ETV Bharat / sports

বস্তিত 'ফুটছাল' খেলাৰ পৰা বিশ্ব তাৰকা হিচাপে বিদায় লোৱালৈকে... নেইমাৰৰ ফুটবল যাত্ৰা

সমগ্ৰ বিশ্বৰ অন্যতম তাৰকা ফুটবলাৰ নেইমাৰে ফুটবল জগতত দাৰিদ্ৰতাৰ পৰা সম্পত্তিৰ সম্ৰাটলৈকে এক অলৌকিক কাহিনীৰ মাজেৰে পাৰ হৈ গৈছে ।

Neymar
নেইমাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 8:27 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সোমবাৰৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপ ২০২৬ৰ ছেমিফাইনেল খেল । অৱশ্যে প্ৰতিযোগিতাখনৰ এই যাত্ৰাত ইতিমধ্যে ক্রিষ্টিয়ানো ৰোনাল্ডো, লুকা মড্ৰিচ আৰু নেইমাৰৰ দৰে কেইবাজনো তাৰকাৰ নিজৰ দেশৰ বাবে বিশ্বকাপ জয়ৰ সপোন ভাগি গৈছে । ৰাউণ্ড অব ৩২ত ক্ৰ’ৱেচিয়া বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে ৰাউণ্ড অব ১৬ত পৰ্তুগালে বিদায় মাগিছে । আনহাতে, নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈ ব্ৰাজিলৰো ৰাউণ্ড অব ১৬ত ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয়ৰ আশা নিৰ্বাপিত হয় । এই পৰাজয়ে ব্ৰাজিলৰ ফুটবলৰ বাবে এটা যুগৰ অন্ত পেলায় । কাৰণ দেশখনৰ তাৰকা ফৰৱাৰ্ড নেইমাৰে অৱসৰৰ কথা ঘোষণা কৰে ।

বস্তি অঞ্চলত ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল নেইমাৰে । বস্তিৰ পৰা গৈ পৰৱৰ্তী সময়ত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুদৃঢ় স্থান লাভ কৰিছিল । ক্ৰমান্বয়ে বিশ্ব ফুটবলৰ অন্যতম বিশ্ব তাৰকা হৈ পৰিছিল নেইমাৰ । ক্লাব ফুটবলৰ ইতিহাসৰ অন্যতম ব্যয়বহুল চুক্তিবদ্ধ খেলুৱৈ হিচাপে পৰিগণিত হৈ অৱশেষত এই ক্ৰীড়াৰ পৰা আঁতৰি যোৱাৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰে । আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণাৰ লগে লগে এইগৰাকী তাৰকা ফৰৱাৰ্ডে বিশ্ব ফুটবল মঞ্চত এক ৰিক্ততাৰ সৃষ্টি কৰি যায় ।

Neymar
নেইমাৰৰ ব্যক্তিগত তথ্য (ETV Bharat)

দাৰিদ্ৰতা আৰু শৈশৱৰ সংগ্ৰামৰ পৰা আৰম্ভ তেওঁৰ বিশ্বমুখী যাত্ৰা

১৯৯২ চনৰ ৫ ফেব্ৰুৱাৰীত ছাও পাওলো ৰাজ্যৰ মগি ডাছ ক্ৰুজেছত জন্মগ্ৰহণ কৰিছিল নেইমাৰ দা ছিলভা ছাণ্ট'ছ জুনিয়ৰে । তেওঁৰ পিতৃও এগৰাকী ফুটবলাৰ আছিল যদিও তেওঁ বিশেষ উচ্চতাতালৈ আৰোহণ কৰিব পৰা নাছিল । ইয়াৰ পিছত তেওঁ নিজৰ পুত্ৰক শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গঢ়ি তোলাটো নিজৰ মিছন হিচাপে গ্ৰহণ কৰিছিল আৰু ইয়াৰ বাবে সম্ভৱপৰ সকলো কৰিছিল । ব্ৰাজিলৰ এইগৰাকী ফৰৱাৰ্ডে চৰম দৰিদ্ৰতাৰ মাজত ডাঙৰ-দীঘল হৈছিল । ঘৰুৱা পৰিস্থিতি ইমানেই বেয়া আছিল যে কেতিয়াবা বিদ্যুৎ বন্ধ হৈ গৈছিল আৰু তেওঁলোকে মৌলিক প্ৰয়োজনীয় সামগ্ৰীও ক্ৰয় কৰিব পৰা নাছিল ।

সেই সময়ত যুৱ নেইমাৰে ৰাজপথত 'ফুটছাল' খেলিছিল আৰু ইয়ে তেওঁ এজন সফল ফুটবলাৰ হোৱাৰ ভেটি স্থাপন কৰিছিল ।

ক্লাব ফুটবলত অভিষেক আৰু বিশ্ব অভিলেখলৈ যাত্ৰা

সৰুতে ছাণ্ট'ছ এফ চিয়ে তেওঁৰ প্ৰতিভাৰ উমান পাইছিল আৰু তেওঁক দলটোৰ যুৱ দলত গ্ৰহণ কৰিছিল । নেইমাৰে ১৭ বছৰ বয়সত ভৰি দিয়া সময়লৈকে ইতিমধ্যে ক্লাববোৰে তেওঁক প্ৰতিযোগিতামূলক ফুটবলত ল'বৰ বাবে ইচ্ছা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে । অৱশেষত ২০০৯ চনৰ মাৰ্চ মাহত তেওঁৰ ক্লাব ফুটবলত অভিষেক ঘটে । তাৰ পিছত আৰু নেইমাৰে পিছলৈ ঘূৰি চাবলগা হোৱা নাই । ক্ৰমান্বয়ে এনে এটা পথত গতি কৰিবলৈ ধৰে যিয়ে তেওঁক উচ্চতাৰ শিখৰলৈ লৈ যায় । কাৰণ তেওঁ নিজকে ফুটবলৰ এক পৰিঘটনা হিচাপে প্ৰমাণ কৰিছিল ।

তেওঁৰ দক্ষতা প্ৰত্যক্ষ কৰাৰ পিছত এফ চি বাৰ্চিলোনাই তেওঁক ছাণ্ট'ছৰ পৰা ক্ৰয় কৰে । তাৰ পিছত ২০১৭ চনত পেৰিছ চেণ্ট জাৰ্মেনে ২২২ মিলিয়ন ইউৰোৰ মূল্যত তেওঁক ক্ৰয় কৰে । ইয়াৰ জৰিয়তে তেওঁ সেই সময়ৰ খেলুৱৈক এটা দলৰ পৰা আন এটা দললৈ বদলিৰ অভিলেখ ভংগ কৰিছিল । ইয়াৰ পিছত তেওঁ আল হিলাললৈ যায় যদিও ক্লাবটোৰ হৈ মাত্ৰ ৭ খন মেচত অংশগ্ৰহণ কৰি পুনৰ ল’ৰালিৰ ক্লাবটোলৈ ধাৱমান হয় ।

অৱশ্যে ২০২২ চনলৈকে তেওঁ ফৰ্মৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰে । কাৰণ এই সময়ছোৱাত তেওঁ সঘনাই আঘাতৰ সন্মুখীন হৈছিল ।

Neymar
নেইমাৰৰ কৃতিত্ব (ETV Bharat)

ক্লাব ফুটবলত নেইমাৰৰ কৃতিত্ব

নেইমাৰে ক্লাব ফুটবলৰ প্ৰথমটো ঐতিহাসিক কৃতিত্ব ২০১১ চনত অৰ্জন কৰিছিল । উক্ত বৰ্ষত তেওঁৰ দলে কোপা লিবাৰটাড’ৰেছত জয়ী হৈছিল । এইটো আছিল ছাণ্ট'ছৰ ৪৮ বছৰৰ ভিতৰত প্ৰথমটো খিতাপ ।

Neymar
নেইমাৰৰ কৃতিত্ব (ETV Bharat)

নেইমাৰে ইউএফএ চেম্পিয়নছ লীগৰ এটা খিতাপ, দুটা লা লিগা খিতাপ আৰু এটা ফিফা ক্লাব বিশ্বকাপ খিতাপ লাভ কৰে । পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে তেওঁ পাঁচটা লীগ দখল কৰে । লগতে ২০২০ চনত পিএছজিক প্ৰথমবাৰৰ বাবে ইউএফএ চেম্পিয়নছ লীগৰ ফাইনেললৈ লৈ যায় ।

ব্ৰাজিলৰ ফৰৱাৰ্ডগৰাকীৰ অভিলেখ আৰু মাইলৰ খুঁটি

ব্ৰাজিলৰ সৰ্বাধিক গ’লদাতা নেইমাৰে ৰাষ্ট্ৰীয় দলটোৰ হৈ ১৩০ খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি ৮০টা গ’ল দি পেলেৰ গ’লৰ সংখ্যা অতিক্ৰম কৰে ।

Neymar
নেইমাৰৰ কৃতিত্ব (ETV Bharat)

২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ব্ৰাজিলৰ হৈ তেওঁ সোণৰ পদক লাভ কৰে । মেচখনত পেনাল্টি শ্বুটআউটত জাৰ্মানীক পৰাস্ত কৰি ব্ৰাজিলে স্বৰ্ণ পদক লাভ কৰিছিল ।

ইউএফএ চেম্পিয়নছ লীগৰ ইতিহাসত সৰ্বকালৰ সৰ্বাধিক গ'ল দিয়া ব্ৰাজিলৰ খেলুৱৈ হিচাপে পৰিগণিত হোৱা নেইমাৰে এই প্ৰতিযোগিতাত ৪৩টা গ’ল নিজৰ নামত সংগ্ৰহ কৰিছে । আনহাতে, ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ ছেমিফাইনেল মেচৰ সময়ত হণ্ডুৰাছৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় দলৰ হৈ মাত্ৰ ১৪ ছেকেণ্ডতে গ’ল দি অলিম্পিকৰ ইতিহাসত দ্ৰুততম গ’লৰ অভিলেখ গঢ়িছে নেইমাৰে ।

২০২৬ ফিফা বিশ্বকাপত নেইমাৰৰ প্ৰদৰ্শন

শেহতীয়াকৈ নেইমাৰে আঘাতৰ সৈতে যুঁজি আহিছে আৰু বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে তেওঁৰ খেলক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল । তাৰ মাজতো এইবাৰ ফিফা বিশ্বকাপত দেশৰ হৈ মাত্ৰ দুখন মেচতহে অংশগ্ৰহণ কৰিবলৈ সক্ষম হয় আৰু মাত্ৰ এটা গ’লহে তেওঁৰ ভৰিৰ পৰা আহে । লগতে দুয়োখন মেচতে তেওঁ পৰিৱৰ্ত খেলুৱৈ হিচাপেহে খেলপথাৰত অৱতীৰ্ণ হয় আৰু অৱশেষত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :ফিফা বিশ্বকাপ ২০২৬: কোন কোন দলে মুখামুখি হ’ব ছেমিফাইনেলত, ভাৰতত বিনামূলীয়াকৈ কিদৰে উপভোগ কৰিব খেল ?
লগতে পঢ়ক :বিশ্বকাপৰ অন্যতম মাইলৰ খুঁটিত এমবাপে, অতিক্ৰম কৰিলে মেছিক