ETV Bharat / sports

চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ জয়লাভ

গুজৰাটৰ 'চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬' ত তৃতীয় স্থান লাভ কৰি উৎসাহিত মিনহাজ এতিয়া যথেষ্ট আশাবাদী ।

Minhaj Ahmed secured third place in the  Fourth Pafi National Paanja Championship 2026
চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ তৃতীয় স্থান অৰ্জন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2026 at 4:59 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও : গুজৰাটত অনুষ্ঠিত 'চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬' ত সফলতা অৰ্জন কৰিছে অসমৰ এগৰাকী খেলুৱৈয়ে । এই প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে মৰিগাঁৱৰ খেলুৱৈ মিনহাজ আহমেদে । সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখনিত মিনহাজৰ এই সাফল্যই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।​

মিনহাজ আহমেদ মৰিগাঁও জিলাৰ পশ্চিম জালুগুটিৰ লোচনাবড়ীৰ বাসিন্দা । মৌচুম আহমেদ আৰু মবিনা আখতাৰাৰ সন্তান মিনহাজৰ সৰুৰে পৰাই খেলা-ধূলাৰ প্ৰতি বিশেষ অনুৰাগ থকাত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাত জিলাবাসী উৎফুল্লিত হৈ পৰিছে ।

চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ তৃতীয় স্থান অৰ্জন (ETV Bharat Assam)

​উল্লেখ্য যে, সমাজৰ এক বৃহৎ অংশই এতিয়াও পাঞ্জা খেলক কেৱল পাৰস্পৰিক শক্তি প্ৰদৰ্শন বা সময় অতিবাহিত কৰা এক মাধ্যম হিচাপেহে গণ্য কৰে; কিন্তু মিনহাজ আহমেদে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে এই ধাৰণাক ভুল প্ৰমাণিত কৰিছে । বিগত তিনি বছৰ ধৰি তেওঁ কঠোৰ অনুশীলনৰ মাজেৰে এই যাত্ৰা অব্য়াহত ৰাখিছে ।

Minhaj Ahmed secured third place in the  Fourth Pafi National Paanja Championship 2026
চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ তৃতীয় স্থান অৰ্জন (ETV Bharat Assam)

​গুজৰাটৰ 'চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬' ত তৃতীয় স্থান লাভ কৰি উৎসাহিত মিনহাজ এতিয়া যথেষ্ট আশাবাদী । তেওঁৰ লক্ষ্য এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত দেশৰ হৈ প্ৰতিনিধিত্ব কৰা । ইয়াৰ বাবে তেওঁ প্ৰস্তুতি আৰু অনুশীলন অব্যাহত ৰাখিব বুলি উল্লেখ কৰি কয়, "গুজৰাটত অসমৰ হৈ খেলি ৬০ কেজি শাখাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো । এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ । অহা অক্টোবৰত বিশ্বকাপত অংশগ্ৰহণ কৰিম । বিগত তিনি বছৰ ধৰি মই এই খেলৰ সৈতে জড়িত হৈছো ।"

লগতে পঢ়ক:ধেমাজি টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থীৰ সফলতা, পাঁচগৰাকী খেলুৱৈৰ পদক লাভ

অলিম্পিকৰ আৰ্হিত আন্তঃমহাবিদ্যালয় টাইকোৱানডো প্ৰতিযোগিতা