হায়দৰাবাদত মেছিৰ যাদু : তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে খেলপথাৰত নামে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰগৰাকী
হায়দৰাবাদত উপস্থিত আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়নেল মেছি । হায়দৰাবাদত তেওঁ ৰেৱন্ত ৰেড্ডীৰ সৈতে এখন খেলো খেলে ।

Published : December 13, 2025 at 10:41 PM IST
হায়দৰাবাদ : আৰ্জেণ্টিনাৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে তাৰকা ফুটবলাৰ লিয়নেল মেছি । প্ৰথমে কলকাতাত উপস্থিত হোৱাৰ পাছত মেছিয়ে কলকাতাৰ পৰা হায়দৰাবাদত উপস্থিত হৈছে । তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত অনুৰাগীসকলে মেছিক অতি উৎসাহেৰে আদৰণি জনায় । মেছিয়ে হায়দৰাবাদত উপস্থিত হোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।
মেছিয়ে ৰেৱন্ত ৰেড্ডীৰ সৈতে ফুটবল খেল
মেছিৰ ‘GOAT Tour’ৰ অংশ হিচাপে মেছি আৰু ৰেৱন্ত ৰেড্ডীয়ে ফুটবল খেলে । মুখ্যমন্ত্রীগৰাকীয়ে ৯ নম্বৰৰ জার্চি পিন্ধি থকা দেখা গৈছিল ৷ ৰেৱন্ত ৰেড্ডীয়ে ৪টা গ’ল দিয়ে ।
VIDEO | Hyderabad: Argentine football icon Lionel Messi graces the field at Rajiv Gandhi International Cricket Stadium and plays football with Telangana CM Revanth Reddy.
— Press Trust of India (@PTI_News) December 13, 2025
(Source: Third Party)#MessiInIndia #Hyderabad #Telangana pic.twitter.com/O4DZ0OcIhC
মেছি আৰু ৰেৱন্ত ৰেড্ডীয়ে গোটেই দলৰ সৈতে ফটো উটাও দেখা যায় । আনকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীও হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত উপস্থিত হয় আৰু মেছিক তেওঁক সাক্ষাৎ কৰে ।
মেছিৰ এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানা আৰক্ষীয়ে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলে । কলকাতাত সৃষ্টি হোৱা উত্তেজনাৰ পিছতে তেলেংগানা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা আৰু বৃদ্ধি কৰে ।
হায়দৰাবাদৰ পাছত মেছিয়ে ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাইলৈ আৰু তাৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীলৈ যাত্ৰা কৰিব । নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব মেছিয়ে ।
VIDEO | Tight security at Hyderabad airport amid huge turnout of Messi fans.
— Press Trust of India (@PTI_News) December 13, 2025
(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/fk5cquAYUQ
কলকাতাত বিশৃংখলতাৰ সৃষ্টি
১৩ ডিচেম্বৰৰ পুৱা প্ৰায় ২:৩০ বজাত মেছিয়ে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু বিমানবন্দৰত উপস্থিত হয় । কিন্তু ‘প্ৰিন্স অৱ ফুটবল’ হিচাবে খ্যাত ফুটবলাৰ মেছিক নেদেখি ক্ষোভিত হৈ পৰে অনুৰাগীসকল ।
VIDEO | Argentine football icon Lionel Messi arrives at Rajiv Gandhi International Cricket Stadium, Hyderabad.
— Press Trust of India (@PTI_News) December 13, 2025
(Source: Third Party)#MessiInIndia #Hyderabad pic.twitter.com/8ELecSPe9F
দৰ্শকৰ অভিযোগ অনুসৰি, নেতা-মন্ত্ৰীয়ে মেছিক এনেদৰে ঘেৰি ধৰিছিল যাৰ বাবে তেওঁক এক মুহূৰ্তৰ বাবেও দৰ্শকে দেখা পোৱা নাছিল । সভাস্থলীত সৃষ্টি হোৱা এই বিশৃংখলতাৰ বাবেই আৰক্ষীয়ে এই ভ্ৰমণৰ ইভেণ্ট মেনেজাৰ শতদ্ৰু দত্তক নিজৰ জিম্মাত লয় ।

