ETV Bharat / sports

জোনাইত ক্ৰীড়াৰ ক্ষেত্ৰত নতুন সংযোজন, অত্যাধুনিক ফুটছাল গ্ৰাউণ্ডৰ শুভাৰম্ভ

জোনাইৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ । অত্যাধুনিক ফুটছাল গ্ৰাউণ্ড মুকলি সাংসদ প্ৰদান বৰুৱাৰ ।

MP Pradan Baruah inaugurated futsal ground in Jonai
জোনাইত অত্যাধুনিক ফুটছাল গ্ৰাউণ্ডৰ শুভাৰম্ভ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 2:57 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জোনাইটো ক্ৰীড়াৰ এক পৰিৱেশ গঢ় লৈ উঠিছে । নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰিবলৈ চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ক্ৰীড়াক্ষেত্ৰত অন্যতম সংযোজন হিচাপে সাংসদ পুঁজিৰে অত্যাধুনিক ফুটছাল গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে ।

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভক্ষণত এই ফুটছাল গ্ৰাউণ্ড আৰম্ভ কৰা হয় । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই এই ফুটছাল গ্ৰাউণ্ডৰ শুভ উদ্বোধন কৰে । শুভাৰম্ভণি অনুষ্ঠানত সাংসদগৰাকীৰ লগতে জোনাইৰ বিধায়ক ভূৱন পেগু, চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, টিএমপিকে সভাপতি তিলক দলে আদি উপস্থিত থাকে ।

জোনাইত অত্যাধুনিক ফুটছাল গ্ৰাউণ্ডৰ শুভাৰম্ভ (Etv Bharat Assam)

এই শুভ উদ্বোধনী অনুষ্ঠানত নিমন্ত্ৰিত ফুটছাল দলৰ লগতে জোনাই সমজিলা প্ৰশাসন, জোনাই আৰক্ষী প্ৰশাসন, জোনাই প্ৰেছ ক্লাবৰ লগতে কেইবাটাও দলে অংশগ্ৰহণ কৰি ফুটছাল খেলি ৰাইজক আমোদ দিয়ে । জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাব এণ্ড ছ'চাইটিয়ে উদ্যোগ লোৱা শুভ উদ্বোধন অনুষ্ঠানত জোনাই সম জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, জনপ্ৰতিনিধিৰ লগতে জোনাইৰ বহু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকি ফুটছাল উপভোগ কৰে ৷

ফুটবলত কিক মাৰি সাংসদ প্ৰদান বৰুৱাই ফুটছালৰ শুভাৰম্ভ কৰে । এই ফুটছাল গ্ৰাউণ্ডে জোনাইৰ ক্ৰীড়াপ্ৰেমীসকলৰ তথা ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ লগতে এক সুন্দৰ আৰু স্বাস্থ্যসন্মত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাত সহায়ক হ’ব বুলি সাংসদ প্ৰদান বৰুৱাই মন্তব্য কৰে ।

এই সন্দৰ্ভতে তেওঁ কয়, "এখন সুস্থ, সবল আৰু নিচামুক্ত সমাজ গঢ়ি তুলিবলৈ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাটো অত্যন্ত প্ৰয়োজনীয় । ক্ৰীড়াই যুৱ সমাজৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লগতে অনুশাসন, ঐক্য আৰু ইতিবাচক চিন্তাধাৰা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । গতিকে এই ফুটছালে জোনাইৰ যুৱক-যুৱতীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লগতে অঞ্চলটোত এক সুস্থ ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাত সহায়ক হ'ব ।"

লগতে পঢ়ক: খেলপথাৰতেই খেলুৱৈৰ মাজত হোৱা সংঘৰ্ষত শ্ৰীলংকাৰ প্ৰশিক্ষকৰ মৃত্যু

কমনৱেলথ গেমছত পদক বিজয়ী লাভলীনা বৰগোহাঁইক মুখ্যমন্ত্ৰীৰ সম্বর্ধনা, ৩০ লাখৰ চেক প্ৰদান