এইবাৰ কোনখন হ'ব আৰ চি বিৰ ঘৰুৱা খেলপথাৰ ?
আৰ চি বিৰ বিজয় উৎসৱৰ অঘটনৰ পিছতে চিন্নাস্বামী ষ্টেডিয়াম অযোগ্য হৈ পৰিছে । তেনেস্থলত দলটোৰ ঘৰুৱা ষ্টেডিয়াম কোনখন হ'ব ?

Published : November 13, 2025 at 7:33 AM IST
হায়দৰাবাদ : ১৭ বছৰীয়া অপেক্ষাৰ অন্তত শেহতীয়া ছিজনত বিজয়ী হৈ প্ৰথমটো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰ চি বি) । দলটোৰ সৰ্ববৃহৎ তাৰকা তথা প্ৰতিযোগিতাখনৰ আৰম্ভণিৰে পৰা ফ্ৰেঞ্চাইজিৰ সৈতে থকা বেটছমেন বিৰাট কোহলীও খিতাপ জয়ৰ পিছত আৱেগিক হৈ পৰা দেখা গৈছিল ।
ইয়াৰ পিছত যদি আহি থকা ২০২৬ চনৰ আই পি এল ছিজনত আৰ চি বিয়ে ঘৰুৱা খেলপথাৰত আটাইকেইখন মেচ খেলিব পাৰিলেহেঁতেন তেনেহ'লে দল আৰু অনুৰাগীৰ বাবে ই এক বিশেষ মুহূৰ্ত হ'লহেঁতেন । কিন্তু আই পি এল ২০২৬ত বেংগালুৰুৰ অনুৰাগীয়ে ইয়াৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে । কিয়নো এইবাৰ পুণেই আই পি এল ২০২৬ত আৰ চি বিৰ ঘৰুৱা মেচ আয়োজন কৰাৰ প্ৰস্তাৱ দিছে ।
মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ সচিব অধিবক্তা কমলেশ পিছালে ইটিভি ভাৰতক কয়, "আমি ফ্ৰেঞ্চাইজিৰ সৈতে আলোচনা কৰি আছো যাতে পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত আৰ চি বিৰ ঘৰুৱা মেচ আয়োজন কৰিব পৰা যায় । আমি তেওঁলোকৰ মেচসমূহ আমাৰ ষ্টেডিয়ামত আয়োজন কৰাৰ প্ৰস্তাৱো দিছো ।"
উল্লেখ্য যে চলিত বৰ্ষৰ ৪ জুনত আই পি এলত খিতাপ জয়ৰ পিছত আৰ চি বিৰ বিজয় উৎসৱৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত ঘটনাৰ পিছত বৃহৎ মেচ আয়োজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল । উক্ত পদপিষ্টৰ ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল । তাৰ পিছৰ পৰা এম চিন্নাস্বামী ষ্টেডিয়ামত এখনো ক্ৰিকেট মেচ অনুষ্ঠিত হোৱা নাই, লগতে শেহতীয়াকৈ সমাপ্ত হোৱা ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ আয়োজনৰ অধিকাৰো হেৰুৱাইছে, য'ত ফাইনেলো অন্তৰ্ভুক্ত আছিল । তদুপৰি আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা বাহিৰত নিজৰ সকলো মেচ খেলিব, আনহাতে আন দলসমূহে নিজৰ পৰম্পৰাগত ঘৰুৱা খেলপথাৰতে খেলিব ।

পিছালে দিয়া এক আছুতীয়া সাক্ষাৎকাৰত কয়, "এতিয়া যিহেতু পুণেৰ ঘৰুৱা দল নাই, আমি প্ৰস্তাৱ দিছো যে আমাৰ ওচৰত সৰ্বোত্তম সুবিধা আছে আৰু চেন্নাই ছুপাৰ কিংছে ইয়াৰ আগতেও (২০১৮ চনত) ইয়াত নিজৰ ঘৰুৱা মেচ খেলিছিল । গতিকে, আমি প্ৰস্তাৱ দিছো যে আমি মেচ আয়োজন কৰিবলৈ সাজু, আমাৰ আন্তঃগাঁথনি সাজু হৈছে ।"
আমি ইয়াত ক্ৰিকেট মেচৰ বাবে সৰ্বোত্তম কাম কৰিব পাৰো আৰু আন্তঃগাঁথনি আৰু লজিষ্টিকছৰ ক্ষেত্ৰত পুণে আদৰ্শ হৈ আহিছে । আনকি ক'ভিড-১৯ৰ সময়তো আমি আই পি এল ২০২২ত ১৫ খন খেলৰ আয়োজন কৰিছিলো ।"
পিছালে লগতে কয় যে চলিত বৰ্ষৰ আৰম্ভণিতে আই পি এলৰ প্ৰথম খিতাপ জয় কৰা আৰ চি বিৰ সৈতে প্ৰথম ৰাউণ্ডৰ আলোচনা সম্পূৰ্ণ হৈছে আৰু ডিচেম্বৰৰ মাজভাগত আবুধাবিত অনুষ্ঠিত হ'বলগীয়া মিনি নিলামৰ পিছত অধিক আনুষ্ঠানিক আলোচনা হ'ব । পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় মেচ আৰু মহিলা টি-২০ দলৰ আয়োজন কৰাৰ উপৰিও ২০১০ চনত আই পি এলৰ সময়ত পুণে ৱাৰিয়ৰ্ছ ইণ্ডিয়া, ৰাইজিং পুনে ছুপাৰজায়েণ্ট আৰু পাঞ্জাব কিংছৰ খেল অনুষ্ঠিত হৈছিল এই ষ্টেডিয়ামত ।
লগতে পঢ়ক :নিশাটোৰ ভিতৰতে সলনি হ'ল টীম ইণ্ডিয়াৰ জাৰ্ছীৰ ৰং, কিন্তু কিয় ?

