গৌৰৱ ।
ভ্ৰমণ-থকাৰ খৰচ বহন কৰিছিল আয়োজক দেশে :
১৯৩০ চনৰ ফিফা বিশ্বকাপত দলক কোনো ধৰণৰ আৰ্থিক পুৰস্কাৰৰ ধন প্ৰদান কৰা হোৱা নাছিল । বৰঞ্চ ফিফাই অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহক উৰুগুৱেলৈ দীঘলীয়া যাত্ৰা কৰিবলৈ প্ৰৰোচিত কৰিবলৈ ভ্ৰমণ আৰু থকাৰ খৰচ বহন কৰিছিল । জয়ী হোৱাৰ প্ৰকৃত পুৰস্কাৰ আছিল প্ৰতিপত্তি আৰু মূল জুলছ ৰিমেট ট্ৰফী ।
মহামন্দাৰ সময়ত ইউৰোপীয় দলসমূহক দক্ষিণ আমেৰিকালৈ দীঘলীয়া আৰু কষ্টকৰ সাগৰীয় যাত্ৰা কৰিবলৈ প্ৰলোভিত কৰিবলৈ আয়োজক ৰাষ্ট্ৰ (উৰুগুৱে) আৰু ফিফাই অংশগ্ৰহণকাৰী দলসমূহৰ ভ্ৰমণ, খাদ্য আৰু থকাৰ খৰচ বহন কৰিছিল । অংশগ্ৰহণকাৰী ফেডাৰেচন আৰু খেলুৱৈসকলক চৰকাৰী আৰ্থিক পুৰস্কাৰৰ ধন প্ৰদানৰ ধাৰণাটো প্ৰতিযোগিতাখনৰ ইতিহাসৰ বহু পিছতহে আৰম্ভ হৈছিল ।
সময় বাগৰাৰ লগে লগে ফিফাৰ ধ্য়ান ধাৰণাৰো সলনি হ'বলৈ ধৰিলে । পৰোক্ষভাৱে পেছাদাৰী খেলুৱৈসকলক আকৰ্ষণ কৰিবলৈকে নগদ পুৰস্কাৰৰ বিষয়টো ভাবিবলৈ বাধ্য় হয় ফিফা । একো এগৰাকী খেলুৱৈয়েই ক্লাব পৰ্যায়ত বিপুল পৰিমাণৰ ধন লাভ কৰাৰ পিচত বিশ্বকাপলৈ অহাত অনীহা জন্মিব পাৰে বুলিয়েই আৰ্থিক পুৰস্কাৰ আৰম্ভ কৰিবলৈ বাধ্য় হয় ।

১৯ কোটি লাভ কৰিছিল ১৯৮২ ৰ চেম্পিয়নে :
সেয়া আছিল ১৯৮২ৰ বিশ্বকাপৰ কথা । ১৯৮২ চনত ফিফাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল প্ৰতিটো দলে কিমান পুৰস্কাৰৰ ধন পাব । সেই সময়ত মুঠ পুৰস্কাৰৰ ধন হিচাপে মুঠ ২ কোটি ডলাৰ আবণ্টন দিয়া হৈছিল ।
বিজয়ীদলটোক ২২ লাখ ডলাৰ দিয়া হৈছিল । ১৯৮২ চনৰ ফিফা বিশ্বকাপৰ বিজয়ী দল ইটালীয়ে মুঠ ২২ লাখ ডলাৰ পুৰস্কাৰ লাভ কৰে । ভাৰতীয় টকাত এই পৰিমাণ আছিল ১৭.৯৭ কোটিৰ পৰা ১৯ কোটি । ৰাণাৰ্ছ আপে পুৰস্কাৰ পাইছিল ৯ লাখ ডলাৰ ।
২০২২ৰ চেম্পিয়নে লাভ কৰিছিল কিমান ?
২০২২ চনত কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপত মুঠ ৪৪ কোটি ডলাৰৰ পুৰস্কাৰ লাভ কৰা হৈছিল, য’ত প্ৰতিযোগিতাখনৰ চেম্পিয়ন (আৰ্জেণ্টিনা) ৪২ নিযুত ডলাৰ ঘৰলৈ লৈ গৈছিল । ভাৰতীয় টকাত ২০২২ চনৰ বিজয়ী পুৰস্কাৰ আছিল ৩৪৪ কোটি টকা । ৰাণাৰ্ছ আপে ৩০ নিযুত ডলাৰ (২৪৫ কোটি), তৃতীয় স্থানে ২৭ নিযুত ডলাৰ (২২০ কোটি), চতুৰ্থ স্থানে ২৫ নিযুত ডলাৰ (২০৪ কোটি), ৫ম–৮ম স্থানে ১৭ নিযুত ডলাৰ (১৩৮ কোটি প্ৰতিটো দলৰ বাবে), ৯ম–১৬ নং স্থানে ১৩ নিযুত ডলাৰ (১০৬ কোটি প্ৰতিটো দলৰ বাবে), ১৭–৩২ স্থানে ৯ নিযুত ডলাৰ (৭৪ কোটি প্ৰতিটো দলৰ বাবে)লাভ কৰিবলৈ সক্ষম হৈছিল ।
২০১৮ চনত ২৫৮ কোটি লাভ কৰিছিল ফ্ৰান্সে :
২০১৮ চনত ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপৰ মুঠ পুৰস্কাৰৰ ধন আছিল ৪০ কোটি মাৰ্কিন ডলাৰ (২৭২০ কোটি টকা)। প্ৰতিযোগিতাখনৰ মুঠ ধন আছিল ৭৯১ নিযুত মাৰ্কিন ডলাৰ । চেম্পিয়ন ফ্ৰান্স দলে লাভ কৰিছিল ৩৮ নিযুত ডলাৰ (প্ৰায় ২৫৮ কোটি )। একেদৰে ৰাণাৰ্ছ আপ ক্ৰ'ৱেচিয়াই ২৮ নিযুত ডলাৰ (প্ৰায় ১৯০ কোটি),তৃতীয় স্থানৰ বেলজিয়ামে ২৪ নিযুত ডলাৰ (প্ৰায় ১৬৩ কোটি ) আৰু চতুৰ্থ স্থানপ্ৰাপ্ত ইংলেণ্ড ২২ নিযুত ডলাৰ (প্ৰায় ১৫০ কোটি ) লাভ কৰিছিল ।
২০১৪ চনত পাইছিল ১৫৫ কোটি :
২০১৪ চনৰ প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰ আছিল ৩৫৮ নিযুত ডলাৰ । বিজয়ী দলে লাভ কৰিছিল ২১৫ কোটি টকা । ৰাাণাৰ্ছ আপে ২৫ নিযুত ডলাৰ (প্ৰায় ১৫০–১৫৫ কোটি ), তৃতীয় স্থানপ্ৰাপ্তই ২২ নিযুত ডলাৰ (প্ৰায় ১৩০–১৩৫ কোটি ) আৰু চতুৰ্থ স্থানপ্ৰাপ্তই লাভ কৰিছিল ২০ নিযুত ডলাৰ (প্ৰায় ১২০–১২৫ কোটি ) ।
১৪০ কোটি টকা লাভ কৰিছিল স্পেইনে :
২০১০ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ফিফা বিশ্বকাপৰ বাবে বিজয়ী দল স্পেইনে মুঠ ৩ কোটি ডলাৰ পুৰস্কাৰ লাভ কৰে । সেই সময়ছোৱাত মুদ্ৰাৰ বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি এই পৰিমাণ প্ৰায় ১৪০ কোটি টকা আছিল । সেইবাৰ ৰাণাৰ্ছ আপে ২৪ নিযুত ডলাৰ (প্ৰায় ১১২ কোটি ), তৃতীয় স্থানে ২০ নিযুত ডলাৰ (প্ৰায় ৯৩ কোটি), চতুৰ্থ স্থানে ১৮ নিযুত ডলাৰ (প্ৰায় ৮৪ কোটি), কোৱাৰ্টাৰ ফাইনেলিষ্টে (৪টা দল)১৪ নিযুত ডলাৰকৈ (প্ৰায় ৬৫ কোটি,)১৬ ৰাউণ্ড (১৬ টা দল)ত ৯ নিযুত ডলাৰকৈ (প্ৰায় ৪২ কোটি,) গ্ৰুপত (১৬টা দল) ৮ নিযুত ডলাৰকৈ (প্ৰায় ৩৭ কোটি) লাভ কৰিছিল ।
২০০৬ চনৰ ফিফা বিশ্বকাপত মুঠ পুৰস্কাৰ :
২০০৬ চনৰ ফিফা বিশ্বকাপত মুঠ পুৰস্কাৰৰ পৰিমাণ আছিল ২৬৬ নিযুত ডলাৰ । প্ৰতিযোগিতাত বিজয়ী দল ইটালীয়ে ১২.২ নিযুত ডলাৰ (প্ৰায় ৫৬ কোটি টকা ) লাভ কৰাৰ বিপৰীতে ৰাণাৰ্ছ আপ দলটোৱে ৯.৬ নিযুত ডলাৰ (প্ৰায় ৪৪ কোটি টকা ) লাভ কৰে । ২০০৬ চনত জাৰ্মানীত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বাবে ফিফাই ৩২খন অংশগ্ৰহণকাৰী ৰাষ্ট্ৰৰ সকলোকে ধন বিতৰণ কৰিবলৈ এক সম্প্ৰসাৰিত পুৰস্কাৰৰ গাঁথনি প্ৰৱৰ্তন কৰে । তৃতীয় স্থানে ৮৫ লাখ ডলাৰ (৩৯ কোটি টকা), চতুৰ্থ স্থানে ৭৮ লাখ ডলাৰ(৩৬ কোটি টকা), কোৱাৰ্টাৰ ফাইনেলিষ্ট ৪৯ লাখ ডলাৰ (২২ কোটি টকা), ১৬ৰ ৰাউণ্ড৩৪ লাখ ডলাৰ (১৬ কোটি টকা,)গ্ৰুপৰ পৰা বিদায় লোৱাই ২৯ লাখ ডলাৰ(১৩ কোটি টকা) লাভ কৰে ।
২০০২ চনৰ ফিফা বিশ্বকাপত প্ৰতিযোগিতাখনৰ বিজয়ী ব্ৰাজিলে ৮৫ লাখ ডলাৰৰ ( ৪১ কোটি) লাভ কৰিবলৈ সক্ষম হৈছিল । ১৯৯৮ চনৰ ফিফা বিশ্বকাপ (ফ্ৰান্স)ৰ বিজয়ীগৰাকীয়ে ৬৪ লাখ ডলাৰ পুৰস্কাৰৰ ধন লাভ কৰিছিল, যিটো প্ৰায় সমান আছিল ২৩ ৰ পৰা ২৭ কোটি টকা ।
১৯৯৪ চনৰ ফিফা বিশ্বকাপত বিজয়ী দল ব্ৰাজিলে ৪০ লাখ ডলাৰৰ পুৰস্কাৰ লাভ কৰিছিল, যিটো সেই সময়ত ভাৰতীয় টকাত প্ৰায় ১২.৬ৰ পৰা ১৩.২ কোটিৰ সমতুল্য আছিল । ১৯৯০ চনৰ ফিফা বিশ্বকাপ বিজয়ী পশ্চিম জাৰ্মানীয়ে ৩৫ লাখ ডলাৰ (৬.৫ কোটি)ৰ পুৰস্কাৰৰ ধন লাভ কৰিছিল । ১৯৮৬ চনৰ ফিফা বিশ্বকাপৰ বিজয়ী দলটোৱে (আৰ্জেণ্টিনা) ২৮ লাখ ডলাৰ (২২.৮৭ কোটি টকা)ৰ পুৰস্কাৰ লাভ কৰে । যিহেতু ফিফাই ১৯৮৬ চনত আজিৰ দৰে সকলো অংশগ্ৰহণকাৰী দলকে ব্যক্তিগত পুৰস্কাৰৰ ধন প্ৰদান কৰা নাছিল, সেয়েহে এইটোৱেই হৈছে চেম্পিয়নসকলক পোনপটীয়াকৈ প্ৰদান কৰা মুঠ ধনৰাশি ।
পুৰস্কাৰৰ ধনৰ বিৱৰ্তন:
১৯৮২ চনত স্পেইনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতালৈকে ফিফাই বিশ্বকাপ চেম্পিয়নসকলক ৰাজহুৱাভাৱে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা নাছিল। ১৯৮২ চনৰ ফিফা বিশ্বকাপৰ বিজয়ী দল ইটালীয়ে মুঠ ২২ লাখ ডলাৰ (১৯ কোটি)পুৰস্কাৰ লাভ কৰে ।
লগতে পঢ়ক:ফিফা বিশ্বকাপ ২০২৬: ক্ষুদ্ৰ ৰাষ্ট্ৰ হ'লেও অভিষেকতেই শক্তিধৰক প্ৰত্য়াহ্বান

