ETV Bharat / sports

টচেন বড়া সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ খিতাপ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ

উত্তৰ-পূব ৰে'লৱে দলে ইউনাইটেড চিৰাং দুৱাৰ ফুটবল দলক ৩-০ গ'লৰ ব্য়ৱধানত পৰাজিত কৰি দখল কৰিলে খিতাপ ।

Tashen Borah Memorial Football Tournament winner
টচেন বড়া সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ খিতাপধাৰী দলটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 1:25 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ : ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলত অন্তৰ্ভুক্ত হোৱা প্ৰথম অসমীয়া ফুটবলাৰ, অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক, প্ৰি-অলিম্পিয়ান টচেন বড়াৰ সোঁৱৰণত প্ৰথমবাৰলৈ অনুষ্ঠিত আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ বিজয়ী খিতাপ অৰ্জন কৰিলে উত্তৰ-পূব সীমান্ত ৰে'লৱে ।

নাহৰকটীয়া ক্ৰীড়া সন্থাৰ সৌজন্যত ৪ নৱেম্বৰৰ পৰা আয়োজন কৰা প্ৰথম বাৰ্ষিক টচেন বড়া সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনিৰ দেওবাৰে নিশা চূড়ান্ত খেল অনুষ্ঠিত হয় ।

প্ৰথম বাৰ্ষিক টচেন বড়া সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

ইউনাইটেড চিৰাং দুৱাৰ ফুটবল দল আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচা, কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক তেৰছ গোৱালা, অসম ক্ৰীড়া সন্থাৰ সভাপতি, বিধায়ক তথা নাহৰকটীয়া ক্ৰীড়া সন্থাৰ সভাপতি তৰংগ গগৈ, অসম ফুটবল সন্থাৰ উপ-সভাপতি শান্তনু ভৰালীয়ে ।

Tashen Borah Memorial Football Tournament
প্ৰথম বাৰ্ষিক টচেন বড়া সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

প্ৰতিযোগিতাখনৰ আৰম্ভণিতে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এহেজাৰ শিল্পীয়ে দুয়োগৰাকী শিল্পীৰ গীত পৰিৱেশন কৰে ।‌ হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত উত্তৰ-পূব ৰে'লৱে দলে ইউনাইটেড চিৰাং দুৱাৰ ফুটবল দলক ৩-০ গ'লৰ ব্য়ৱধানত পৰাজিত কৰে ।

উচ্চ প্ৰশংসা ক্ৰীড়া মন্ত্ৰীৰ:

ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উপভোগ কৰি এই প্ৰতিযোগিতাক উচ্চ প্ৰশংসা কৰে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাই ।‌

Tashen Borah Memorial Football Tournament
প্ৰথম বাৰ্ষিক টচেন বড়া সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত ক্ৰীড়ামন্ত্ৰী (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়, "এইখন বহুত উন্নতমানৰ ফুটবল প্ৰতিযোগিতা । নাহৰকটীয়া খেলপথাৰত দেখি ভাল লাগিছে । এইখন ৰাজ্যিক পৰ্যায়ৰ এখন খেলপথাৰ । এই প্ৰতিযোগিতা যাতে প্ৰতিবছৰে অনুষ্ঠিত হয় তাৰ আশা কৰিছো ।"

Tashen Borah Memorial Football Tournament winner
বড়া সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ খিতাপধাৰী দলটো (ETV Bharat Assam)

ৰাজ্যৰ আগশাৰীৰ প্ৰতিযোগিতা হ'ব :

আমন্ত্ৰণমূলক দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত থাকি মন্ত্ৰী ৰূপেশ গোৱালাই কয়, "কিংবদন্তী ফুটবলাৰ, অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়কৰ সোঁৱৰণত এই ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা বাবে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক ধন্যবাদ জনাইছো । নাহৰকটীয়া খেলৰ বাবে জনপ্ৰিয় ঠাই । ইয়াৰ ৰাইজৰ ফুটবলৰ প্ৰতি আকৰ্ষণ আৰু ধাউতি আছে । এই প্ৰতিযোগিতাখন ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ প্ৰতিযোগিতা হওক তাকে কামনা কৰিছো ।‌"

লগতে পঢ়ক:জুবিন গাৰ্গ নক্ আউট ফুটবল টুৰ্ণামেণ্টত ২/১ গলত জয়ী মেঘালয়ৰ লাষ্টকিং এফচি

টচেন বড়া সোঁৱৰণী ফুটবল মেচ উপভোগ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই