ETV Bharat / sports

ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত এগৰাকী অসমকন্যা

ফিফা বিশ্বকাপৰ Fan Operations and Guest Experienceৰ গুৰুত্বপূৰ্ণ দায়িত্বত অসমীয়া যুৱতী‌ । পূৰ্বে ছাইনা নেহৱালৰ সৈতে ৰাষ্ট্ৰীয় বেডমিণ্টনৰ দ্বৈত খিতাপো লাভ কৰিছিল তেওঁ ।

Pizza Bharali in FIFA World cup
ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত এগৰাকী অসমকন্যা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 8:12 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: জ্যোতিপ্ৰাসদৰ এটি বিখ্যাত কবিতাৰ কেইটামান পংক্তি আছিল এনেধৰণৰ- "লুইতৰ ঘাটেৰে গাঁৱলীয়া বাটেৰে, পৃথিৱী চাবলে' ওলালি কোন, গাঁৱৰে সোণ তয়ে হ'বি দেশৰে জিলিকা জোন ..." হয়, দেশৰ জোন হৈ বিদেশত উজলিছে এগৰাকী অসমকন্যা । তাকো যিকোনো ক্ষেত্ৰত নহয়, ফিফা বিশ্বকাপৰ দৰে বিশ্বৰ আগশাৰীৰ আৰু অন্যতম ক্ৰীড়া মহোৎসৱত ।

১১ জুনৰ পৰা আৰম্ভ হৈছে বিশ্বকাপ ফুটবলৰ উন্মাদনা । ফিফা বিশ্বকাপ ফুটবলক লৈ ফুটবলপ্ৰেমীৰ মাজত এতিয়া ব্যাপক উছাহ । এইবাৰো বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ভাৰতীয় দল নাই যদিও ফুটবল বিশ্বকাপক লৈ ভাৰতীয় ফুটবলপ্ৰেমীৰ মাজতো দেখা গৈছে ব্যাপক আগ্ৰহ ।

ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত এগৰাকী অসমকন্যা (ETV Bharat Assam)

বিশ্বকাপ ফুটবলত কোন দলক কোনে সমৰ্থন আগবঢ়াব, কোনজন তাৰকা খেলুৱৈ কাৰ প্ৰিয় সেইসমূহ বিষয়ক লৈ ফুটবলপ্ৰেমীৰ মাজত চৰ্চা চলি থকাৰ মাজতে ফিফা বিশ্বকাপৰ পৰা আহিছে আন এক ভাল খবৰ ।‌ ফিফা বিশ্বকাপৰ Fan Operations and Guest Experience-ৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে এগৰাকী অসমকন্যাই ।

ফিফা বিশ্বকাপ ২০২৬ত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে ডিব্ৰুগড়ৰ কন্যা পিজ্জা ভৰালীয়ে । ডিব্ৰুগড়ৰ দীপক কুমাৰ ভৰালী আৰু নিভামণি ভৰালীৰ কন্যা হৈছে পিজ্জা ভৰালী । ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ পিজ্জা ভৰালীয়ে বৰ্তমান আমেৰিকাৰ চিকাগোত বাস কৰে ।

জানিব পৰা অনুসৰি, শৈশৱৰে পৰাই ক্ৰীড়াৰ সৈতে জড়িত পিজ্জাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰিছিল । এসময়ত অলিম্পিয়ান ছাইনা নেহৱালৰ সৈতে যুটি বান্ধি ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ ৰাষ্ট্ৰীয় খিতাপ জয় কৰিছিল পিজ্জা ভৰালীয়ে ।

Pizza Bharali in FIFA World cup
ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত এগৰাকী অসমকন্যা (ETV Bharat Assam)

চিকাগোৰ DePaul University-ত Sports Management বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে পিজ্জা ভৰালীয়ে । ইয়াৰ পিছত প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে গুৱাহাটীত ভাৰতীয় ডাক বিভাগত কৰ্মৰত আছিল । কিন্তু বৰ্তমান তেওঁ আমেৰিকাৰ NASCAR Chicago-ৰ Marketing Events Staff হিচাপে কৰ্মৰত । ইয়াৰ উপৰি আমেৰিকাত বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল পিজ্জা ।

কিন্তু পিজ্জা ভৰালীক এইবাৰ ফিফা বিশ্বকাপ ২০২৬ৰ Fan Operations and Guest Experience Team-ত অন্তৰ্ভুক্ত কৰাত তেওঁ এই দায়িত্ব পালন কৰিছে । এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ডিব্ৰুগড়বাসীৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ সকলো অনুৰাগী গৌৰৱান্বিত হৈছে ।

Pizza Bharali in FIFA World cup
ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত এগৰাকী অসমকন্যা (ETV Bharat Assam)

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈৰ পৰা আৰম্ভ কৰি বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰালৈ পিজ্জা ভৰালীৰ যাত্ৰাক লৈ তেওঁ পিতৃ দীপক কুমাৰ ভৰালীয়ে কয়, "পঢ়ি থকা দিনৰ পৰা তেওঁ খুব ছিনছিয়াৰ । ২০০২ চনত ছাইনা নেহৱালৰ লগত পাটনাত খেলিবলৈ পাইছিল । সেইবাৰ তেওঁলোক দুগৰাকীয়ে শীৰ্ষত আছিল । পঢ়াৰ অসুবিধাৰ কাৰণে লগতে পিছলৈ চাকৰিৰ বাবে খেলৰ পৰা অলপ আঁতৰি আহিব‌লগা হ'ল । বিয়াৰ পাছত ইউএছএত থাকিবলগা হোৱাত DePaul University-ত Sports Management-ত স্নাতকোত্তৰ ডিগ্ৰী ল'লে । ভাৰতবৰ্ষৰ তুলনাত আমেৰিকাত বেডমিণ্টনৰ ওপৰত আধিপত্য কম থকা দেখা পাই তাত নতুনকৈ সংগঠিত কৰাৰ কথা ভাবি‌‌ কমিটী বনাই আৰম্ভ কৰিলে । ইয়াৰ পাছত এগৰাকী প্ৰশিক্ষক হিচাপে কাম কৰে । তাৰ পাছতে NESCAR আৰু‌ Formula1-ত যোগদান কৰে । ইয়াৰ পাছতে ফিফাৰ কাৰণে আবেদন কৰিছিল ।"

আনহাতে, পিজ্জা ভৰালীৰ এই সফলতাৰ পাছত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মাতৃ নিভামণি ভৰালীয়ে কয়, "মাতৃ হিচাপে আজি বহুত ভাল লাগিছে । তেওঁ নিজৰ চেষ্টাৰ বলত এই পৰ্যায়ত গৈ পাইছে । সৰুৰে পৰাই ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যাবলৈ যথেষ্ট কষ্ট কৰিছিল । গুৱাহাটীতে ডাক বিভাগত চাকৰি কৰিছিল যদিও বিয়া হৈ চিকাগোলৈ গৈছিল । তাতে তেওঁ নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল । এইবাৰ এই সুবিধা লাভ কৰিছে যদিও পূৰ্বেও বহুকেইটা অনুষ্ঠানত জড়িত হ'বলৈ সুবিধা লাভ কৰিছিল । তেওঁ বেডমিণ্টনৰ ভাল খেলুৱৈ আছিল যদিও আগবাঢ়ি যোৱাত বিশেষ সুবিধা লাভ নকৰিলে ।"

লগতে পঢ়ক :লাভলীনাৰ খোজত খোজ দি বিশ্বজয়ৰ লক্ষ্যৰে আগবাঢ়িছে নগাঁৱৰ আস্থা
লগতে পঢ়ক :বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ: ভাৰতীয় দলক নেতৃত্ব দিব সিন্ধুৱে, অসমকন্যা ঈশাৰাণীও আছে ৰিজাৰ্ভত