ETV Bharat / sports

নগাঁও মহাবিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় বক্সিং ৰেফাৰীলৈ নীলাক্ষী শইকীয়াৰ যাত্ৰা

সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি আগ্ৰহী নীলক্ষী শইকীয়া এতিয়া ৰাষ্ট্ৰীয় ৰেফাৰী । ক্ৰীড়াৰ জৰিয়তেও যে কেৰিয়াৰ গঢ়িব পাৰে তাৰেই প্ৰমাণ দিলে নগাঁৱৰ যুৱতীগৰাকীয়ে ।

Nagaon woman national boxing referee
নগাঁৱৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী নীলাক্ষী শইকীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 13, 2026 at 1:39 PM IST

3 Min Read
Choose ETV Bharat

চামগুৰি: দেশৰ ক্ৰীড়াক্ষেত্ৰত অসমীয়াৰ দপদপনি অব্যাহত আছে । বিভিন্ন ক্ৰীড়াত অসমৰ খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । কেৱল খেলাই নহয় খেল পৰিচালনাৰ দিশতো এতিয়া অসমীয়া আগবাঢ়ি গৈছে । তাৰ অন্যতম উদাহৰণ নগাঁও জিলাৰ জলাহৰ নীলাক্ষী শইকীয়া । বক্সিঙত ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে শেহতীয়াকৈ স্বীকৃতি লাভ কৰিছে নীলাক্ষী শইকীয়াই । নগাঁৱৰ লগতে ৰাজ্য তথা দেশৰ ক্ৰীড়া ক্ষেত্ৰত এতিয়া উজলি উঠিছে নীলাক্ষী ।

অসম বক্সিং সন্থাৰ উদ্যোগত আৰু ভাৰতীয় বক্সিং ফেডাৰেশ্ব'নৰ তত্বাৱধানত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰফেছনেল বক্সিং লীগ কাজিৰঙা ৰাইন' কাপ গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । অসমৰ লগতে অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, দিল্লী, হাৰিয়ানা, চণ্ডীগড়, গোৱা আৰু লাডাখৰ খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত অৱতীৰ্ণ হৈ নগাঁৱৰ নীলাক্ষী শইকীয়াই সফলতা অৰ্জন কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

নগাঁও মহাবিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় বক্সিং ৰেফাৰীলৈ নীলাক্ষী শইকীয়াৰ যাত্ৰা (ETV Bharat)

ইয়াৰ লগে লগে নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা ৰেফাৰী হিচাপেও পৰিগণিত হৈছে নীলাক্ষী শইকীয়া । ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা নীলাক্ষী শইকীয়াই ক্ৰীড়াক্ষেত্ৰত তেওঁৰ যাত্ৰা সন্দৰ্ভত কয়, "মই ২০১৮ চনত প্ৰথম নগাঁও মহাবিদ্যালয়ত বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ । মহাবিদ্যালয় সপ্তাহত মই প্ৰথম বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ । প্ৰথমতে সকলোৱে হাঁহিছিল ছোৱালী মানুহ স্পৰ্টছত নোৱাৰিব । মোক এনেকৈ কৈছিলে ছোৱালী মানুহ স্পৰ্টছত উঠে নেকি ? মই সেইটো চেলেঞ্জ হিচাপে লৈছিলোঁ । ভাবিছিলোঁ কিয় ছোৱালী মানুহ স্পৰ্টছত উঠিব নোৱাৰিব আৰু মই উঠিমেই বুলি দৃঢ় বিশ্বাস আছিল মই পাৰিম সিমান খিনি কৰিব । সেইদৰে মই ক্ৰীড়া সম্পাদক হিচাপে মই জিকিছিলোঁ আৰু তেতিয়া মই ভাবিছিলোঁ যে মই ক্ৰীড়াক আগুৱাই নিব লাগিব ।"

এইক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি তেওঁ কয়, "সৰুৰে পৰা স্পৰ্টছত যোৱাৰ মোৰ সপোন আছিল । কিন্তু মই গাঁৱৰ পৰা আহিছোঁ । গাঁৱত আমাৰ সেই সুবিধাখিনি পোৱা নাযায় । গতিকে মই নিজেই কষ্ট কৰিছোঁ । ঘৰত কৈছিল আৰু খেলিব নালাগে চকু বেয়া হ'ব, নাক বেয়া হ'ব, দেখিবলৈ বেয়া হৈ যাব । কষ্ট পাব কিন্তু মই নিজে আগবাঢ়ি গৈ ইমানখিনি আগুৱাইছোঁ ।" এইক্ষেত্ৰত তেওঁক পৰিয়ালৰে আন সদস্য আৰু প্ৰশিক্ষকে সহযোগ কৰাৰ কথাও উল্লেখ কৰে নীলাক্ষীয়ে ।

বৰ্তমানৰ প্ৰজন্মক উদ্দেশ্যি নীলাক্ষী শইকীয়াই কয়, "বৰ্তমান বহুতে ঘৰতে সোমাই থাকি মোবাইলত গেম খেলি ভাল পায় । কিন্তু নৱপ্ৰজন্মক মই আহ্বান জনাওঁ যাতে সকলো ওলাই আহক শাৰীৰিক কাৰ্যকলাপ কৰক । শাৰীৰিক কাৰ্যকলাপ কৰিলে আমি মানসিকভাৱে বহুখিনি সুস্থ হওঁ । মানসিকভাৱে যেতিয়া এজন মানুহ সুস্থ নহয় তেওঁ শাৰীৰিকভাৱে হওক বা সামাজিকভাৱে হওক কেতিয়াও সুস্থিৰতা বজাই ৰাখিব নোৱাৰে । বহুতে এতিয়া নিচা কৰে তেনেকৈ নিজৰ জীৱনটো ধ্বংস কৰিছে । বহুতে ভাৱে ক্ৰীড়াৰ জৰিয়তে নিজৰ জীৱনটোক সফল কৰিব নোৱাৰে । কিন্তু মই বিশ্বাস কৰোঁ ক্ৰীড়াৰ জৰিয়তেও নিজৰ কেৰিয়াৰ গঢ়িব পাৰে ।" নীলাক্ষী শইকীয়াইও ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰি সেই কথা প্ৰমাণ কৰিছে । দেৱেন শইকীয়া আৰু নিৰু শইকীয়াৰ কন্যা নীলাক্ষী শইকীয়াই ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰাৰ লগে লগে এতিয়া নগাঁওবাসীও উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক :

ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত এগৰাকী অসমকন্যা

লাভলীনাৰ খোজত খোজ দি বিশ্বজয়ৰ লক্ষ্যৰে আগবাঢ়িছে নগাঁৱৰ আস্থা