ICC-এ নামানিলে বাংলাদেশৰ অনুৰোধ, T20 বিশ্বকাপ খেলিবলৈ আহিব লাগিব ভাৰতলৈ
বাংলাদেশৰ পৰিস্থিতি বিবেচনা কৰি বিচিচিআইয়ে কেকেআৰৰ দলটোক মুজ্জাফিজুৰ ৰহমানক ৰিলিজ কৰি দিবলৈ নিৰ্দেশ দিয়ে ৷

Published : January 7, 2026 at 10:46 AM IST
ঢাকা (বাংলাদেশ) : আগন্তুক আইচিচি (ICC) টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে BCB) ভাৰতৰ পৰা শ্ৰীলংকালৈ মেচ স্থানান্তৰিত কৰাৰ দাবী কৰিছিল ৷ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এই দাবী নাকচ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ।
তথ্য অনুসৰি, মঙলবাৰে ICC আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত ভাৰ্চুৱেল কল হৈছিল, য’ত ICC-এ ব’ৰ্ডক জনাইছিল যে নিৰাপত্তাজনিত কাৰণৰ বাবে বাংলাদেশৰ মেচসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ অনুৰোধ জনোৱা হৈছিল ৷ কিন্তু আইচিচিয়ে এই অনুৰোধ নাকচ কৰি BCB-ক কয় যে তেওঁলোকৰ ছিনিয়ৰ পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলে টি-২০ বিশ্বকাপৰ মেচ খেলিবলৈ ভাৰতলৈ যাব লাগিব, নহ’লে পইণ্ট হেৰুৱাব পাৰে ।
মন কৰিবলগীয়া যে মঙলবাৰৰ এই সিদ্ধান্তৰ ফলাফল সন্দৰ্ভত BCB বা ICC -এ এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । ESPNcricinfo ৰ মতে, দেওবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাংলাদেশৰ মেচ শ্ৰীলংকাত অনুষ্ঠিত কৰাৰ কথা বিচাৰ কৰিবলৈ কৈছিল ৷
এইখিনিতে মন কৰিবলগীয়া যে, বাংলাদেশে অহা ৭ ফেব্ৰুৱাৰীত কলকাতাৰ ইডেন গাৰ্ডেনত দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০২৬ চনৰ টি-২০ বিশ্বকাপ খেলাৰ কথা । ৱেষ্ট ইণ্ডিজৰ পিছত ৯ ফেব্ৰুৱাৰীত একে স্থানতে ইটালীৰ বিৰুদ্ধে খেলিব বাংলাদেশে, তাৰ পিছত কলকাতাত ২০২২ চনৰ টি-২০ বিশ্বকাপ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ।
ইংলেণ্ডৰ সৈতে মুখামুখি হোৱাৰ পাছত বাংলাদেশে মুম্বাইলৈ যাত্ৰা কৰি ৱানখেদে ষ্টেডিয়ামত নেপালৰ বিৰুদ্ধে খেলিব । ৭ ফেব্ৰুৱাৰীৰ পৰা কলম্বোত পাকিস্তান আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপ ।
BCB ৰ মতে, বাংলাদেশী খেলুৱৈৰ “নিৰাপত্তা”ক লৈ উদ্বেগ প্ৰকাশ কৰি আগন্তুক ICC পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বাংলাদেশৰ মেচসমূহ ভাৰতৰ বাহিৰৰ কোনো স্থানলৈ স্থানান্তৰিত কৰিবলৈ বিচিবিয়ে পূৰ্বে আনুষ্ঠানিকভাৱে ICC ক অনুৰোধ জনাইছিল ।
বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে কয় যে ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে দলটোৱে ভাৰতলৈ নাযায় ৷ কাৰণ “বাংলাদেশ দলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি ক্ৰমাৎ উদ্বেগ বৃদ্ধি পাইছে ৷”
কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী খেলুৱৈ মুজ্জাফিজুৰ ৰহমানক আই পি এল ২০২৬ৰ ৰষ্টাৰৰ পৰা আঁতৰাই দিয়াৰ কথা ঘোষণা কৰাৰ পিছতে এই পৰিঘটনা ঘটিছে । বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
BCB-এ উল্লেখ কৰে যে ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিবলগীয়া ICC পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ সৈতে জড়িত শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ পৰিচালনা সমিতিৰ জৰুৰী বৈঠক অনুষ্ঠিত হয় । বিগত ২৪ ঘণ্টাৰ পৰিঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি ব’ৰ্ডে পৰিস্থিতিৰ বিশদ পৰ্যালোচনা কৰে আৰু ভাৰতত অনুষ্ঠিত হোৱা খেলসমূহত বাংলাদেশ ৰাষ্ট্ৰীয় দলৰ অংশগ্ৰহণক কেন্দ্ৰ কৰি সমগ্ৰ পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে ।
সাম্প্ৰতিক পৰিস্থিতি আৰু ভাৰতত বাংলাদেশ দলৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত ক্ৰমবৰ্ধমান উদ্বেগক পুংখানুপুংখভাৱে পৰীক্ষা কৰি, বাংলাদেশ চৰকাৰৰ পৰামৰ্শ বিবেচনা কৰি সঞ্চালক মণ্ডলীয়ে সিদ্ধান্ত লৈছে যে বৰ্তমান পৰিস্থিতিত বাংলাদেশৰ জাতীয় দলটোৱে প্ৰতিযোগিতাখনৰ বাবে ভাৰতলৈ যাত্ৰা নকৰে । বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কোৱাৰ পিছতে উচ্চতম ক্ৰিকেট ব’ৰ্ডে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ‘শেহতীয়া পৰিস্থিতিৰ বাবে’ ৰিলিজ কৰি দিবলৈ আইপিএলৰ ফ্ৰেঞ্চাইজিক নিৰ্দেশ দিছে ।
দেৱজিৎ শইকীয়াই সংবাদ সংস্থা ANI-ক জনাইছে যে শেহতীয়া সকলো ঘটনাৰ পৰিপ্ৰেক্ষিতত BCCI -এ KKR ফ্ৰেঞ্চাইজিক নিজৰ এজন খেলুৱৈ, বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানক তেওঁলোকৰ দলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে ৷ BCCI-এ লগতে কয় যে যদি তেওঁলোকে প্ৰতিস্থাপকক বিচাৰে তেন্তে BCCI-এ সেই প্ৰতিস্থাপকক অনুমতি দিব ।
বাংলাদেশী খেলুৱৈগৰাকীক অন্তৰ্ভুক্ত কৰাৰ লগে লগে ভাৰতত ৰাজনৈতিক প্ৰতিবাদৰ সৃষ্টি হৈছিল, বিশেষকৈ শেহতীয়াকৈ বাংলাদেশত হিন্দু সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱাৰ পিছৰে পৰা ৷ আই পি এল ২০২৬ ছিজনৰ বাবে KKR-এ মুস্তাফিজুৰক বাছি লোৱাৰ সন্দৰ্ভত মিশ্ৰিত মতামত দেখা গৈছিল, যোৱা বছৰৰ ডিচেম্বৰ মাহত আই পি এলৰ নিলামৰ সময়ত তিনিবাৰৰ চেম্পিয়ন দলটোৱে তেওঁক ৯.২০ কোটি টকাত বাছি লৈছিল ।

