আইপিএল নহয় যেন ভিএছএছহে ! ৰাজস্থান ৰয়েলছৰ বিস্ময় বালকে আঁজুৰিলে বঁটাৰ 'বৈভৱ'
এইবাৰৰ আইপিএলক বহুতে Vaibhav Sooryavanshi Series বুলি ক'ব খোজে ।

Published : June 1, 2026 at 8:01 PM IST
হায়দৰাবাদ: বয়স মাত্ৰ ১৫ বছৰ । কিন্তু ১৫ বছৰ ধৰি ক্ৰিকেট সাম্ৰাজ্যত সম্ৰাট হিচাপে বিবেচিত যিকোনো বেটাৰকে তেওঁ ধূলিসাৎ কৰি দিব পাৰে । শৈশৱৰ গোন্ধ এতিয়াও গাৰ পৰা ভালদৰে যোৱাই নাই, কিন্তু দুবছৰীয়া ক্ৰিকেট যাত্ৰাতে অভিলেখৰ পাহাৰ গঢ়িছে । যাৰ বাবে এতিয়া তেওঁ ভাৰততে নহয়, বিশ্ব ক্ৰিকেটতো নয়নৰ মণি হৈ পৰিছে । লগতে তেওঁৰ হাতৰ বেটৰ যাদুত যে কোনো অভিলেখে দীৰ্ঘদিন সুৰক্ষিত হৈ নাথাকিব তাৰো বাৰ্তা প্ৰেৰণ কৰিছে । এইগৰাকী বিস্ময় বালক আন কোনো নহয়, বেটেৰে বজ্ৰ নিনাদ আৰম্ভ কৰা, ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ 'বৈভৱ' বৈভৱ সূৰ্যবংশী ।
আইপিএলৰ ফ্ৰেন্সাইজী ৰাজস্থান ৰয়েলছৰ যুৱ প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৬ৰ সামৰণি সমাৰোহত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দি ছিজনটোৰ শেষত প্ৰদান কৰা বঁটাত নিজৰ আধিপত্য বিস্তাৰ কৰে । উল্লেখ্য যে এইবাৰৰ আইপিএলৰ ফাইনেলত গুজৰাট টাইটানছক (জিটি) পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়টো খিতাপ দখল কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে (আৰচিবি) খিতাপৰ দৌৰত শিৰোনাম দখল কৰে । কিন্তু কোৱালিফায়াৰ ২ত ৰাজস্থান ৰয়েলছ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱাৰ পিছতো নিজৰ উল্লেখযোগ্য ৰাণ পৰিসংখ্যাৰ বাবে সূৰ্যবংশী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে ।
Swept the field with his skills. Swept the season with awards 🏆
— IndianPremierLeague (@IPL) May 31, 2026
1️⃣5️⃣ years old and already needing a bigger trophy cabinet 👏#TATAIPL | #Final | #TheFinalLeap | #RCBvGT pic.twitter.com/bIYKIHfgRD
বাঁওহতীয়া বেটছমেনগৰাকীয়ে এইবাৰ ছিজনৰ চাৰিটা বৃহৎ ব্যক্তিগত সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু এক অভিলেখ ভংগকাৰী অভিযানৰ অন্ত পেলায় । তেওঁ লাভ কৰা সন্মানৰ ভিতৰত আছে 'ম'ষ্ট ভেলুৱেবল প্লেয়াৰ' বঁটা, 'ইমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন', 'ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন' আৰু 'ছুপাৰ ছিক্সেছ অব দ্য ছিজন'ৰ বঁটা ।
ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰা সূৰ্যবংশীয়ে প্ৰতিবাৰ খেলপথাৰত প্ৰৱেশৰ পিছতে বিপক্ষৰ সকলো বলাৰকে ত্ৰাহি মধুসূদন দেখুৱাই আহিছে । তেওঁৰ বিস্ফোৰক বেটিং শৈলীয়ে তেওঁক ২৩৭.৩০ ষ্ট্ৰাইক ৰেট আৰু গড়ে ৪৮.৫০ ৰাণেৰে ১৬টা ইনিংছৰ পৰা ৭৭৬ ৰাণ সংগ্ৰহ কৰাত সহায় কৰে ।
He came. He entertained. He conquered 🔥
— IndianPremierLeague (@IPL) May 31, 2026
Vaibhav Sooryanashi delivers a season for ages winning the Orange Cap 🧢👑#TATAIPL | #Final | #TheFinalLeap | #RCBvGT pic.twitter.com/Vzvpm163UE
তেওঁৰ বেটিং বিক্ৰমৰ বাবেই ৰাজস্থান ৰয়েলছক কোৱালিফায়াৰ ২ত প্ৰৱেশ কৰাত সহায় কৰে । অৱশ্যে বৈভৱৰ এক সাহসী তথা পৰিপক্ব ইনিংছ সত্ত্বেও গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাজয়বৰণ কৰি প্ৰতিযোগিতাখনৰ পৰা বিদায় ল'বলগা হয় । আনহাতে, ৰাণ আৰু ৰেকৰ্ডৰ বাবে ক্ষুধাতুৰ সূৰ্যবংশীয়ে বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ৰাজকীয় টুৰ্ণামেণ্টখনৰ শেষত বঁটা গ্ৰহণ কৰি কয় যে অহা বছৰ তেওঁ অধিক শক্তিশালী হৈ ঘূৰি অহাৰ লক্ষ্য ৰাখিব ।
সূৰ্যবংশীয়ে কয়, "অতি ভাল অনুভৱ হৈছে । কিন্তু মই চাপ অনুভৱ কৰিছোঁ, কাৰণ মই ইয়ালৈ সাক্ষাৎকাৰৰ বাবে আহিছোঁ । মই কঠোৰ পৰিশ্ৰম কৰি আগন্তুক ছিজনত মোৰ প্ৰদৰ্শন উন্নত কৰাৰ চেষ্টা কৰিম । মই মোৰ খেলক উন্নত কৰিবলৈ চেষ্টা কৰিম আৰু যদি প্ৰথম বলটো মোৰ আয়ত্তাধীন এলেকাত থাকে, তেন্তে মই খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়াবলৈ বিচাৰিম আৰু সেই ধৰণেই খেলিবলৈ চেষ্টা কৰিম ।"
"মই প্ৰেচাৰ গেমত (চাপপূৰ্ণ খেলত) কেনেকৈ খেলিব লাগে সেয়া শিকিলোঁ । আপুনি কেৱল এটা শৈলীত খেলিব নোৱাৰে । দলটোক যি লাগে আৰু পৰিস্থিতিয়ে যি দাবী কৰে সেই অনুসৰি খেলিব লাগিব । মই প্লে'-অফৰ পৰা শিকিলোঁ । সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।" নিজৰ খেলৰ ওপৰত আত্মবিশ্বাসী বৈভৱে কয় ।
তেওঁ লগতে কয়, "যদি মই দীৰ্ঘদিন খেলি যাব লাগে তেন্তে মই নিজকে আঘাতৰ পৰা ৰক্ষা কৰিব লাগিব । মই এতিয়া মোৰ ফিটনেছৰ ওপৰত কাম কৰিব লাগিব ।"
আইপিএল ২০২৬ : কোনে কি জয় কৰিলে
- ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ (Most Valuable Player of the Season) : বৈভৱ সূৰ্যবংশী (৪৩৬.৫ এমভিপি পইণ্ট)
- অৰেঞ্জ কেপ বিজয়ী (Orange Cap Winner) : বৈভৱ সূৰ্যবংশী (৭৭৬ ৰাণ)
- পাৰ্পল কেপ বিজয়ী (Purple Cap Winner) : কাগিছ’ ৰাবাডা (২৯ উইকেট)
- ফেয়াৰ প্লে বঁটা (Fair Play Award) : পঞ্জাব কিংছ
- কেচ অব দ্য ছিজনৰ বঁটা (Catch of the Season Award) : মণীষ পাণ্ডে
- ছিজনৰ সৰ্বাধিক ডট বল (Most Dots in the Season) : মহম্মদ চিৰাজ (১৭২)
- ছিজনৰ সৰ্বাধিক চাৰি (Most Fours of the Season) : বি সাই সুদৰ্শন (৭৫)
- ছিজনৰ ছুপাৰ ছয় (Super Sixes of the Season) : বৈভৱ সূৰ্যবংশী (৭২)
- ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ (Super Striker of the Season) : বৈভৱ সূৰ্যবংশী
- ছিজনৰ উদীয়মান খেলুৱৈ (Emerging Player of the Season) : বৈভৱ সূৰ্যবংশী
- গ্ৰীণ ডট বল বঁটা (Green Dot Ball Award) : মহম্মদ ছিৰাজ (গুজৰাট টাইটানছ, ১৭২ ডট বল)
- শ্ৰেষ্ঠ পিটচ আৰু খেলপথাৰ : ইডেন গাৰ্ডেন, কলকাতা (পাঁচখন বা ততোধিক মেচ আয়োজন কৰা)
- শ্ৰেষ্ঠ পিটচ আৰু খেলপথাৰ : এইচপিচিএ ষ্টেডিয়াম, ধৰ্মশালা (পাঁচখন বা ততোধিক মেচ আয়োজন কৰা)
সূৰ্যবংশীৰ একাউণ্টলৈ কিমান ধন গ'ল ?
এইগৰাকী যুৱ ক্ৰিকেটাৰে একাধিক বঁটা লাভ কৰিছে আৰু তেওঁ প্ৰায় ৫০ লাখ টকা ঘৰলৈ লৈ যাব । অৰেঞ্জ কেপ, ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ, ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ আৰু ছিজনৰ ছুপাৰ ছয় সন্মান লাভ কৰাৰ বাবে তেওঁক ১০ লাখকৈ পুৰস্কৃত কৰা হয় । আনহাতে, সূৰ্যবংশী আছিল এইবাৰ ছিজনৰ উদীয়মান খেলুৱৈ আৰু সেয়েহে তেওঁ ইয়াৰ বাবেও আৰু ১০ লাখ টকা লাভ কৰে । গতিকে মুঠতে সূৰ্যবংশীয়ে ঘৰলৈ লৈ যাব ৫০ লাখ টকা ।

