ETV Bharat / sports

নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত বিজয়ী যোৰহাট টাউন ক্লাৱ

সোণাৰিত আয়োজিত গুৱাহাটীৰ ছয়গাঁও‌ এফ চি আৰু যোৰহাট টাউন ক্লাৱৰ মাজত অনুষ্ঠিত চূড়ান্ত খেল উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

Nagen Gogoi Memorial Invitational Prize Money Football Tournament Winner is Jorhat Town Club
বিজয়ী দলত বঁটা প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 12:15 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ঐতিহাসিক চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অনুষ্ঠিত হয় নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ।‌ ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনত ক্ৰীড়াপ্ৰেমী ৰাইজৰ ব্যাপক উছাহ-উদ্দীপনা দেখা গ'ল ।

সোণাৰি ৰাজহুৱা খেলপথাৰত অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা নগেন গগৈ সোঁৱৰণি আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ প্ৰতিটো দিনতে হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আনন্দ উলাহেৰে উপভোগ কৰিলে খেল ।‌ প্ৰথমবাৰৰ বাবে প্ৰাক্তন ফুটবলাৰ নগেন গগৈৰ সোঁৱৰণত আয়োজন কৰা প্ৰতিযোগিতাখনত অসমৰ মুঠ ৮ টা আগশাৰীৰ দলে অংশগ্ৰহণ কৰে ।

নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

শ্বিলঙৰ লাজং এফ চি, মণিপুৰৰ ৰায়েংদাই এফ চি, অসম পুলিচ, যোৰহাট টাউন ক্লাৱ, গুৱাহাটীৰ গ্ৰীণ ভেলি এফ চি, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এফ চি, চৰাইদেউ জিলাৰ লীগ চেম্পিয়ন মাহমৰা নৱজ্যোতি সংঘ আৰু কামৰূপৰ ছয়গাঁও এফ চি দলে অংশগ্ৰহণ কৰে ।

চূড়ান্ত খেল উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই:

হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত নিশা সফল সামৰণি পৰিল নগেন গগৈ সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা । অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত হোৱা নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰে যোৰহাট টাউন ক্লাৱ আৰু গুৱাহাটীৰ ছয়গাঁও এফ চি দলে ।‌

Nagen Gogoi Memorial Invitational Prize Money Football Tournament Winner is Jorhat Town Club
চূড়ান্ত খেলত অংশগ্ৰহণ কৰা দুয়োটা দল (ETV Bharat Assam)

আনুষ্ঠানিকভাৱে চূড়ান্ত খেলখনি উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । তীব্ৰ উত্তেজনামূলক খেলখনত যোৰহাট টাউন ক্লাৱে গুৱাহাটীৰ ছয়গাঁও এফ চিক ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ।

এই প্ৰতিযোগিতাৰ পৰা নতুন প্ৰজন্ম উৎসাহিত হ'ব:

প্ৰতিযোগিতাখনৰ সম্পৰ্কে প্ৰাক্তন সাংসদ তথা চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তপন কুমাৰ গগৈয়ে কয়,"চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নগেন গগৈৰ সোঁৱৰণত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে অনুষ্ঠিত হয় । চূড়ান্ত খেলত যোৰহাট টাউন ক্লাৱে গুৱাহাটীৰ ছয়গাঁও এফ চিক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।"

Nagen Gogoi Memorial Invitational Prize Money Football Tournament Winner is Jorhat Town Club
ফুটবল প্ৰতিযোগিতাত বিজয়ী যোৰহাট টাউন ক্লাৱ (ETV Bharat Assam)

তেওঁ পুনৰ কয়,"হাজাৰ হাজাৰ ৰাইজে অতি সু-শৃংখলিতভাৱে খেল উপভোগ কৰিলে তাৰ বাবে ৰাইজক ধন্যবাদ জনাইছোঁ । চৰাইদেউৰ যি ক্ৰীড়াৰ পৰিৱেশ তাক অটুট ৰখাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । এই প্ৰতিযোগিতাৰ পৰা নতুন প্ৰজন্ম উৎসাহিত হ'ব ।"

লগতে পঢ়ক: WPL 2026: নিলামত বিক্ৰী নহ'ল উমা ছেত্ৰী, কোনে কাক কাক কিনিলে ?

ভাৰতীয় দলত অংশগ্ৰহণৰে বিশ্বজয়ৰ সপোন এজন ফুটবল খেলুৱৈৰ