ETV Bharat / sports

টচেন বড়া সোঁৱৰণী ফুটবল মেচ উপভোগ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত এন এফ ৰে'লৱেৰ জয়লাভ ।

Minister Piyush Hazarika enjoyed the Tochen Bora Memorial Football Tournament
টচেন বড়া সোঁৱৰণী ফুটবল মেচ উপভোগ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 2:35 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ তথা অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক টচেন বড়াৰ সোঁৱৰণত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা । নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত বিগত ৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে প্ৰি-অলিম্পিয়ান তথা প্ৰখ্যাত খেলুৱৈ টচেন বড়া সোঁৱৰণী আন্তঃক্লাৱ আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা ।

নাহৰকটীয়া ক্ৰীড়া সন্থাৰ উদ্যোগত লীগ পৰ্যায়ত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতাত অসম আৰক্ষী, এন এফ ৰে'লৱে, অইল ইণ্ডিয়া, বাৰেকুৰি, চিৰাং, ছয়গাঁও, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকে ধৰি ৰাজ্যৰ আগশাৰীৰ ১২ টা দলে অংশগ্ৰহণ কৰিছে ।

টচেন বড়া সোঁৱৰণী ফুটবল মেচ উপভোগ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই (ETV Bharat Assam)

এই ফুটবল প্ৰতিযোগিতা উপভোগ কৰিবলৈ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ক্ৰীড়াপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা গৈছে । বৃহস্পতিবাৰে এন এফ ৰে'লৱে ফুটবল দল আৰু ঘৰুৱা দল নাহৰকটীয়া ক্ৰীড়া সন্থা ফুটবল দলৰ মাজত অনুষ্ঠিত হয় ছেমি ফাইনেল । ছেমি ফাইনেলত এন এফ ৰে'লৱেই নাহৰকটীয়া ক্ৰীড়া সন্থা দলক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত প্ৰতিযোগিতাত প্ৰৱেশ কৰে ।

Minister Piyush Hazarika enjoyed the Tochen Bora Memorial Football Tournament
টচেন বড়া সোঁৱৰণী ফুটবল মেচ (ETV Bharat Assam)

অতি ৰোমাঞ্চকৰ খেলখনৰ দৰ্শকৰ শাৰীত দেখা গ'ল ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাক । মন্ত্ৰীগৰাকীৰ সৈতে খেল উপভোগ কৰিলে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, শদিয়াৰ বিধায়ক বলীন চেতিয়া, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে ৰে'ল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ।

Minister Piyush Hazarika enjoyed the Tochen Bora Memorial Football Tournament
ফুটবল মেচ আৰম্ভ হোৱাৰ পূৰ্বে এনেদৰে (ETV Bharat Assam)

ফুটবল প্ৰতিযোগিতা সকলো ঠাইতে হ'ব লাগে, ফুটবল খেলৰ বিকাশ আৰু হ'ব লাগে:

প্ৰতিযোগিতাখন উপভোগ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই নাহৰকটীয়া ক্ৰীড়া সন্থাই এক সুন্দৰ আৰু উন্নতমানৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি খেলুৱৈসকলেও এক সুন্দৰ খেল প্ৰদৰ্শন কৰা বুলি প্ৰশংসা কৰে ।

Minister Piyush Hazarika enjoyed the Tochen Bora Memorial Football Tournament
খেলুৱৈসকলক অভিবাদন জনালে মন্ত্ৰী পীযুষ হাজৰীকাই (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়, "খুব ভাল খেল অনুষ্ঠিত হৈছে । মই বহু খেল উদ্বোধন কৰিবলৈ যাওঁতে দহ-পোন্ধৰ মিনিট খেল চাই গুচি আহোঁ । নাহৰকটীয়াৰ এই খেলখন বহুত উন্নতমানৰ হৈছে । প্ৰি-অলিম্পিয়ান তথা প্ৰখ্যাত ফুটবল খেলুৱৈ প্ৰয়াত টচেন বড়াৰ সোঁৱৰণত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনত উপস্থিত থাকিবলৈ পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ । এই ধৰণৰ ফুটবল প্ৰতিযোগিতা সকলো ঠাইতে হ'ব লাগে, ফুটবল খেলৰ বিকাশ আৰু হ'ব লাগে ।"

লগতে পঢ়ক: 'জ্ঞান আৰু কৰ্ম, ইয়ে আমাৰ মৰ্ম' শ্লোগানেৰে এখন বিদ্যালয়ৰ কৰ্মমুখী শিক্ষা

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন সদায় আছে আগলৈও থাকিব: অগপ