ETV Bharat / sports

পাক ক্ৰিকেটাৰৰ শৰীৰত ড্ৰাগছৰ অৱস্থিতি, পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ তদন্ত আৰম্ভ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে পাকিস্তান ক্ৰিকেট ব'ৰ্ডক এই বিষয়ে অৱগত কৰিছে আৰু পিচিবিয়ে যথোচিত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

Mohammed Nawaz
পাকিস্তানৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ মহম্মদ নৱাজ (ANI)
author img

By ANI

Published : April 22, 2026 at 8:25 PM IST

2 Min Read
Choose ETV Bharat

ইছলামাবাদ: এগৰাকী পাকিস্তানী ক্ৰিকেটাৰৰ শৰীৰত ধৰা পৰিছে ড্ৰাগছৰ অৱস্থিতি ৷ তাৰ পিছৰে পৰা পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আৰম্ভ কৰিছে তদন্ত ৷

ইএছপিএন ক্ৰিকইনফ’ৰ খবৰ অনুসৰি পাকিস্তানৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ মহম্মদ নৱাজৰ শৰীৰত ড্ৰাগছৰ অৱস্থিতি পোৱাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তদন্ত আৰম্ভ কৰিছে । যাৰ বাবে ছাৰেৰ সৈতে নৱাজৰ চুক্তি আৰু টি-২০ ব্লাষ্ট প্ৰতিযোগিতাত ক্ৰিকেটাৰগৰাকীৰ অংশগ্ৰহণ বাতিল কৰা হৈছে । পাকিস্তানৰ হোৱাইট বল ক্ৰিকেট দলত বিশেষকৈ টি-২০ ইণ্টাৰনেশ্ব’নেলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এই অলৰাউণ্ডাৰ ক্ৰিকেটাৰগৰাকীয়ে ।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী মুখপাত্ৰই বুধবাৰে ইএছপিএন ক্ৰিকইনফ’ক জনোৱা মতে, ‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে পাকিস্তান ক্ৰিকেট ব'ৰ্ডক এই বিষয়ে অৱগত কৰিছে আৰু পিচিবিয়ে যথোচিত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই প্ৰক্ৰিয়াৰ ফলাফল আজি আইচিচিক জনোৱা হ'ব ।’’

ইএছপিএন ক্ৰিকইনফ’ৰ মতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা টি-২০ বিশ্বকাপৰ সময়ত কৰা পৰীক্ষাত পাক ক্ৰিকেটাৰগৰাকীৰ শৰীৰত প্ৰথমবাৰৰ বাবে নিষিদ্ধ দ্ৰব্যৰ অৱস্থিতি ধৰা পৰে ৷ পাকিস্তানে শ্ৰীলংকাত নিজৰ সাতখন মেচ হাইব্ৰিড মডেলৰ অধীনত খেলি ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰে । নৱাজে বেট আৰু বল দুয়োটাতে গড় প্ৰদৰ্শন আগবঢ়াই ১৫ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৭ টা উইকেট দখল কৰে ।

নৱাজে ছাৰেৰ সৈতে চুক্তিত সন্মতি দিছিল আৰু ২৬ মে’ৰ পৰা ১৮ জুনলৈ অনুষ্ঠিত হ’বলগীয়া টি-২০ ব্লাষ্ট প্ৰতিযোগিতাত খেলাৰ কথা আছিল । কেইসপ্তাহমান পূৰ্বে পিচিবিয়ে ঘোষণা কৰা অনুসৰি নৱাজক ন’ অবজেকশ্ব’ন চাৰ্টিফিকেট (এনঅ’চি) প্ৰদান কৰা হৈছিল আৰু এই সপ্তাহত নৱাজক তেওঁলোকৰ নতুন খেলুৱৈ হিচাপে চিনাকি কৰাই দিয়াৰ পৰিকল্পনা কৰিছিল ।

কিন্তু সম্প্ৰতি এই পৰিকল্পনা বাধাগ্ৰস্ত হৈছে ৷ অৱশ্যে ছাৰে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই । অৱশ্যে পাকিস্তান ছুপাৰ লীগ(পিএছএল) ত মূলতান চুলতানছৰ হৈ অলৰাউণ্ডাৰগৰাকীয়ে মঙলবাৰে নিশা কৰাচীত ৰাৱালপিণ্ডিৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰা খেলখনত ৩২.৬৬ গড়ে ৮ খন মেচত ৬ টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এই বিষয়ত কোনো মন্তব্য কৰা নাই ।

লগতে পঢ়ক: ভাৰতীয় ভলীবল ফেডাৰেচনৰ স্বীকৃতি বাতিল আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ