ETV Bharat / sports

কমনৱেলথৰ ফাইনেলত লাভলীনা, উৎফুল্লিত পৰিয়াল

কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত অৱতীৰ্ণ লাভলীনা বৰগোঁহাই । স্বৰ্ণ জয়ৰ কামনাৰে পৰিয়ালে কৰিছে প্ৰাৰ্থনা ।

Lovlina Borgohain
লাভলীনা বৰগোঁহাই (fb@lovlinaborgohain)
author img

By ETV Bharat Assamese Team

Published : August 1, 2026 at 1:48 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : বিশ্বৰ বুকুত পুনৰ জিলিকিছে সৰুপথাৰৰ লাভলীনা বৰগোঁহাই । লাভলীনা বৰগোঁহায়ে কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ছেমি ফাইনেলত আফগানিস্তানৰ তুভালুৰ তাৰোণা টাফাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ।

অসমৰ গৌৰৱ, ভাৰতীয় তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে অনবদ্য প্ৰদৰ্শনেৰে কমনৱেলথ গেমছ ২০২৬ৰ ফাইনেলত প্ৰৱেশ কৰি পুনৰ এবাৰ অসম তথা সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে ।

কমনৱেলথৰ ফাইনেলত লাভলীনা, উৎফুল্লিত পৰিয়াল (ETV Bharat)

শুকুৰবাৰে ছেমি ফাইনেলত জয়লাভৰ পিছতেই স্বৰ্ণ জয়ৰ লক্ষ্যৰে শনিবাৰে অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৰিঙত নামিব অসমৰ খেলুৱৈগৰাকী । অৱশ্যে ছেমি ফাইনেলত জয়ৰ লগে লগে ৰূপৰ পদকো নিশ্চিত হৈছে ।

ছেমি ফাইনেলত জয়লাভৰ পিছতেই লাভলীনাক সকলোৱে অভিনন্দন আৰু শুভেচ্ছা জনাইছে । লাভলীনাৰ পৰিয়াল তথা গাঁওবাসীৰ মাজতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

পিতৃ টিকেন বৰগোহাঁয়ে কন্যাৰ এই সফলতাত কয়, "খুবেই ভাল লাগিছে যদিও সমান্তৰালভাৱে তেওঁ কমনৱেলথ গেমছ খেলিবলৈ যোৱাৰ প্ৰাকমুহূৰ্ততে অসমত এক ভয়াৱহ বানপানীৰ সৃষ্টি হ'ল । তাৰ বাবেও তেওঁ আমাক ফোনযোগে কৈছে যে যিমান পৰা যায় আমি সহায় কৰিব লাগে । সেই অনুপাতে আমি শিৱসাগৰ, নাজিৰা এইবিলাকত অলপ সহায়ো আগবঢ়ালো । তেওঁৰ হৈ লাভলীনা বক্সিং একাডেমীৰ ফালৰ পৰা সহায় কৰিলোঁ ।

এই পৰিস্থিতিৰ মাজতে কমনৱেলথ গেমছ চলি আছে আৰু তেওঁ ফাইনেলত প্ৰৱেশ কৰিছে । ভাল লাগিছে আমাৰ, পিতৃ-মাতৃ হিচাপে আমি যথেষ্ট সুখী । কাৰণ তেওঁ আন্তঃৰাষ্ট্ৰীয় যিখিনি গেমছ আছিল অলিম্পিক, এছিয়ান চেম্পিয়নশ্বিপ, ৱৰ্ল্ড চেম্পিয়ন, এছিয়ান গেমছ সকলোতে পদক বুটলিবলৈ সক্ষম হৈছিলে কিন্তু কমনৱেলথত পোৱা নাছিল । কিন্তু এইবাৰ কমনৱেলথ গেমছো তেওঁৰ পদকৰ তালিকাত অন্তৰ্ভুক্ত হ'ল, তাৰ বাবে আমি পিতৃ-মাতৃ হিচাপে যথেষ্ট সুখী ।"

ইফালে শনিবাৰে ফাইনেলত জয়ী হৈ যাতে লাভলীনাই স্বৰ্ণ জয় কৰিব পাৰে তাৰ বাবে এতিয়া সকলোৱে প্ৰাৰ্থনা কৰিছে ।

লগতে পঢ়ক :

সোণৰ লক্ষ্যৰে আজি নিশা ৰিঙত নামিব লাভলীনা