শ্ৰীলংকান ক্ৰিকেট দলৰ পাকিস্তান ভ্ৰমণ; আলহী দলৰ নিৰাপত্তাৰ দায়িত্ব সেনাক অৰ্পণ
পি চি বিৰ অধ্যক্ষ তথা মন্ত্ৰী মহছিন নাকভিয়ে নিশ্চিত কৰিছে যে সেনাপ্ৰধান মুনিৰে শ্ৰীলংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী প্ৰমিতা বন্দৰা টেনাকুনক দলটোৰ সুৰক্ষাৰ আশ্বাস দিছে ।

Published : November 14, 2025 at 12:31 PM IST
ৰাৱালপিণ্ডি : পাকিস্তান ভ্ৰমণ কৰিবলগীয়া শ্ৰীলংকান ক্ৰিকেট দলটোৰ নিৰাপত্তাৰ দায়িত্ব দেশখনৰ সেনাবাহিনীৰ হাতত অৰ্পণ কৰা হৈছে । সেনাপ্ৰধান আছিম মুনিৰৰ হস্তক্ষেপত সন্ত্ৰাসজৰ্জৰিত দেশখন ভ্ৰমণ কৰিবলৈ সিংহলী দলটোৱে মান্তি হোৱাত পাক চৰকাৰে তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব সেনাবাহিনীক অৰ্পণৰ সিদ্ধান্ত লয় । উল্লেখ্য যে বিগত কিছুদিন ধৰি ধাৰাবাহিক বোমা বিস্ফোৰণে ইছলামাবাদক জোকাৰি যোৱাৰ পিছত শ্ৰীলংকান দলটোৰ নিৰাপত্তা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল । তাৰ পিছতে পাকিস্তান ক্ৰিকেট বোৰ্ড তথা পাক চৰকাৰৰ এই সিদ্ধান্ত ।
পি চি বিৰ অধ্যক্ষ তথা ফেডাৰেল আভ্যন্তৰীণ মন্ত্ৰী মহছিন নাকভিয়ে কয় যে যিহেতু এতিয়া ভ্ৰমণকাৰী দলটোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰা হৈছে, সেয়েহে বৰ্তমান তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব আৰক্ষীৰ সৈতে সংগতি ৰাখি সেনা আৰু ৰেঞ্জাৰসকলে গ্ৰহণ কৰিব ।
বৃহস্পতিবাৰে নিশা ৰাৱালপিণ্ডি ষ্টেডিয়ামত পাকিস্তানী আৰু শ্ৰীলংকান খেলুৱৈসকলক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত নাকভিয়ে কয় যে শ্ৰীলংকা চৰকাৰ আৰু বোৰ্ডে এই ভ্ৰমণ অব্যাহত ৰাখি পাকিস্তান ক্ৰিকেটৰ প্ৰতি যথেষ্ট সমৰ্থন দেখুৱাইছে ।
তেওঁ এই কথাও কয় যে ইছলামবাদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তাজনিত চিন্তাৰ বাবে শ্ৰীলংকাৰ একাংশ খেলুৱৈ ঘৰলৈ উভতি যাব বিচাৰিছিল । "পাকিস্তান আৰু শ্ৰীলংকান নেতৃত্বৰ মাজত স্থায়ী সংযোগৰ জৰিয়তেহে ইতিবাচক ফলাফল লাভ কৰা হৈছে ।" তেওঁ কয় ।
লগতে তেওঁ নিশ্চিত কৰে যে সেনাপ্ৰধান মুনিৰে শ্ৰীলংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী প্ৰমিতা বন্দৰা টেনাকুনক দলটোৰ সুৰক্ষাৰ আশ্বাস দিছে । "ফিল্ড মাৰ্শ্বলে নিজেই শ্ৰীলংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সচিবৰ সৈতে কথা পাতে আৰু মই কৃতজ্ঞ যে খেলুৱৈসকলে পাকিস্তানত থকাৰ সিদ্ধান্ত লোৱাৰ বাবে অতি সাহস দেখুৱাইছে ।" তেওঁ লগতে কয় ।
নাকভিয়ে কয় যে তেওঁ নিজেই শ্ৰীলংকাৰ খেলুৱৈসকলৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হৈ তেওঁলোকৰ সুৰক্ষা আৰু মংগলৰ দায়িত্ব পাকিস্তান চৰকাৰৰ বুলি আশ্বাস দিয়ে ।
আনহাতে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ ডিছানায়কে খেলুৱৈসকলক পতিয়ন নিয়াবলৈ নিজৰ দেশৰ দলটোৰ সৈতে কথা পতা বুলি উল্লেখ কৰি নাকভিয়ে কয়, "তেওঁলোকৰ বহু চিন্তা আছিল, কিন্তু আমি সেই সকলোবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ ।" উল্লেখ্য যে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত নিউজীলেণ্ডৰ দলটোৱে ৰাৱালপিণ্ডিত তেওঁলোকৰ প্ৰতি নিৰাপত্তাজনিত ভাবুকিৰ বিষয়ে বিশ্বাসযোগ্য তথ্য লাভ কৰাৰ পিছতে পাকিস্তান ভ্ৰমণ পৰিহাৰ কৰিছিল ।

