আইপিএল ২০২৬ ফাইনেল LIVE : ৫ উইকেটত গুজৰাটক পৰাস্ত কৰি খিতাপ দখল আৰচিবিৰ

Published : May 31, 2026 at 7:13 PM IST
|Updated : May 31, 2026 at 11:55 PM IST
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হৈছিল আইপিএল ২০২৬ ৰ ফাইনেল খেলখন ৷ এই খেলখনত গুজৰাট টাইটানছক ৫ উইকেটত পৰাজিত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰে ৷ ইয়াৰ লগে লগে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ পিছত ধাৰাবাহিকভাৱে খিতাপ দখল কৰা তৃতীয়টো দলত পৰিণত হয় আৰচিবি ৷ দলটোৱে ৫ উইকেট বাকী থকা অৱস্থাত সহজে ১৫৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে ৷ এই খেলখনত আৰচিবিৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত ৭৫ ৰাণৰ ইনিংছ খেলে ৷
উল্লেখ্য যে, খেলৰ পূৰ্বে টছত পৰাজিত হোৱা গুজৰাটে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫৫ ৰাণ সংগ্ৰহ কৰিছিল ৷
LIVE FEED
ক্ৰমাগত দ্বিতীয়বাৰলৈ আইপিএলৰ খিতাপ দখল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম সাক্ষী হৈ ৰয় আন এক অভিলেখৰ ৷ এইখন খেলপথাৰতে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে আইপিএলৰ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হৈছে আৰচিবিয়ে ।
বিৰাট কোহলীৰ অপৰাজিত ৭৫ ৰাণৰ সহায়ত দলটোৱে নিৰ্ধাৰিত ১৫৬ ৰাণৰ লক্ষ্যত সহজে উপনীত হয় ৷ খেলখনৰ দুই অভাৰ বাকী থকা অৱস্থাত ৫ টা উইকেট হেৰুৱাই আৰচিবিয়ে জয়ৰ সোৱাদ লাভ কৰে ৷ মুম্বাই আৰু চেন্নাইৰ পিছতে চেম্পিয়নছৰ খিতাপ দখল কৰা তৃতীয়টো দলত পৰিণত হয় আৰচিবি ৷
-
𝘾.𝙃.𝘼.𝙈.𝙋.𝙄.𝙊.𝙉.𝙎 🏆🏆@RCBTweets have done it again ❤️#TATAIPL | #Final | #TheFinalLeap | #RCBvGT pic.twitter.com/ww2zB98Xb8
— IndianPremierLeague (@IPL) May 31, 2026
পঞ্চমটো উইকেট হেৰুৱালে আৰচিবিয়ে
ক্ৰমাৎ জয়ৰ ওচৰ চাপি অহা আৰচিবিয়ে টিম ডেভিদৰ ৰূপত ১৩২ ৰাণত হেৰুৱাই পঞ্চমটো উইকেট ৷ ডেভিদে ১৭ টা বলত ২৪ ৰাণ সংগ্ৰহ কৰে । আৰ্ছাদ খানৰ হাতত কেচ তুলি দি ক্ৰিজৰ পৰা বেটছমেনগৰাকীয়ে বিদায় লয় ৷
বিৰাট কোহলীৰ বিস্ফোৰক বেটিং, অৰ্ধশতক সম্পূৰ্ণ
আইপিএলৰ ফাইনেলত বিস্ফোৰক ইনিংছৰে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলী ৷ কোহলীয়ে ২৫ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । বেটছমেনগৰাকীৰ ষ্ট্ৰাইক ৰেট আছিল ২০০ ৰ ওপৰত ।
-
FIFTY FOR KING KOHLI IN IPL FINAL 🔥
— Johns. (@CricCrazyJohns) May 31, 2026
- Big game, The GOAT standing tall for RCB, fifty from just 25 balls in the biggest stage, What a knock. pic.twitter.com/72sU85vKtO
আৰচিবিৰ প্ৰথমটো উইকেটৰ পতন
খেলৰ পঞ্চমটো অভাৰত দলীয় স্ক’ৰ ৬২ ৰাণ হওঁতেই আৰচিবিয়ে ভেংকটেশ আয়াৰৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় ৷ কিন্তু উইকেট হেৰুওৱাৰ পূৰ্বে বেটছমেনগৰাকীয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰে ৷ ১৬ টা বলত চাৰিটা চাৰি আৰু দুটা ছয়ৰে দ্ৰুততাৰে ৩২ ৰাণ সংগ্ৰহ কৰে বেটছমেনগৰাকীয়ে ৷
-
WELL PLAYED, VENKY IYER 🔥
— Johns. (@CricCrazyJohns) May 31, 2026
- With an injury, he smashed 32 runs from just 16 balls, What a knock, came for Phil Salt & he ruled for RCB. pic.twitter.com/XYodpVbwyx
আইপিএলৰ ফাইনেলত সৰ্বনিম্ন স্ক’ৰ...
আইপিএলৰ ফাইনেলত এতিয়ালৈকে হোৱা সৰ্বনিম্ন স্ক’ৰ হৈছে ১২৯ ৰাণ । ২০১৭ চনৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছে ৰাইজিং পুনে ছুপাৰজায়েণ্টৰ বিৰুদ্ধে এই অভিলেখ গঢ়িছিল ৷ খেলখনত দলটোৱে মাত্ৰ এক ৰাণৰ ব্যৱধানত জয়লাভ কৰিছিল ।
আইপিএলৰ ফাইনেলত সৰ্বনিম্ন স্ক’ৰ
- ১১৩ ৰাণ - ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ (২০২৪ চন)
- ১২৫/৯ - চেন্নাই ছুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ (২০১৩ চন)
- ১২৮/৬ - ৰাইজিং পুনে ছুপাৰজায়েণ্ট বনাম মুম্বাই ইণ্ডিয়ানছ (২০১৭ চন)
২০ অভাৰত ৮ উইকেটত গুজৰাটৰ ১৫৫ ৰাণ সংগ্ৰহ
আইপিএলৰ ফাইনেল খেলখনত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত মুঠ ১৫৫ ৰাণ সংগ্ৰহ কৰে । আৰচিবিৰ বিধ্বংসী বলিঙে তচ-নচ কৰি পেলায় গুজৰাটৰ বেটছমেনসকলক ৷ দলটোৰ হৈ অধিনায়ক শুভমন গিলে ১০ ৰাণ, জোছ বাটলাৰে ১৯ ৰাণ আৰু সাই সুদৰ্শনে ১২ ৰাণ সংগ্ৰহ কৰে । এক কঠিন পৰিস্থিতিত দলৰ বেটিং বিভাগ চম্ভালিবলৈ ক্ৰিজলৈ অহা ৱাশ্বিংটন সুন্দৰে ৩৭ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে ৷ ৱাশ্বিংটন সুন্দৰৰ বাহিৰে আন কোনো বেটছমেনে ক্ৰিজত উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ৷
আনহাতে, খেলখনত আৰচিবিৰ বলাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ৷ ৰশ্বিখ চালামে ৪ অভাৰত ২৭ ৰাণ ব্যয় কৰি ৩ টা উইকেট দখল কৰে ৷ বিপৰীতে অভিজ্ঞ ফাষ্টবলাৰ ভূৱনেশ্বৰ কুমাৰ আৰু জোছ হেজলউডে দুটাকৈ উইকেট লাভ কৰে ৷
গুজৰাটে হেৰুৱালে পাঁচটাকৈ উইকেট
দলীয় স্ক’ৰ ৯৯ ৰাণত গুজৰাটে হেৰুৱাই পঞ্চমটো উইকেট ৷ দলৰ হৈ ৬ টা বলত দুটা ছয়ৰ সহায়ত ১৫ ৰাণ সংগ্ৰহ কৰি আৰ্ছাদ খান আউট হয় । খেলৰ ১৫নং অভাৰত জোছ হেজলউডৰ বলত ধৰাশায়ী হয় গুজৰাটৰ বেটছমেনগৰাকী ৷ খেলখনত জোছৰ এয়া দ্বিতীয়টো উইকেট ৷
সংকটত গুজৰাট টাইটানছ, গিলৰ পিছত পেভিলিয়নমুখী সুদৰ্শন
দলীয় স্ক’ৰ ২৬ ৰাণ হওঁতেই গুজৰাট টাইটানছে দ্বিতীয়টো উইকেট হেৰুৱায় ৷ পাৱাৰপ্লে’ত দলটোৱে এটাৰ পিছত আনটো উইকেট হেৰুৱায় ৷ ছয় অভাৰৰ পিছত গুজৰাট টাইটানছে দুটা উইকেট হেৰুৱাই ৪৫ ৰাণ সংগ্ৰহ কৰে ।
-
JOSH HAZLEWOOD AND BHUVNESHWAR KUMAR MAGIC IN THE IPL FINAL. 🪄 pic.twitter.com/Z0xsa2w6oD
— Mufaddal Vohra (@mufaddal_vohra) May 31, 2026
গুজৰাট টাইটানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু : দুয়োটা দলৰ খেলুৱৈসকল
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু: বিৰাট কোহলী, দেৱদত্ত পাডিক্কাল, ৰজত পাতিদাৰ(অধিনায়ক), জিতেশ শৰ্মা (উইকেটৰক্ষক), টীম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ৰোমাৰিয়া শ্বেফাৰ্ড, ভূৱনেশ্বৰ কুমাৰ, জেকব ডাফী, জোছ হেজলউড আৰু ৰশ্বিখ চালাম দাৰ
গুজৰাট টাইটানছ: ছাই সুদৰ্শন, শুভমন গিল(অধিনায়ক), জোছ বাটলাৰ(উইকেটৰক্ষক), ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱাটিয়া, নিশান্ত সিন্ধু, জেছন হোল্ডাৰ, ৰছিদ খান, কাগিছ’ ৰাবাদা, আৰ্ছাদ খান আৰু মহম্মদ চিৰাজ ।

