ETV Bharat / sports

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত হকীৰ যাদুকৰলৈ শ্ৰদ্ধাঞ্জলি

কিংবদন্তি মেজৰ ধ্যান চান্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

NATIONAL SPORTS DAY 2026
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত হকীৰ যাদুকৰলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 1:30 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি সমগ্ৰ দেশতে পালন কৰা হৈছে 'ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস' । হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ২০১২ চনৰ পৰা দেশজুৰি এই দিৱস পালন কৰি অহা হৈছে । ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল ।

এই দিনটোতে মহান খেলুৱৈগৰাকীলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । সামাজিক মাধ্য়মত এটা পোষ্টত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই হকীৰ অদ্বিতীয় সম্ৰাটগৰাকীক স্মৰণ কৰি অসমৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ক্ৰীড়া আন্তঃগাঁথনি আৰু ৰাজ্যখনৰ চুকে-কোণে থকা উদীয়মান যুৱ প্ৰতিভাসকলৰ বিষয়েও উল্লেখ কৰিছে । খেল মহাৰণৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্য়খনৰ খেলুৱৈয়ে উজলি উঠিবলৈ সক্ষম হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 'এক্স'ত এটা পোষ্টত কয়, "ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত আমি কিংবদন্তি মেজৰ ধ্যান চান্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । লগতে অসমৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ক্ৰীড়া আন্তঃগাঁথনি আৰু ৰাজ্যখনৰ চুকে-কোণে থকা উদীয়মান যুৱ প্ৰতিভাসকলক এই দিনটোতে উদযাপন কৰিছো ।"

কিয় পালন কৰা হয় এই দিৱস ?

এগৰাকী মহান খেলুৱৈৰ স্মৃতিত প্ৰতিবছৰে ২৯ আগষ্টত দেশত 'ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস' পালন কৰা হয় । আজি এইগৰাকী খেলুৱৈৰ ১২১ সংখ্যক জন্ম বাৰ্ষিকী । নিজৰ কেৰিয়াৰত ৪০০ৰো অধিক গ'ল দিবলৈ সক্ষম হোৱা খেলুৱৈগৰাকী হৈছে মেজৰ ধ্যান চান্দ । বিশ্ব হকীত ভাৰতৰ আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত এসময়ত অকলেই নেতৃত্ব দিয়া ধ্যান চান্দৰ অৱদানক নৱপ্ৰজন্মৰ মাজত স্মৰণীয় কৰি ৰাখিবলৈ ২০১২ চনৰ পৰা দেশজুৰি এই দিৱস পালন কৰা হৈ আহিছে । কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১২ চনত ২৯ আগষ্টৰ দিনটোক 'ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস' হিচাপে ঘোষণা কৰিছিল ।

NATIONAL SPORTS DAY 2026
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত হকীৰ যাদুকৰলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat)

১৯০৫ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ধ্যান চান্দৰ ষ্টিকৰ যাদুৰ বাবেই ভাৰতে ১৯২৮ আমষ্টাৰডাম, ১৯৩২ লছ এঞ্জেলছ আৰু ১৯৩৬ বাৰ্লিন অলিম্পিকত তিনিবাৰকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে ১৯৩৬ চনৰ অলিম্পিক গেমছত তেওঁ ভাৰতীয় দলটোক নেতৃত্ব দিছিল । সেই প্ৰতিযোগিতাখনিত ফাইনেলত আয়োজক জাৰ্মানীক ৮-১ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতে ।

১৯২৮ চনৰ আমষ্টাৰডামত ধ্যান চান্দে মাত্ৰ পাঁচখন খেলত ১৪টা গ’ল দিবলৈ সক্ষম হোৱাৰ পিছতেই সকলোৰে নয়নৰ মণি হৈ পৰিছিল । ভাৰতীয় হকীলৈ আগবঢ়োৱা অনবদ্য় অৱদানৰ বাবে ১৯৫৬ চনত তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছিল । ১৯৭৯ চনৰ ৩ ডিচেম্বৰত তেওঁৰ মৃত্যু হোৱাৰ লগে লগে অন্ত পৰে ভাৰতীয় হকীৰ এটা যুগৰ ।

খেলুৱৈগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ পালন কৰি অহা এই দিনটোত যুৱপ্ৰজন্মৰ মাজত শাৰীৰিক ফিটনেছ, স্বাস্থ্য, অনুশাসন আৰু দলীয় কাম-কাজৰ প্ৰসাৰ ঘটাবলৈ চৰকাৰে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে । এই অভিযানৰেই অংশ হৈছে খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া । আনকি এই দিৱসটো বিদ্যালয় আৰু কমিউনিটি চেণ্টাৰসমূহতো আয়োজন কৰা হয় যাতে সকলো পৰ্যায়ৰ লোকেই এই দিৱসত অংশগ্ৰহণ কৰিব পাৰে ।

অসমতো চৰকাৰে ৰাজ্য়খনৰ চুকে কোণে লুকাই থকা প্ৰতিভাসমূহক উলিয়াই আনি বিকাশৰ এখন মঞ্চ তৈয়াৰ কৰিবলৈ প্ৰতিবছৰে খেলমহাৰণ আদি প্ৰতিযোগিতাৰ আয়েজন কৰা বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মত উল্লেখ কৰিছে । মুখ্য়মন্ত্ৰীগৰাকীয়ে "এক্স'ত পুনৰ কয়, "খেল মহাৰণৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আমাৰ খেলুৱৈসকলে সকলোতে উজলি উঠিছে ।"

লগতে পঢ়ক:অৰুণাচলৰ দুই মহিলা টাইকোৱাণ্ডো খেলুৱৈৰ ভাৰতীয় এছিয়ান গেমছ দলত স্থান লাভ, মুখ্য়মন্ত্ৰী পেমা খাণ্ডুৰ শুভেচ্ছা

“সপোনবোৰ সঁচাকৈয়ে পূৰণ হয়!”: KBC ১৮-ৰ ছেটত অমিতাভ বচ্চনক লগ পাই আৱেগিক হৈ পৰিল বক্সাৰ লাভলীনা