মেছিকাণ্ডই চকী কাঢ়িলে ক্ৰীড়ামন্ত্ৰীৰ: 'সন্মানীয় দিদি' বুলি সম্বোধন কৰি মন্ত্ৰী অৰূপৰ পদত্য়াগ
কলকাতাত লিয়নেল মেছিৰ অনুষ্ঠানত সৃষ্টি হোৱা বিশৃংখলতাৰ নৈতিক দায়িত্ব লৈ বংগৰ ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাসৰ পদত্যাগ ।

Published : December 16, 2025 at 8:39 PM IST
কলকাতা : বিশ্ববিখ্যাত ফুটবলাৰ লিয়নেল মেছিৰ কলকাতা ভ্ৰমণৰ সময়ত ষ্টেডিয়ামত যি বিশৃংখলতা আৰু প্ৰশাসনিক ত্ৰুটিৰ সৃষ্টি হৈছিল, তাৰ ফলত পশ্চিম বংগত ৰাজনৈতিক আৰু আমোলাতন্ত্ৰিকভাৱে বৃহৎ জোকাৰণিৰ সৃষ্টি হৈছে । ক্ৰীড়াপ্ৰেমীৰ ব্যাপক সমালোচনাৰ পিছতে মঙলবাৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাসে ছল্ট লেক ষ্টেডিয়ামত সৃষ্টি হোৱা বিশৃংখলতাৰ “নৈতিক দায়িত্ব” গ্ৰহণ কৰি পদত্যাগ কৰে ।
ইফালে, ৰাজ্য চৰকাৰে এই পৰ্যন্ত কঠোৰতম প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰি মঙলবাৰে আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ আৰু বিধাননগৰ আৰক্ষী আয়ুক্ত মুকেশ কুমাৰক কাৰণ দেখুৱাই জাননী জাৰি কৰে ।
এই কাৰ্যই স্পষ্টভাৱে দেখুৱাইছে যে ১৩ ডিচেম্বৰত বিখ্যাত ফুটবলাৰ মেছিৰ কাৰ্যসূচীৰ সময়ত সংঘটিত হোৱা বিশৃংখলতা, ভিৰৰ অপব্যৱস্থাপনা আৰু নিৰাপত্তাৰক্ষীৰ ত্ৰুটিক লৈ মমতা বেনাৰ্জী চৰকাৰে সমালোচনাক কিমান গুৰুত্বসহকাৰে লৈছে ।

চৰকাৰৰ সূত্ৰই নিশ্চিত কৰিছে যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিশ্বাসৰ পদত্যাগ ইতিমধ্যে স্বীকাৰ কৰিছে । তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ কুনাল ঘোষে ছচিয়েল মিডিয়াত ৰাজহুৱাভাৱে এই কথা নিশ্চিত কৰে । মুখ্যমন্ত্ৰীক “সন্মানীয় দিদি” বুলি সম্বোধন কৰি বিশ্বাসৰ হাতে লিখা পদত্যাগ পত্ৰত কোৱা হৈছে যে তেওঁ “ন্যায্য তদন্ত”ৰ স্বাৰ্থত পদত্যাগ কৰিব বিচাৰে । তেওঁ লিখিছে যে তেওঁৰ স্থিতিৰ অব্যাহত থকাৰ ফলত তদন্তত প্ৰভাৱ পৰাটো তেওঁ নিবিচাৰে ।
১৩ ডিচেম্বৰত ছল্ট লেক ষ্টেডিয়ামত হোৱা বিশৃংখলতাৰ পিছত ক্ৰীড়া বিভাগৰ ওপৰত হেঁচা ক্ৰমাৎ বৃদ্ধি পাইছে, যাৰ ফলত বিশ্বৰ অন্যতম বিখ্যাত খেলুৱৈক অংশগ্ৰহণ কৰা অনুষ্ঠানৰ পৰিকল্পনা আৰু সমন্বয়ৰ ব্যৰ্থতা বুলি গণ্য কৰা হৈছিল ।
ইফালে ক্ৰীড়া মন্ত্ৰীগৰাকীৰ পদত্যাগে ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । মুখ্য সচিবৰ কার্যালয়ৰ পৰা এক প্রেছ বিজ্ঞপ্তিযোগে কোৱা হয় যে ৰাজ্য চৰকাৰে ডিজিপি ৰাজীৱ কুমাৰক কাৰণ দেখোৱাৰ জাননী জাৰি কৰিছে আৰু ২৪ ঘণ্টাৰ ভিতৰত ইয়াৰ উত্তৰ বিচৰা হৈছে । বিধাননগৰ আৰক্ষী আয়ুক্ত মুকেশ কুমাৰকো তেওঁৰ ভূমিকা সন্দৰ্ভত একেধৰণৰ ব্যাখ্যা দিবলৈ কোৱা হৈছে । ৰাজ্যৰ প্ৰশাসনিক ইতিহাসত আৰক্ষীৰ শীৰ্ষ বিষয়াক এনেদৰে পোনপটীয়াকৈ জবাবদিহি কৰাটো অতি বিৰল ।

ছল্ট লেক ষ্টেডিয়ামৰ যুৱ সেৱা আৰু ক্ৰীড়া বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱ কুমাৰ নন্দনক ইভেণ্ট মেনেজমেণ্টৰ গাফিলতিৰ বাবে ততাতৈয়াকৈ পদৰ পৰা অপসাৰণ কৰা হৈছে । অনুষ্ঠানৰ দিনা সভাস্থলীত দায়িত্বত থকা আৰক্ষী উপ-আয়ুক্ত অনিশ সৰকাৰক ইতিমধ্যে গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে । ক্ৰীড়া বিভাগৰ প্ৰধান সম্পাদক ৰাজেশ কুমাৰ সিনহাকো জাননী জাৰি কৰা হৈছে ।
বিষয়টোৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বতন্ত্ৰ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসীম কুমাৰ সত্যজিতৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰে চাৰিজনীয়া বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে । এই এছ আই টিত আছে আই পি এছৰ জ্যেষ্ঠ বিষয়া পীযুষ পাণ্ডে, জাভেদ ছামিম, সুপ্ৰতিম সৰকাৰ আৰু মুৰলীধৰ ।

