ETV Bharat / sports

গোলাঘাটত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা: ১১ ৰাজ্যৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ

অসম বক্সিং ফেডাৰেশ্ব'নৰ উদ্যোগত আৰু গোলাঘাট জিলা বক্সিং ফেডাৰেশ্ব'নৰ সহযোগত অসমত পোন প্ৰথমবাৰৰ বাবে পেছাদাৰী বক্সিং প্ৰতিযোগিতা ।

Golaghat Boxing Competition
অসমত পোন প্ৰথমবাৰৰ বাবে পেছাদাৰী বক্সিং প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 12:35 PM IST

4 Min Read
Choose ETV Bharat

গোলাঘাট: দেশত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হ'ব আইপিএল পদ্ধতিৰ দৰে বক্সিং প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে বাছনি প্ৰক্ৰিয়া । দেশৰ তিনিখন জিলাৰ লগতে গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় এই পেছাদাৰী বক্সিং প্ৰতিযোগিতা ।

এই উপলক্ষে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত ভাৰতীয় বক্সিং ফেডাৰেশ্ব'নৰ পতাকা উত্তোলন কৰে ৰাজেশ মিৰ্চা আৰু অসম বক্সিং সন্থাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মৃণাল শইকীয়াই । ভাৰতীয় বক্সিং ফেডাৰেশ্ব'নৰ উপ-সভাপতি সঞ্জীৱ সন্দিকৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ভাৰতীয় বক্সিং ফেডাৰেশ্ব'নৰ সম্পাদক ৰাকেশ ঠাকুৰীয়া, অসম বক্সিং ফেডাৰেশ্ব'নৰ সভাপতি বিবুল হাজৰিকা, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা আদি উপস্থিত থাকে ।

গোলাঘাটত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা: ১১ ৰাজ্যৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ (ETV Bharat Assam)

উল্লেখ্য যে অসম বক্সিং ফেডাৰেশ্ব'নৰ উদ্যোগত আৰু গোলাঘাট জিলা বক্সিং ফেডাৰেশ্ব'নৰ সহযোগত অসমত পোন প্ৰথমবাৰৰ বাবে পেছাদাৰী বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । এই প্ৰতিযোগিতাৰ জৰিয়তে বক্সিং খেলুৱৈসকল অধিক উৎসাহিত হ'ব বুলি উদযাপন সমিতি আশাবাদী ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় বক্সিং ফেডাৰেশ্ব'নৰ উপ-সভাপতি সঞ্জীৱ সন্দিকৈয়ে কয়, "গোলাঘাটত প্ৰথমবাৰৰ বাবে পেছাদাৰী বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । যাৰ বাবে আমি ভাৰতীয় এমেছাৰ বক্সিং ফেডাৰেশ্ব'নৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ । এই প্ৰতিযোগিতাখন আইপিএল পৰ্যায়ৰ খেলৰ দৰেই অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে ।"

Golaghat Boxing Competition
গোলাঘাটত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা: ১১ ৰাজ্যৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ (ETV Bharat Assam)

তেওঁ লগতে কয়, "দেশৰ চাৰিখন ৰাজ্যত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু ইতিমধ্যে প্ৰথমখন খেল উত্তৰ প্ৰদেশত হৈছিল আৰু দ্বিতীয়খন খেল গোলাঘাটত অনুষ্ঠিত কৰা হৈছে । এই প্ৰতিযোগিতাৰ পৰা মুঠ ৮ গৰাকী খেলুৱৈ নিৰ্বাচিত কৰা হ'ব আৰু এই খেলুৱৈসকলে দিল্লীত খেলিবলৈ সুবিধা লাভ কৰিব । নিৰ্বাচিত খেলুৱৈ সকলক আই পি এল খেলৰ দৰেই নিলামৰ ব্যৱস্থা কৰা হ'ব যাৰ বাবে খেলুৱৈ সকল বহু উৎসাহিত হৈছে আৰু ইয়াৰ দ্বাৰা বস্কিং খেল আৰু আগুৱাই যাবলৈ সক্ষম হ'ব।"

আনহাতে, ভাৰতীয় বক্সিং ফেডাৰেশ্ব'নৰ সভাপতি ৰাজেশ মিৰ্চাই কয়, "ভাৰতীয় এমেচাৰ বক্সিং ফেডাৰেশ্ব'নৰ দ্বাৰা ভাৰতীয় বক্সিং ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব । বক্সিং খেলুৱৈসকলৰ আৰ্থিক সহায়ৰ বাবে আমি পেছাদাৰী প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ । এই প্ৰতিযোগিতা নতুন দিল্লীত ৫ জুলাইৰ পৰা ১০ জুলাইলৈকে অনুষ্ঠিত কৰা হ'ব । উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বাছনি প্ৰতিযোগিতাত সমগ্ৰ দেশৰ ২৫ হাজাৰ বক্সিং খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন জিলা আৰু গাঁৱত বক্সিং খেলুৱৈ ওলাই আহিছে, যাৰ পৰিপ্ৰেক্ষিতত আমি এই দ্বিতীয় পৰ্যায়ৰ বাছনি প্ৰতিযোগিতা গোলাঘাট জিলাত অনুষ্ঠিত কৰিছোঁ য'ত দেশৰ বিভিন্ন প্ৰান্তৰ বক্সিং খেলুৱৈসকল উপস্থিত হৈছে ।"

Golaghat Boxing Competition
গোলাঘাটত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা: ১১ ৰাজ্যৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই প্ৰতিযোগিতাত বিজয়ী খেলুৱৈসকলক দিল্লীত অনুষ্ঠিত হ'বলগীয়া খেলত যোগদান কৰিবলৈ সুযোগ দিয়া হ'ব । এই পেছাদাৰী বক্সিং প্ৰতিযোগিতা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ফেডাৰেশ্ব'নৰ দ্বাৰা আয়োজন কৰা হৈছে । এই প্ৰতিযোগিতাত চাৰিটা ভাগত খেলুৱৈ থাকিব, য'ত এই খেলুৱৈসকলৰ এজন মালিক থাকিব । এই প্ৰতিযোগিতা বিভিন্ন মাধ্যমৰ জৰিয়তে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব । বিগত এটা বছৰত ১৬ টা পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ।"

খেলুৱৈৰ প্ৰদৰ্শন সন্দৰ্ভত তেওঁ কয়, "আমাৰ ফেডাৰেশ্ব'নৰ দলে শ্ৰীলংকাত ১৭টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰি ডুবাইত বিশ্ব বক্সিং প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ ২৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল । আমাৰ এই প্ৰতিযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতিয়ে বিশেষভাৱে সহায় কৰিছে । তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ । তেওঁলোকৰ আশা যে ভাৰতে কমনৱেলথ গেমছত আৰু অধিক পদক লাভ কৰক । ভাৰতবৰ্ষত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক খেলত বক্সিঙত সৰ্বাধিক পদক অৰ্জন কৰাৰ সম্ভাৱনা আছে । যাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকলক স্থানীয়ভাৱে খেলিবলৈ সুবিধা প্ৰদান কৰিছোঁ ।"

Golaghat Boxing Competition
গোলাঘাটত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা: ১১ ৰাজ্যৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ (ETV Bharat Assam)

তেওঁ আৰু কয়, "আমাৰ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিবলৈ আমাৰ ওচৰত প্ৰশিক্ষক আছে । জনসাধাৰণৰক আমাৰ এটা অনুৰোধ, সকলোৱে আহি এই উত্তেজনাপূৰ্ণ প্ৰতিযোগিতাসমূহ উপভোগ কৰক । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পঞ্জাবত অনুষ্ঠিত কৰা হ'ব । এই প্ৰতিযোগিতাসমূহৰ পৰা মুঠ ৩২ গৰাকী খেলুৱৈ নিৰ্বাচিত কৰি নিলাম কৰা হ'ব আৰু পৰৱৰ্তী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ।"

লগতে পঢ়ক :অসমত প্ৰথমবাৰৰ বাবে পেছাদাৰী বক্সিং প্ৰতিযোগিতা
লগতে পঢ়ক :ফুটবল আৰু নতুন প্ৰজন্মৰ উন্মাদনা: তেজপুৰত নতুন প্ৰজন্মৰ মাজত বৃদ্ধি ফুটবলৰ প্ৰতি আকৰ্ষণ