নামনি অসমৰ খেলুৱৈসকলৰ বাবে নতুন দিগন্ত উন্মোচন : দেৱজিৎ শইকীয়া
ঘৰুৱা ক্ৰিকেট ছিজনৰ বিভিন্ন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড স্বীকৃত খেল অনুষ্ঠিত হ’ব বৰপেটাত ।

Published : February 8, 2026 at 9:26 PM IST
বৰপেটা: অসম ক্ৰিকেট সন্থাৰ অধীনত ল’ৱাৰ আছাম জ’নৰ বাবে স্থাপিত অসম ক্ৰিকেট একাডেমীৰ বৰপেটাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI)ৰ সচিব দেৱজিৎ শইকীয়াই একাডেমীখন উদ্বোধন কৰে ।
ইয়াৰ পিচতেই সাংবাদিকৰ আগত দেৱজিৎ শইকীয়াই কয়, "এই একাডেমীখন ল’ৱাৰ আছাম অঞ্চলৰ ক্ৰিকেট উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ একাডেমী প্ৰাংগণত পাঁচখন উন্নত মানৰ ৰেড ছইল আৰু ব্লেক ছইল উইকেট থকা মূল ক্ৰিকেট গ্ৰাউণ্ডৰ লগতে ১০ খন প্ৰেক্টিছ উইকেট স্থাপন কৰা হৈছে ।"
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিবগৰাকীয়ে লগতে কয় যে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ বিশেষ তৎপৰতাৰ বাবেই এই প্ৰকল্প সফল হৈছে । তেওঁ সভাপতি গুণীন্দ্ৰ নাথ দাস আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসক বিশেষ ধন্যবাদ জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰায় ৩৩ বিঘা ভূমিত এই বৃহৎ প্ৰকল্পটো গঢ়ি উঠা বুলিও উল্লেখ কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিবগৰাকীয়ে । আগন্তুক সময়ত ইয়াত ঘৰুৱা ক্ৰিকেট ছিজনৰ বিভিন্ন BCCI স্বীকৃত খেল অনুষ্ঠিত হ’ব বুলি তেওঁ কয় । ফলত বৰপেটা তথা নামনি অসমৰ বিভিন্ন জিলাৰ উঠি অহা খেলুৱৈসকল যথেষ্ট উপকৃত হ’ব ।

বৰ্তমান পেভিলিয়নত প্ৰায় ২৫ জন খেলুৱৈ থাকিব পৰাৰ ব্যৱস্থা আছে । ইয়াৰ লগতে আজি এটা প্লেয়াৰ্ছ হোষ্টেলৰ ভেঁটি স্থাপনো কৰা হয় । প্ৰায় ৬-৮ মাহৰ ভিতৰত ৮০-১০০ জন খেলুৱৈ থাকিব পৰা আধুনিক হোষ্টেল সাজু হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । ইয়াৰ ফলত ডাঙৰ ডাঙৰ কেম্প অনুষ্ঠিত কৰাৰ সুবিধা লাভ কৰিব ।

লগতে শইকীয়াই কয় যে অসম ক্ৰিকেট সন্থাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ ছয়টা জ’নত একাডেমী স্থাপন কৰা । বৰপেটাৰ পিছত বৰাক উপত্য়কা, বিশ্বনাথ চাৰিআলি আৰু উজনি আসমতো অনুৰূপ প্ৰকল্প গ্ৰহণ কৰা হ’ব । ভৱিষ্যতে খেলুৱৈসকলৰ সুবিধাৰ্থে ইন্দোৰ গেমছৰ ব্যৱস্থা আৰু প্ৰয়োজন অনুসৰি ফ্লাডলাইট স্থাপন কৰাৰ পৰিকল্পনাও আছে বুলি তেওঁ জানিবলৈ দিয়ে । এই একাডেমী স্থাপনৰ জৰিয়তে নামনি অসমৰ ক্ৰিকেট ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ল বুলি ক্ৰীড়াপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে ।

