ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক, মৰাণৰ খেলুৱৈৰ বৃহৎ সাফল্য
ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰাণৰ খেলুৱৈয়ে । অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰে এই সফলতা ।

Published : January 4, 2026 at 3:59 PM IST
মৰাণ: দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে অসমৰ খেলুৱৈয়ে । ক্ৰীড়াক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে । ফলত অসমত আৰম্ভ হৈছে ক্ৰীড়াৰ এক নতুন পৰিৱেশ ।
ইয়াৰ মাজতে ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে পিংকু লাহনে । ডিব্ৰুগড় জিলাৰ ধেমেচী হালধিবাৰী গাঁৱৰ ললিত লাহনৰ পুত্ৰ পিংকু লাহনে পশ্চিমবংগৰ ৰূপনাৰায়ণপুৰত ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ ২০২৫ ত অংশগ্রহণ কৰি সোণৰ পদক লাভ কৰে ।
পিংকু লাহনে অসম দলক প্ৰতিনিধিত্ব কৰি ৫০ কেজি শাখাত সোণৰ পদক লাভ কৰাৰ উপৰিও প্ৰতিযোগিতাখনত Best Fighter ৰ সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

পৰিয়ালৰ আৰ্থিক অভাৱ-অনাটনৰ মাজতো ক্ৰীড়াক্ষেত্ৰত পিংকু লাহনৰ এই সফলতাত উৎফুল্লিত হৈছে পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ । আজি প্ৰতিভাৱান খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই উৎসাহিত কৰিলে ৰাজ্যিক বিজেপিৰ সদস্য ৰঞ্জিত বৰুৱাই । এই প্ৰতিযোগিতাখনত খেলুৱৈগৰাকীয়ে অংশগ্ৰহণ কৰিবলৈ আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছিল বিজেপি নেতাগৰাকীয়ে ।

দৰিদ্ৰতাক নেওচিও আহিছে সফলতা:
এই সফলতা লাভ কৰা পাছতে প্ৰতিভাৱান খেলুৱৈ পিংকু লাহনে কয়, "পশ্চিমবংগৰ ৰূপনাৰায়ণপুৰত ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ৫০ কেজি শাখাত সোণৰ পদক লাভ কৰিছোঁ । সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে বেষ্ট ফাইটাৰ সন্মান লাভ কৰিছোঁ । ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছোঁ । আৰ্থিকভাৱে বহুখিনি সমস্যা হয় । দেউতাই যিহেতু দিন হাজিৰা কৰে । মা-দেউতাই অতি কষ্ট কৰি খেলিবলৈ পঠাইছে । আজি এই সফলতাৰ বাবে ভাল লাগিছে । খেলত আগুৱাই যোৱাৰ ক্ষেত্ৰত ৰঞ্জিত বৰুৱাই যথেষ্ট সহায় কৰিছে ।"

অতি পিছপৰা গাঁৱৰ পৰা গৈ অৰ্জন কৰিছে সুনাম:
ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই সমাজকৰ্মী তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত বৰুৱাই কয়, "নতুন বছৰৰ আৰম্ভণিতে সমগ্ৰ অসমবাসীৰ বাবে ভাল খবৰ । পিংকু লাহনে ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছে । অতি পিছপৰা গাঁৱৰ পৰা গৈ তেওঁ সুনাম অৰ্জন কৰিছে । এই খবৰে আমাক উৎফুল্লিত কৰিছে । ভৱিষ্যতে ইয়াতকৈ ভালদৰে খেলি সুনাম কৰিব তাৰ আশা কৰিছোঁ । খেলুৱৈগৰাকীৰ মাক-দেউতাকে অতি কষ্ট কৰি খেলুৱৈগৰাকীক খেলিবলৈ আগবঢ়াই নিছে ।"

