ETV Bharat / sports

ব্য়তিক্ৰমী কেশসজ্জাৰে ফিফা বিশ্বকাপত দৃষ্টি আকৰ্ষণ কৰা খেলুৱৈসকল

বিশ্বকাপ ফুটবলত ফেশ্চনৰ পয়োভৰ ঘটাত একাংশ ফুটবলাৰে সলনি কৰিলে হেয়াৰ ষ্টাইল । কলম্বিয়াৰ কাৰ্লোছ ভালডেৰামাৰ কথা মনত আছে নে ?

Player with an unusual hairstyle shines in the FIFA World Cup
ব্য়তিক্ৰমী কেশসজ্জাৰে ফিফা বিশ্বকাপত উজলা খেলুৱৈ (ETV Bharat/AFP)
author img

By ETV Bharat Assamese Team

Published : June 22, 2026 at 3:31 PM IST

5 Min Read
Choose ETV Bharat

নয়ন কুমাৰ শৰ্মা

অসাধাৰণ ক্ৰীড়াশৈলী, দুই ভৰিৰ যাদুৰ লগতে কেশসজ্জাৰে বিশ্ববাসীৰ নয়নৰমণি হোৱা ফুটবলাৰ কেইগৰাকীৰ কথা নিশ্চয় ফুটবল অনুৰাগীৰ মনত আছে । সময়ৰ লগে লগে বিশ্বকাপ ফুটবলত জাৰ্ছিৰ ৰঙো সলনি হৈ পৰিল । ক্লাব পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিশ্বকাপলৈকে সকলোতে লাহে লাহে ফেশ্চনৰ পয়োভৰ ঘটাত একাংশ ফুটবলাৰেও সলনি কৰিলে হেয়াৰ ষ্টাইল বা কেশসজ্জা ।

বিশ্বকাপত ফুটবল প্ৰতিযোগিতা বুলিলেই সকলোৱে ব্য়ক্তগতভাৱে কিবা মহয় কিবা ব্য়তিক্ৰমী বৈশিষ্টৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে । এসময়ত হয়তো কেশসজ্জাৰ কথা কোনো খেলুৱৈয়ে চিন্তা কৰা নাছিল । যেতিয়াৰে পৰা টেলিভিচনত সম্পচাৰৰ গতি সলনি হ'বলৈ ধৰিলে তেতিয়াৰে পৰাই পৰোক্ষভাৱে বিশ্বকাপত ফুটবল প্ৰতিযোগিতাৰ সময়ত হোৱা চৰ্চাত স্থান পালে খেলুৱেসকলৰ কেশসজ্জাই ।

Neymar of Brazil
ব্ৰাজিলৰ নেইমাৰ (ETV Bharat)

২০২৬ চনৰ বিশ্বকাপতো হেৰী কেন, জুড বেলিংহাম, লেমিন ইয়ামাল, ফিল ফ’ডেন, পেড্ৰি, ভিনিচিয়াছ জুনিয়ৰ, ৰাফিনহা, লিয়নেল মেছি, অলিভিয়াৰ জিৰ’ আদি খেলুৱৈৰ কেশসজ্জাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । পিচে এসময়ত ব্য়তিক্ৰমী কেশসজ্জাৰ বাবে চৰ্চা হৈছিল ব্ৰাজিলৰ ৰোণাল্ডো নাজাৰিয়া, ইংলেণ্ডৰ ডেভিড বেকহাম, কলম্বিয়াৰ কাৰ্লোছ ভালডেৰামা, নাইজেৰিয়াৰ তাৰিবো ৱেষ্ট, আৰ্জেণ্টিনাৰ ৰড্ৰিগো পালাচিঅ', ইংলেণ্ডৰ পল গাস্কোইন, জাপানৰ হিদেটোছি নাকাটা আদি খেলুৱৈ । এইসকল খেলুৱৈৰ ভিতৰত সৰ্বাধিক চৰ্চা হৈছিল ব্ৰাজিলৰ ৰোণাল্ডো নাজাৰিয়া কেশসজ্জা ।

Portugal's striker Ronaldo and Brazil's Messi
পৰ্টুগালৰ ষ্ট্ৰাইকাৰ ৰোণাল্ডো আৰু ব্ৰাজিলৰ মেছি (ETV Bharat)

বিশ্বকাপৰ মঞ্চত ডেভিদ বেকহাম, ৰোণাল্ডো নাজাৰিয়াৰ ২০০০ চনৰ অদ্ভুত কেশসজ্জা ত্ৰিকোণীয় ফ্ৰিঞ্জ বা পল প’গবাৰ বহুৰঙী লুক ফুটবল ইতিহাসৰ চৰ্চাৰ অন্য়তম হৈ আহিছে । ২০১৮ চনত ফ্ৰান্সৰ তাৰকা পল প'গবাই চুলিত বিভিন্ন ডিজাইন আৰু উজ্জ্বল ৰং ব্যৱহাৰ কৰি দৃষ্টি আকৰ্ষণ কৰিছিল । পৰ্টুগালৰ ষ্ট্ৰাইকাৰ ৰোণাল্ডোৰ কেশসজ্জাও সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।

ৰোণাল্ডোৰ ত্ৰিভুজ কেশসজ্জা :

২০০২ৰ বিশ্বকাপত ব্ৰাজিলৰ ৰোণাল্ডো নাজাৰিয়াৰ বিখ্যাত ‘ত্ৰিভুজ’ কেশসজ্জাই চৰ্চা লাভ কৰিছিল । বিশ্বকাপত এনে চুলিৰ ষ্টাইল কমেইহে আছে । অৱেশ্য়ে ব্ৰাজিলৰ ষ্ট্ৰাইকাৰগৰাকীয়ে প্ৰতিযোগিতাৰ শেষত এই ষ্টাইলৰ আঁৰৰ কথা প্ৰকাশ কৰিছিল । তেওঁ এই অস্বাভাৱিক শৈলী গ্ৰহণ কৰিছিল আংশিকভাৱে আঘাতৰ চিন্তাৰ পৰা সংবাদ মাধ্যমৰ দৃষ্টি আঁতৰাই নিবলৈ । অৱেশ্য়ে তেওঁৰ অনুৰাগীয়ে ভালেই পাওক বা ঘৃণা কৰিলেও চুলি কটাটো প্ৰতিযোগিতাখনৰ অন্যতম চৰ্চাৰ বিষয় আছিল । সেই প্ৰতিযোগিতাখনিত ৰোণাল্ডোৱে আঠটা গ’ল দি ব্ৰাজিলক খিতাপ দখলত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ।

ডেভিদ বেকহামৰ আকৰ্ষণীয় কেশসজ্জা :

২০০২ চনৰ বিশ্বকাপত ইংলেণ্ডৰ ডেভিদ বেকহামৰ আকৰ্ষণীয় কেশসজ্জাৰ বাবে ফেশ্বন আইকন হৈ পৰিছিল । তেওঁৰ কেশসজ্জা ফুটবল জগতৰ চৰ্চাৰ বিষয় হোৱাত অগণন অনুৰাগীয়ে সেই কেশসজ্জাৰেই ষ্টেডিয়ামৰ গেলেৰীত বহিছিল । পৰৱৰ্তী সময়ত তেওঁক বিশ্বকাপত দেখা পোৱা নগ'ল যদিও আজিও সেই কেশসজ্জাৰ কথা সকলোৰে মনত সজীৱ হৈ আছে ।

কাৰ্লোছ ভালডেৰামাৰ জপৰা চুলিকোছা:

১৯৯০, ১৯৯৪ আৰু ১৯৯৮ চনৰ বিশ্বকাপত কলম্বিয়াৰ কাৰ্লোছ ভালডেৰামাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল অদ্ভূত কেশসজ্জাৰে । কলম্বিয়াৰ এই মিডফিল্ডাৰগৰাকীয়ে তেওঁৰ অনন্য চুলিৰ ষ্টাইলৰ বাবেই সকলোৰে মাজত চিনাকি হৈ পৰিছিল । কলম্বিয়াই বিশ্বকাপত বিশেষ চমক দিব পৰা নাছিল যদিও দশকৰ পিছতো বিশ্বকাপৰ ইতিহাসৰ অন্যতম স্মৰণীয় কেশসজ্জাৰ প্ৰতীক হৈয়েই আছে ।

নেইমাৰৰ ষ্টাইল :

২০১৮ চনৰ ফিফা বিশ্বকাপৰ সময়ত ব্লিচ কৰা ব্লণ্ড হেয়াৰষ্টাইলেৰে শিৰোনাম দখল কৰিছিল ব্ৰাজিলৰ নেইমাৰে । এইবাৰ আঘাতৰ বাবে বৰ্তমানলৈকে এইগৰাকী খেলুৱৈয়ে দেশৰ হৈ অংশগ্ৰহণ কৰিব পৰা নাই যদিও সকলোৱে তেওঁৰ দুই ভৰিৰ যাদু চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

তাৰিবো ৱেষ্টৰ ব্ৰেইডেড হেয়াৰষ্টাইল :

১৯৯৮ চনৰ বিশ্বকাপত নাইজেৰিয়াৰ তাৰিবো ৱেষ্টে তেওঁৰ ব্য়তিক্ৰমী কেশসজ্জাৰ বাবে চৰ্চালৈ আহিছিল । নাইজেৰিয়াৰ টাৰিবো ৱেষ্টৰ বিখ্যাত ব্ৰেইডেড হেয়াৰষ্টাইলৰ কথা আজিও সকলোৱে কয় ।

ৰড্ৰিগো পালাচিঅ' :

২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ ৰড্ৰিগো পালাচিঅ’ৰ অস্বাভাৱিক চুলিৰ ষ্টাইলটোৱেই হৈ পৰিছিল অন্যতম আকৰ্ষণ ।

পল গেছক’ইনৰ চুলিখিনি :

‘গাজা’ নামেৰে পৰিচিত পল গেছক’ইনে ১৯৯০ চনৰ বিশ্বকাপত সকলোৰে মাজত জনপ্ৰিয় হোৱাৰ মূলতে আছিল তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শন আৰু কেশসজ্জা । সেইবাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল ইংলেণ্ডে । এই স্মৰণীয় অভিযানৰ সময়ত স্কিনহেড আৰু ক্ল’জ ক্ৰপ লুককৰে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ।

হিদেটোছি নাকাটাৰ ব্লিচ:

২০০৬ চনত জাপানৰ হিদেটোছি নাকাটাৰ ব্লিচ কৰা শ্যামলা চুলিৰ ষ্টাইলে সেই প্ৰতিযোগিতাখনিত চৰ্চাৰ বিষয় হৈ পৰিছিল । অৱেশ্য়ে তেওঁৰ ব্য়ক্তিগত প্ৰদৰ্শন সিমান আকৰ্ষণীয় নাছিল ।

লগতে পঢ়ক:ফিফা বিশ্বকাপ ২০২৬: ক্ষুদ্ৰ ৰাষ্ট্ৰ হ'লেও অভিষেকতেই শক্তিধৰক প্ৰত্য়াহ্বান

গ্ল'বেল আইকন: বিশ্বকাপ ফুটবলত ১০ নম্বৰ জাৰ্ছিৰ যাদু

ফিফা বিশ্বকাপত পুৰস্কাৰৰ অভিলেখ; ১৯৮২ৰ আগলৈকে বিজয়ী দলটোৱে লাভ কৰিছিল মাত্ৰ ট্ৰফীটোহে