ETV Bharat / sports

গালে টেষ্টত সুথাৰে ৰচিলে ইতিহাস: ১৬৫ ৰাণত শ্ৰীলংকাক পৰাস্ত ভাৰতৰ

কেৰিয়াৰৰ দ্বিতীয়খন টেষ্টতে ১০ টা উইকেট দখল কৰি ইতিহাস ৰচিলে ভাৰতীয় স্পিনাৰ মানৱ সুথাৰে । প্ৰথম টেষ্টত ভাৰতৰ বৃহৎ জয় ।

India team
গালে টেষ্টত সুথাৰে ৰচিলে ইতিহাস: ১৬৫ ৰাণত শ্ৰীলংকাক পৰাস্ত ভাৰতৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 5:19 PM IST

3 Min Read
Choose ETV Bharat

গালে (শ্ৰীলংকা) : শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতৰ বৃহৎ জয় । ভাৰতীয় যুৱ বলাৰ মানৱ সুথাৰৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ ফলত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে ১৬৫ ৰাণত বিজয় সাব্যস্ত কৰে । কেৰিয়াৰৰ উৎকৃষ্ট প্ৰদৰ্শন কৰি সুথাৰে এখন টেষ্টতে ১০ টা উইকেট লৈ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । বিদেশৰ মাটিত এখন টেষ্টত ১০ টা উইকেট দখল কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপেও পৰিগণিত হয় সুথাৰ । কেৱল এয়াই নহয় স্পিনাৰ হিচাপে ১০ টা উইকেট দখল কৰা তেওঁ হৈছে সপ্তমগৰাকী ভাৰতীয় বলাৰ । ইয়াৰ পূৰ্বে অনিল কুম্বলে, হৰভজন সিং, ৰবিচন্দ্ৰন অশ্বিনকে ধৰি ৬ গৰাকী স্পিনাৰে এখন টেষ্টত ১০ টা উইকেট লোৱাৰ কৃতিত্ব অৰ্জন কৰিছিল । ইয়াৰ উপৰিও আফগানিস্তানৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটা সুথাৰৰ এয়া আছিল দ্বিতীয়খন টেষ্ট মেচ । কেৰিয়াৰৰ দ্বিতীয়খন টেষ্টতে ১০ টা উইকেট লোৱা বলাৰ হিচাপেও সুথাৰে বিশেষ কৃতিত্ব অৰ্জন কৰিছে । ইয়াৰ পূৰ্বে ভাৰতৰ ৩ গৰাকী বলাৰে এই কৃতিত্ব অৰ্জন কৰিছিল ।

৬০০ সংখ্যক টেষ্ট মেচত ভাৰতীয় দলটোৰ এই বিজয় আৰু মানৱ সুথাৰৰ প্ৰভাৱশালী বলিঙে নিশ্চিতভাৱে অধিনায়ক শুভমন গিলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব । নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যথেষ্ট সংগ্ৰাম কৰাৰ সময়ত স্পিনাৰৰ বাবে সহায়ক গালেৰ দৰে পিটছত বিজয় ভাৰতীয় দলটোৰো আত্মবিশ্বাস বঢ়াব ।

টেষ্ট মেচখনৰ অন্তিম দিনটোত শ্ৰীলংকাৰ দলটোক বিজয়ৰ বাবে ২৮৮ ৰাণৰ প্ৰয়োজন আছিল । কিন্তু ভাৰতীয় স্পিনাৰৰ আক্ৰমণত শ্ৰীলংকাই হাৰ মানিবলৈ বাধ্য হ'ল । দ্বিতীয় ইনিংছত সুথাৰে ৫৫ ৰাণ দি ৬ টা উইকেট দখল কৰে । প্ৰথম ইনিংছত সুথাৰে ৪ টা উইকেট দখল কৰিছিল ।

১৫ আগষ্টৰ পৰা আৰম্ভ হোৱা টেষ্ট মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি ৪৬২ ৰাণ সংগ্ৰহ কৰিছিল । সেই সময়ত ভাৰতীয় যুৱ বেটছমেন দেৱদত্ত পাদ্দিকলে ২৩০ টা বলত ১৬৭ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে । প্ৰথমটো ইনিংছত কে এল ৰাহুলেও ৮২ ৰাণৰ প্ৰভাৱশালী ইনিংছ খেলে । প্ৰথম ইনিংছত ভাৰতৰ এই বৃহৎ স্ক'ৰৰ অনুসৰণ কৰি শ্ৰীলংকাই মাত্ৰ ২৮৪ ৰাণ সংগ্ৰহ কৰে । শ্ৰীলংকাৰ হৈ সোণাল দিনুশাই ১০০ আৰু নিৰোশান ডিকৱেলে ৮০ ৰাণৰ ইনিংছ খেলে । স্পিনাৰ মানৱ সুথাৰ আৰু জাদেজাৰ যুটি শ্ৰীলংকাৰ বেটিঙ অৰ্ডাৰৰ সন্মুখত প্ৰত্যাহ্বান আছিল । সুথাৰে ৪ টা উইকেট দখল কৰাৰ বিপৰীতে জাদেজাই ৩ টা উইকেট লাভ কৰে । ১৭৮ ৰাণৰ অগ্ৰগতিৰ সৈতে ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰে ।

দ্বিতীয় ইনিংছতো দেৱদত্ত পাদ্দিকলে ৪৪ ৰাণৰ ইনিংছ খেলে । একেদৰে ঋষভ পণ্টে ৬৬ ৰাণ কৰে । দ্বিতীয় ইনিংছত ভাৰতে ১৯৩ ৰাণ সংগ্ৰহ কৰে আৰু শ্ৰীলংকাৰ সন্মুখত ৩৭১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । অৱশ্যে দ্বিতীয় ইনিংছত মানৱ সুথাৰৰ শক্তিশালী প্ৰদৰ্শনৰ বলত ঘৰুৱা দলটো ২০৬ ৰাণতে অলআউট হয় । ১-০ত ভাৰতীয় দলটো টেষ্ট শৃংখলাত আগবাঢ়ি আছে । অহা ২৩ আগষ্টৰ পৰা কলম্বোত ভাৰত আৰু শ্ৰীলংকাৰ দ্বিতীয় তথা অন্তিম টেষ্ট অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :

টেষ্ট ক্ৰিকেটত ১০০ টা ছিক্সাৰ কোবোৱা প্ৰথমগৰাকী ভাৰতীয় বেটাৰৰ কৃতিত্ব পণ্টৰ