ETV Bharat / sports

অনুশীলনৰ সময়তে কৰুণ মৃত্যু হাৰিয়ানাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেটবল খেলুৱৈৰ

অনুশীলন কৰি থকাৰ সময়ত গাৰ ওপৰতে ভাঙি পৰে ক'ৰ্টৰ খুঁটা । ৩ দিনত হাৰিয়ানাত অনুৰূপ দুটা ঘটনা ।

16-Year-Old National Basketball Player Hardik
অনুশীলনৰ সময়তে কৰুণ মৃত্যু হাৰিয়ানাৰ বাস্কেটবল খেলুৱৈৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 7:25 PM IST

3 Min Read
Choose ETV Bharat

ৰোহটক (হাৰিয়ানা) : ৰোহটকৰ লক্ষণ মাজৰা গাঁৱত শোকাৱহ ঘটনা । অনুশীলনৰ সময়তে দুৰ্ঘটনাত পতিত হৈ বাস্কেটবল খেলুৱৈৰ মৃত্যু । অনুশীলনৰ সময়ত খেলুৱৈগৰাকীৰ গাত ভাঙি পৰে এটা খুঁটা । ফলত ১৬ বছৰীয়া খেলুৱৈগৰাকীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয় । নিহত খেলুৱৈগৰাকী হাৰ্দিক ৰাথী বুলি জানিব পৰা গৈছে । ভাৰতৰ ৰাষ্ট্ৰীয় বাস্কেটবল দলত নিৰ্বাচিত হৈছিল খেলুৱৈগৰাকী । লক্ষণীয়ভাৱে হাৰিয়ানাত বিগত ৩ দিনৰ ভিতৰত এয়া দ্বিতীয়টো ঘটনা ।

বাস্কেটবল ক'ৰ্টৰ চিচিটিভি ফুটেজত দেখা গৈছে যে হাৰ্দিকে ৱাৰ্ম আপ কৰি ৰিঙত জঁপিয়াই তাৰ পৰা ওলমি থকাৰ প্ৰয়াস কৰিছিল । সেই সময়তে খুঁটাটো খেলুৱৈগৰাকীৰ গাত বাগৰি পৰে । তাত উপস্থিত থকা আন খেলুৱৈসকলে তেওঁক সহায় কৰিবলৈ দৌৰি যায় যদিও খুঁটাটো বহুত বেছি গধুৰ আছিল, যাৰ বাবে হাৰ্দিকৰ থিতাতে মৃত্যু হয় ।

ইফালে প্ৰতিভাৱান খেলুৱৈগৰাকীৰ অকাল মৃত্যুত গাঁৱত শোকৰ ছাঁ পৰিছে । গাঁওবাসীয়ে কয় যে হাৰ্দিক এজন ব্যতিক্ৰমী প্ৰতিভাশালী খেলুৱৈ আছিল । ভাৰতীয় দলৰ প্ৰশিক্ষণ শিবিৰৰ পৰা উভতি আহি আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে প্ৰস্তুতি চলাই আছিল হাৰ্দিকে । হাৰ্দিকৰ কনিষ্ঠ ভাতৃও এজন বাস্কেটবল খেলুৱৈ । পিতৃ সন্দীপ ৰাথীয়ে কয় যে তেওঁৰ সপোন আছিল যে তেওঁৰ পুত্ৰই এদিন দেশৰ বাবে পদক লাভ কৰিব ।

ঘটনাৰ বিষয়ে লক্ষণ মাজৰা থানাৰ আৰক্ষী বিষয়া সমৰজিৎ সিঙে কয়, "লক্ষণ মাজৰা গাঁৱৰ যুৱ ক্ৰীড়া ক্লাবৰ বাস্কেটবল ক'ৰ্টত সংঘটিত হয় এই দুৰ্ঘটনা । অনুশীলন কৰি থকা সময়ত খুঁটাটো তেওঁৰ ওপৰত ভাঙি পৰি যুৱ খেলুৱৈজনৰ মৃত্যু হয় । তথ্য লাভ কৰাৰ লগে লগে আমি সেই স্থানত উপস্থিত হওঁ । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় আৰু পিছত পৰিয়ালক হস্তান্তৰ কৰা হয় ।" সিঙে লগতে কয়, "আমি চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি খুঁটাটো কেনেকৈ ভাঙিল তাৰ তদন্ত আৰম্ভ কৰিছোঁ ।"

গাঁৱৰ বাসিন্দাসকলে কোৱা মতে ক'ৰ্টখন বহু বছৰ ধৰি ব্যৱহাৰ হৈ আহিছে আৰু গাঁৱৰ কেইবাগৰাকী খেলুৱৈয়ে তাত প্ৰশিক্ষণ লৈছে । খেলুৱৈসকলে নিয়মিতভাৱে ৱাৰ্ম আপৰ সময়ত এই খুঁটাটো ব্যৱহাৰ কৰিছিল ।

হাৰিয়ানাৰ ঝজ্জাৰ জিলাতো দেওবাৰে বাহাদুৰগড়ৰ শ্বহীদ ব্ৰিগেডিয়াৰ হোছিয়াৰ সিং ষ্টেডিয়ামত খেলুৱৈ অমনৰ ওপৰত বাস্কেটবল ক'ৰ্টৰ খুঁটা ভাঙি পৰে । গুৰুতৰভাৱে আহত খেলুৱৈজনৰ সোমবাৰে চিকিৎসাৰ সময়তে মৃত্যু হয় । এই ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

ইফালে ৰাজ্যখনত দুগৰাকী যুৱ বাস্কেটবল খেলুৱৈৰ এনে কৰুণ মৃত্যুক লৈ বিৰোধীয়ে চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে । ক্ৰীড়া মন্ত্ৰী গৌৰৱ গৌতমে জিলা ক্ৰীড়া বিষয়াক নিলম্বন কৰি ২৮ নৱেম্বৰত বিষয়টো পুনৰীক্ষণৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশো দিছে ।

কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই হাৰ্দিকৰ মৃত্যুকলৈ বিজেপি চৰকাৰক সমালোচনা কৰিছে । এই ঘটনা গুৰুতৰ গাফিলতিৰ পৰিণতি বুলি তেওঁ অভিযোগ কৰিছে । লক্ষণ মাজৰা ষ্টেডিয়ামত পূৰ্বে খেলুৱৈসকলে বাস্কেটবল ক'ৰ্টৰ মেৰামতিৰ বাবে অনুৰোধ জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও তেওঁ অভিযোগ কৰে । মেৰামতিৰ বাবে উপলব্ধ ধন কিয় ব্যৱহাৰ কৰা নহ'ল সেই সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক :গুৱাহাটীত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ; ঘৰুৱা মাটিত ক্ৰমাগত দ্বিতীয়বাৰ হোৱাইট বাশ্ব