ETV Bharat / sports

নিশান্ত যাব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৭ অনুৰ্ধৰ ক্ৰিকেট খেলিবলৈ

খেলুৱৈগৰাকীৰ সপোন ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলাৰ ।

Nishant Borah from Nagaon , secured a place in the international under-17 cricket level
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৭ বছৰ অনুৰ্ধৰ ক্ৰিকেটত স্থান লাভ নিশান্ত বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2026 at 6:02 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও: বিশ্ব এথলেটিকত হিমা দাসে নাম উজলোৱা নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰখনক জিলিকাই তুলিবলৈ আগবাঢ়িছে নগাঁৱৰ আন এগৰাকী খেলুৱৈয়ে । নাম তেওঁৰ নিশান্ত বৰা । ভৱিষ্যতে আই পি এলেই নহয়, ভাৰতীয় ক্ৰিকেট দলত খেলাৰ সপোন বুকুত লৈয়েই এখোজ দুখোজকৈ আগবাঢ়িছে নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱৰ প্ৰাণজিৎ বৰা আৰু বৰষা বৰাৰ পুত্ৰ নিশান্ত বৰা । সৰুৰে পৰা ক্ৰিকেট খেলি ভালপোৱা নিশান্ত বৰাই এইবাৰ সুযোগ লাভ কৰিছে ৰাষ্ট্ৰীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনুৰ্ধৰ স্কুল গেমত অংশগ্ৰহণৰ ।

ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনুৰ্ধৰ স্কুল গেমত খেলাৰ বাবে সুযোগ লাভ কৰি নগাঁৱৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ যাত্রা আৰম্ভ কৰিছে নগাঁৱৰ নিশান্ত বৰাই । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৭ বছৰ অনুৰ্ধৰ স্কুল গেম ক্ৰিকেটত খেলাৰ বাবে স্থান লাভ কৰিছে নগাঁৱৰ নিশান্ত বৰাই । দেশৰ বিভিন্ন ৰাজ্যৰ বহুকেইটা দলে অংশগ্ৰহণ কৰিবলগীয়া ১৭ বছৰ অনুৰ্ধৰ স্কুল গেম ক্ৰিকেটত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম ইণ্ডিয়ান পাব্লিক স্কুল কনফাৰেন্স (IPSC) দলে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৭ বছৰ অনুৰ্ধৰ ক্ৰিকেটত স্থান লাভ নিশান্ত বৰাৰ (ETV Bharat Assam)

ইণ্ডিয়ান পাব্লিক স্কুল কনফাৰেন্স (IPSC) দলৰ হৈ খেলাৰ সুযোগ লাভ কৰা নগাঁৱৰ নিশান্ত বৰাই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ক্ৰিকেটাৰ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগা IPSC দলটোৰ খেলুৱৈসকলৰ প্ৰশিক্ষক হিচাপে থাকিব গৌতম গম্ভীৰৰ দৰে তাৰকা খেলুৱৈক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষক নবীন চোপ্ৰা । মঙলবাৰৰ পৰা নতুন দিল্লীত IPSC দলৰ প্ৰশিক্ষণো আৰম্ভ কৰিছে প্ৰশিক্ষক নবীন চোপ্ৰাই ।

Nishant Borah from Nagaon , secured a place in the international under-17 cricket level
পিতৃ-মাতৃৰ সৈতে নিশান্ত (ETV Bharat Assam)
Nishant Borah from Nagaon , secured a place in the international under-17 cricket level
প্ৰশিক্ষকৰ সৈতে নিশান্ত বৰা (ETV Bharat Assam)

২৬ এপ্ৰিলৰ পৰা তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত IPSC দলৰ হৈ খেলাৰ বাবে ইতিমধ্যেই ঘৰৰ পৰা ৰাওনা হৈছে নগাঁৱৰ নিশান্ত বৰা । চাৰিদিনীয়া প্ৰশিক্ষণৰ অন্তত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৭ বছৰ অনুৰ্ধৰ স্কুল ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিব নিশান্ত বৰাই স্থান লাভ কৰা IPSC দলটো ।

Nishant Borah from Nagaon , secured a place in the international under-17 cricket level
নিশান্ত বৰা আৰু তেওঁৰ সহযোগী ক্ৰিকেট খেলুৱৈসকল (ETV Bharat Assam)

ভৱিষ্যতে IPL অথবা ভাৰতীয় মূল ক্ৰিকেট দলত খেলাৰ সপোন থকাৰ কথা উল্লেখ কৰি ১৭ বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সুযোগ লাভ কৰা নগাঁৱৰ নিশান্ত বৰাই ই টিভি ভাৰতক কয়,"সৰুৰে পৰা মই ক্ৰিকেট খেলি ভাল পাওঁ । মই নগাঁৱৰ ৰত্নকান্ত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰত ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছিলোঁ । এতিয়া মই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ বাবে সুযোগ লাভ কৰাত বহুত আনন্দ অনুভৱ কৰিছোঁ । গৌতম গম্ভীৰৰ দৰে তাৰকা খেলুৱৈৰ প্ৰশিক্ষক নবীন চোপ্ৰাৰ প্ৰশিক্ষণ লাভ কৰাটোও মোৰ বাবে গৌৰৱৰ লগতে সৌভাগ্য । ভৱিষ্যতে মই আইপিএলৰ উপৰিও ভাৰতীয় ক্ৰিকেট দলত আনুষ্ঠানিকভাৱে খেলাৰ বাবে চেষ্টাক কৰিম ।”

অসম ভেলী স্কুলত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত নিশান্ত বৰাই প্ৰথম খোজতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটত সুযোগ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে নিশান্ত বৰাৰ পৰিয়াল । এতিয়া নিশান্ত বৰাৰ পৰিয়ালৰ লগতে নগাঁৱৰ সকলোৱে কামনা কৰিছে তেওঁৰ সাফল্য ।

লগতে পঢ়ক: ন্যায় বঞ্চিত অৰ্ণমাই বৰা: অভিযুক্ত মইনুলক দোষমুক্ত ঘোষণা উচ্চতম ন্য়ায়ালয়ৰ, তদন্তত আছিল গুৰুত্বপূৰ্ণ ত্ৰুটি

ধুবুৰীত দুষ্কৃতিকাৰীয়ে জ্বলালে বিহুৰ পেণ্ডেল: বিভিন্ন দল-সংগঠনৰ গৰিহণা