ETV Bharat / sports

সন্ত্ৰাসবাদ ! দোমোজাত পাকিস্তান-শ্ৰীলংকা শৃংখলা, বোমা বিস্ফোৰণৰ পিছত ঘৰলৈ ঘূৰি আহিবলৈহে সাজু খেলুৱৈ

বোমা বিস্ফোৰণৰ ফলত বিপন্ন হৈ পৰিছে পাকিস্তান-শ্ৰীলংকাৰ এদিনীয়া শৃংখলা । মেচৰ বিপৰীতে নিজৰ ঘৰলৈহে উভতি যাবলৈ আগ্ৰহী খেলুৱৈসকল ।

SRILANKA TOUR OF PAKISTAN IN DANGER
পাকিস্তান বনাম শ্ৰীলংকা শৃংখলা (IANS)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 12:53 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সন্ত্ৰাসবাদৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে পাকিস্তান । সন্ত্ৰাসবাদৰ দ্বাৰা পৰিচালিত পাকিস্তানে ভাৰতকে ধৰি আন দেশতো সন্ত্ৰাস বিয়পোৱাৰ যৎপৰোনাস্তি চেষ্টা কৰি আছে যদিও তেওঁলোকে পাহৰি যায় যে সন্ত্ৰাসবাদে নিজৰ দেশকো গ্ৰাস কৰি আছে ! পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত চলি থকা এদিনীয়া শৃংখলাতো একেধৰণৰ দৃশ্যপট স্পষ্ট হৈ পৰিছে ।

শেহতীয়াকৈ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ছিৰিজৰ বাকী থকা মেচসমূহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

দৰাচলতে ইছলামবাদত আত্মঘাতী বোমা বিস্ফোৰণৰ স্থানৰ ওচৰতে আছিল শ্ৰীলংকাৰ খেলুৱৈসকল । বোমা বিস্ফোৰণৰ পিছত শ্ৰীলংকাৰ খেলুৱৈ আৰু ক্ৰীড়া কৰ্মচাৰীসকল শংকিত হৈ পৰিছে ৷ তেওঁলোকে পাকিস্তানৰ পৰা নিজৰ গৃহ দেশলৈ উভতি যাবলৈ বিচাৰিছে ৷ ১৬ জনীয়া দলটোৰ ৮ জন খেলুৱৈয়ে নিজৰ সুৰক্ষাৰ আশংকাত ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছে ।

SRILANKA TOUR OF PAKISTAN IN DANGER
পাকিস্তান ক্ৰিকেট দল (IANS)

টেলিকম এছিয়া স্প’ৰ্টছৰ এক প্ৰতিবেদন অনুসৰি, দ্বিতীয়খন এদিনীয়াৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে বৃহস্পতিবাৰে খেলুৱৈসকলে ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় । কিন্তু এই সন্দৰ্ভত শ্ৰীলংকাৰ ব’ৰ্ডে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই, কিয়নো পাকিস্তান কৰ্তৃপক্ষই তেওঁলোকৰ সুৰক্ষাৰ আশ্বাস দিছে । শ্ৰীলংকা ক্ৰিকেটে খেলুৱৈসকলক ইয়াৰ পৰা আঁতৰি গ’লে তেওঁলোকক দুবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ প্ৰদান কৰিছে । ইফালে পি চি বি(Pakistan Cricket Board)ৰ অধ্যক্ষ মহছিন নাকৱীয়ে ইছলামবাদত তেওঁলোকৰ হোটেলত শ্ৰীলংকাৰ খেলুৱৈসকলৰ সৈতে সাক্ষাৎ কৰি সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস দিয়ে । ক্ৰিক্ইনফ'ৰ মতে, পি চি বিৰ অধ্যক্ষ মহছিন নকভিয়ে ঘোষণা কৰে যে এতিয়া ১৩ আৰু ১৫ নৱেম্বৰৰ পৰিৱৰ্তে ১৪ আৰু ১৬ নৱেম্বৰত খেল অনুষ্ঠিত হ’ব ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ পিছত ১৯ নৱেম্বৰৰ পৰা পাকিস্তানত আৰম্ভ হ’ব ৷ শ্ৰীলংকা আৰু জিম্বাবুৱেই টি-২০ ট্ৰাই ছিৰিজ খেলিব, যিটো আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

SRILANKA TOUR OF PAKISTAN IN DANGER
শ্ৰীলংকা ক্ৰিকেট দল (IANS)

মঙলবাৰে খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ৱানাত কেডেট একাডেমীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও পাকিস্তানত টাৰ্গেট কৰা হৈছিল শ্ৰীলংকাৰ দলটোক ।

২০০৯ চনৰ ৩ মাৰ্চত গাড্ডাফি ষ্টেডিয়ামৰ ওচৰত বন্দুকধাৰীয়ে তেওঁলোকৰ টীমৰ বাছত আক্ৰমণ চলায় । সেই আক্ৰমণত শ্ৰীলংকাৰ ৭ জন খেলুৱৈ আহত হোৱাৰ লগতে ৮ জন আৰক্ষী নিহত হয় ।

লগতে পঢ়ক : OLX-ৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰিছিল, সামান্যতমো উমান পোৱাহেঁতেন মই গাড়ীখন বিক্ৰী নকৰিলোহেঁতেন: গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানটোৰ মালিক

লগতে পঢ়ক : আল কায়দা গুজৰাটৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰ গোচৰত উত্তৰ-পূৰ্বাঞ্চলসহ ৫ ৰাজ্যত NIAৰ অভিযান