ETV Bharat / sports

সিদ্ধান্ত সলনি হ’ল, ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব পাকিস্তান

ইয়াৰ পূৰ্বে পাকিস্তানে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱা বাংলাদেশৰ সৈতে সংহতিৰ চিনস্বৰূপে প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল ৷

T20 WORLD CUP 2026
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : February 10, 2026 at 9:22 AM IST

|

Updated : February 10, 2026 at 10:16 AM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচ খেলাৰ সিদ্ধান্ত লৈছে পাকিস্তানে৷ পাকিস্তান চৰকাৰে নিজৰ দলটোক অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ খেলখন খেলিবলৈ কয় ৷

পাকিস্তান চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, “বিভিন্ন দেশৰ সৈতে হোৱা আলোচনাৰ ফলাফল আৰু বন্ধুত্বপূৰ্ণ দেশৰ অনুৰোধত পাকিস্তান চৰকাৰে পাকিস্তান ৰাষ্ট্ৰীয় ক্ৰিকেট দলক ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত, আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচৰ বাবে খেলপথাৰত নামিবলৈ নিৰ্দেশ দিছে ৷”

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী আমিনুল ইছলামে ঢাকাত এক বিবৃতি প্ৰকাশ কৰি পাকিস্তানক খেলৰ মংগলৰ বাবে খেলিবলৈ আহ্বান জনোৱাৰ পিছতে দেশখনে বৰ্জন প্ৰত্যাহাৰ কৰিব বুলি স্পষ্ট হৈ পৰিল ৷

পাকিস্তান চৰকাৰৰ বিবৃতিত আৰু কোৱা হৈছে, "এই সিদ্ধান্ত ক্ৰিকেটৰ মনোভাৱ ৰক্ষাৰ বাবে আৰু অংশগ্ৰহণকাৰী সকলো দেশতে এই বিশ্বব্যাপী ক্ৰীড়াক বজাই ৰখাত সহায় কৰিবলৈ লোৱা হৈছে ৷" পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ ডিছানায়কেৰ পৰাও ফোন লাভ কৰে আৰু তেওঁ দলটোক মেচ খেলিবলৈ অনুমতি দিবলৈও আহ্বান জনায় ৷ "শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক বৰ্তমানৰ অচলাৱস্থা সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধানৰ বাবে গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ অনুৰোধ জনায় ।"

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকৱীয়ে দেওবাৰে শ্বৰীফক আই চি চিৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰাৰ পিছতে এই চৰকাৰী বিবৃতি প্ৰকাশ পায় ৷ নাকৱীয়ে পূৰ্বে কৈছিল যে চূড়ান্ত সিদ্ধান্তত উপনীত হ’বলৈ আৰু এদিন লাগিব ৷

তেওঁ জোৰ দি কয়, "বাংলাদেশৰ স্থিতি শুদ্ধ আছিল, গতিকে আমি তেওঁলোকক সমৰ্থন কৰিবলগীয়া হৈছিল ৷" নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি ভাৰতত খেলিবলৈ অস্বীকাৰ কৰাৰ বাবে বাংলাদেশক প্ৰতিযোগিতাখনৰ পৰা বহিষ্কাৰ কৰা হয় ৷

ইছলামে ঢাকাত এক বিবৃতি প্ৰকাশ কৰি পাকিস্তানে দেশখনক দিয়া সমৰ্থনৰ বাবে ধন্যবাদ জনাই যদিও খেলৰ মংগলৰ বাবে দলটোক হাই-প্ৰফাইল খেলখনত উপস্থিত থাকিবলৈ অনুৰোধ জনায় ৷

তেওঁ লগতে কয় যে কালি মোৰ পাকিস্তান ভ্ৰমণৰ পিছত আৰু আমাৰ আলোচনাৰ আগন্তুক ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি মই পাকিস্তানক অনুৰোধ কৰিছো যে সমগ্ৰ ক্ৰিকেট পৰিৱেশ তন্ত্ৰৰ সুবিধাৰ্থে ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে আই চি চি টি-২০ বিশ্বকাপৰ খেলখন খেলিব লাগে

ইয়াৰ কিছু সময়ৰ পাছতে আই চি চিয়েও ডুবাইত এক বিবৃতি প্ৰকাশ কৰি ভাৰতত খেলিবলৈ অস্বীকাৰ কৰাৰ বাবে বাংলাদেশক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰে বুলি উল্লেখ কৰে ৷

বিশ্ব সংস্থাটোৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, “সাম্প্ৰতিক বিষয়ত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ ওপৰত কোনো ধৰণৰ আৰ্থিক, ক্ৰীড়া বা প্ৰশাসনিক শাস্তি প্ৰদান কৰা নহ’ব বুলি সহমতত উপনীত হৈছে ৷”

বিবৃতিত লগতে কোৱা হৈছে, "বি চিবিয়ে ইচ্ছা কৰিলে বিবাদ নিষ্পত্তি সমিতিৰ (ডি আৰ চি) কাষ চাপিব পৰাৰ অধিকাৰ স্বীকৃতি দিয়া হৈছে ৷ এই অধিকাৰ বৰ্তমানৰ আই চি চিৰ নিয়মৰ অধীনত আছে আৰু অক্ষত থাকিব ৷" তদুপৰি ২০২৮ চনৰ পৰা ২০৩১ চনৰ ভিতৰত এটা বিশ্বব্যাপী অনুষ্ঠানৰ বাবে বাংলাদেশক আয়োজনৰ অধিকাৰ প্ৰদান কৰিবলৈও আই চি চিয়ে সন্মত হয় ৷

আই চি চিৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ ভাবুকিৰ বাবে পি চি বি হেঁচাত পৰিছে বুলি দিয়া পৰামৰ্শ নাকৱীয়ে নাকচ কৰে ৷ তেওঁ কয়, "আপুনি জানে আমি এই ভাবুকিবোৰলৈ একেবাৰেই ভয় নকৰো ৷ আমাৰ ফিল্ড মাৰ্শ্বাল (অসীম মুনীৰ)ক সকলোৱে চিনি পায় ৷ আমি কোনো শাস্তিৰ বাবে চিন্তিত নহয় ৷"

দেওবাৰে আই চি চিৰ উপাধ্যক্ষ ইমৰাণ খোৱাজাৰ সৈতে হোৱা বৈঠকত নাকৱীয়ে ভাৰত-পাক দ্বিপাক্ষিক ক্ৰিকেট পুনৰ আৰম্ভ কৰা আৰু বাংলাদেশৰ সৈতে জড়িত ত্ৰিদেশীয় ছিৰিজকে ধৰি কেইবাটাও দাবী উত্থাপন কৰা বুলি জানিব পৰা গৈছে ৷

ইয়াৰ উদ্দেশ্য আছিল বিশ্বব্যাপী ইভেণ্টৰ পৰা বি চি বিৰ আচৰিত ধৰণৰ প্ৰস্থানৰ পিছত হোৱা লোকচানৰ ক্ষতিপূৰণ ৷ যদিও ভাৰত-পাক দ্বিপাক্ষিক ক্ৰিকেট আই চি চিৰ অধীনত নাই, তথাপিও তৎক্ষণাত ত্ৰিদেশীয় ছিৰিজৰ দাবী নাকচ কৰা হয় ৷ ভাৰতে এক দশকৰো অধিক সময় ধৰি ত্ৰিৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলা নাই ৷ অৱশ্যে পৰৱৰ্তী পুৰুষৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বাংলাদেশক প্ৰদান কৰাৰ কথা চিন্তা কৰিব পাৰে আই চি চিয়ে ৷ পি চি বিৰ এক সূত্ৰই জনোৱা মতে, খোৱাজাৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত নাকৱীয়ে কেইবাটাও অভিযোগ উত্থাপন কৰে ৷

সূত্ৰটোৱে কয়, ‘পাকিস্তানৰ দলটোৱে ভাৰতীয় ব’ৰ্ডৰ এজন বিষয়াৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে আই চি চি মৌন হৈ থাকিলহেঁতেন নেকি বুলি তেওঁ খোৱাজাক প্ৰশ্ন কৰে ৷ এছিয়া কাপৰ ট্ৰফীটো ডুবাইৰ এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুখ্য কাৰ্যালয়ত আবদ্ধ হৈ আছে, কিয়নো বৰ্তমান সংস্থাটোৰ মুৰব্বী নাকৱীয়ে স্পষ্ট কৰি দিছিল যে সংবাদ মাধ্যমৰ সম্পূৰ্ণ দৃষ্টিত কেৱল তেওঁহে উপস্থাপনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব ৷

পাকিস্তানৰ এই সিদ্ধান্তক আদৰণি শ্ৰীলংকাৰ

টুৰ্ণামেণ্টৰ সহ-আয়োজক শ্ৰীলংকাই পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলাৰ সিদ্ধান্তক আদৰণি জনায় ৷ এক্সৰ এটা পোষ্টত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ ডিছানায়কে এই সিদ্ধান্তৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷ ডিছানায়কে কয়, "ধন্যবাদ প্ৰধানমন্ত্ৰী, আমি সকলোৱে ভালপোৱা খেলখন যাতে চলি থাকে সেয়া নিশ্চিত কৰাৰ বাবে ৷ কলম্বোত চলি থকা টি-২০ ক্ৰিকেট বিশ্বকাপত বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ মেচখন পৰিকল্পনা অনুসৰি অনুষ্ঠিত হ’ব বুলি মই আনন্দিত ৷"

তেওঁ লগতে কয়, "প্ৰতিযোগিতাখনৰ সহ-আয়োজক হিচাপে শ্ৰীলংকাই আই চি চি আৰু সংশ্লিষ্ট সকলোকে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছে ৷ ১৯৯৬ চনৰ বিশ্বকাপৰ সময়ত ভাৰত আৰু পাকিস্তান দুয়োখন দেশে দেখুওৱা সংহতিক শ্ৰীলংকাই পাহৰা নাই, যেতিয়া তেওঁলোকে কলম্বোত খেলিছিল যদিও আন দেশসমূহে নিৰাপত্তাজনিত কাৰণত খেলা নাছিল ৷"

লগতে পঢ়ক : কণ্ডিশ্যন এপ্লাই ! ভাৰতৰ সৈতে মেচ খেলিব পাকিস্তানে, বান্ধি দিলে এই চৰ্ত

পাকিস্তান-বাংলাদেশৰে বৈঠক আই চি চিৰ; ভাৰত-পাক মেচখনক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ অতি সোনকালে সমাধানৰ সম্ভাৱনা

ভাৰত-পাকিস্তানৰ খেল : আই চি চিয়ে যি ক’ব সেয়াই মানি ল'ব বি চি চি আয়ে

Last Updated : February 10, 2026 at 10:16 AM IST