অভিলেখ গঢ়িলে অসমৰ নয়নমণিয়ে, এছিয়ান ল'ন বল চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাত সোণৰ পদক জয়
বিহুৰ পূৰ্বে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নয়নমণি শইকীয়াই ৷ এছিয়ান ল'ন বল চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাত সোণৰ পদক পাবলৈ সক্ষম হৈছে নয়নমণি শইকীয়াই ।

Published : April 8, 2026 at 9:33 PM IST
সৰুপথাৰ: বিহুৰ পূৰ্বে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নয়নমণি শইকীয়াই ৷ এছিয়ান ল'ন বল চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাত সোণৰ পদক পাবলৈ সক্ষম হৈছে নয়নমণি শইকীয়াই । জানিব পৰা মতে প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে এই মেডেল । এছিয়ান ল'ন বল চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা নয়ণমণি শইকীয়া হৈছে গোলাঘাট জিলাৰ সৰুপথাৰৰ ৷
নতুন দিল্লীত ৫ এপ্ৰিলৰ পৰা ১২ এপ্ৰিলৈকে অনুষ্ঠিত হোৱা ১৭ সংখ্যক এছিয়ান ল'ন বল চেম্পিয়নশ্বিপ-২০২৬ ত সোণৰ পদক অৰ্জন কৰিছে সৰুপথাৰৰ নয়নমণি শইকীয়াই ।
সামাজিক মাধ্যমযোগে খেলুৱৈ নয়নমণি শইকীয়াই কয়, "আনন্দৰে ক'ব বিচাৰিছো, বিহুৰ পূৰ্বে অসমৰ আৰু ভাৰতৰ বাবে সুখবৰ ৷ এছিয়ান ল'ন বল চেম্পিয়নশ্বিপত মহিলাৰ একক শাখাত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণপদক লাভ কৰি মই গৌৰৱ অনুভৱ কৰিছো ৷"
আনহাতে, ইয়াৰ পূৰ্বেও নেশ্যনেল চেম্পিয়নশ্বিপ-২০২৪ ৰ একক শাখাত স্বৰ্ণপদক অৰ্জন কৰিছিল নয়নমণি শইকীয়াই । একেখন প্ৰতিযোগিতাতে যুটীয়াকৈ লাভ কৰিছিল ৰূপৰ পদক । লায়ন্স চিটি ক্লাব ছিংগাপুৰত অনুষ্ঠিত ল'ন বল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকো লাভ কৰিছিল । এছিয়ান চেম্পিয়নশ্বিপ থাইলেণ্ডত মহিলাৰ গ্ৰুপ শাখাত স্বৰ্ণপদক লাভ কৰিছিল । একেখন খেলত চাৰিগৰাকীয়ে গ্ৰুপ মহিলা শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।
উল্লেখ্য যে, ২০২৩ চনৰত নিউজীলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়ন অৱ চেম্পিয়নতো কোৱাৰ্টাৰ ফাইনেলিষ্ট হৈ ল'ন বল বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল নয়নমণি শইকীয়াই । সেই বৰ্ষটোতে নতুন দিল্লীত অনুষ্ঠিত হোৱা নৱম ৰাষ্ট্ৰীয় ল'ন বল প্ৰতিযোগিতাত অংশগ্রহণ কৰি সোণৰ পদক অৰ্জন কৰিছিল অসমৰ খেলুৱৈ শইকীয়াই ।
লগতে পঢ়ক: বৰষুণৰ বাবে ১১ অভাৰলৈ হ্ৰাস খেল : মুম্বাইক ২৭ ৰাণত পৰাস্ত ৰাজস্থানৰ

