ETV Bharat / sports

মেছি জ্বৰত আক্ৰান্ত কলকাতা: পুৱতি নিশাতে আদৰণি জনাবলৈ ওলাই আহিল হাজাৰ হাজাৰ মেছি অনুৰাগী

আগন্তুক ৭২ ঘণ্টাত মেছিয়ে কলকাতা, হায়দৰাবাদ, মুম্বাই আৰু দিল্লী ভ্ৰমণ কৰিব আৰু মুখ্যমন্ত্ৰীসকল, কৰ্প'ৰেট নেতা, চেলিব্ৰিটি আৰু সোমবাৰে হয়তো প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব ।

LIONEL MESSI IN INDIA
মেছি জ্বৰত আক্ৰান্ত কলকাতা (PTI)
author img

By ETV Bharat Assamese Team

Published : December 13, 2025 at 10:18 AM IST

6 Min Read
Choose ETV Bharat

কলকাতা : মেছি জ্বৰত আক্ৰান্ত কলকাতা । দুভৰিৰ যাদুকৰক দৰ্শনৰ বাবে অনুৰাগীৰ উন্মাদনা । নিজৰ প্ৰিয় তাৰকাগৰাকীক ফুটবল চহৰৰূপে খ্যাত কলকাতাত আদৰিবলৈ মাজনিশাৰে পৰা অপেক্ষা হাজাৰ হাজাৰ অনুৰাগী । ডিচেম্বৰৰ শীতৰ লহৰকো আওকাণ কৰি কেৱল নিজৰ চহৰখনলৈ আদৰণি জনাবলৈ ব্যাকুল সকলো । আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ ফুটবলাৰ লিয়নেল মেছিয়ে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে চাৰিখন চহৰৰ GOAT India Tour 2025ৰ অংশ হিচাপে শনিবাৰে কলকাতাত উপস্থিত হয় ।

শনিবাৰে পুৱা ২.২৬ বজাত বাৰ্চিলোনাৰ কিংবদন্তি ফুটবলাৰগৰাকী কলকাতাত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ চহৰখনত আনন্দৰ জোৱাৰ উঠে । আন্তঃৰাষ্ট্ৰীয় আগমন ক্ষেত্ৰৰ ৪ নং গে'টত শ্লোগান, পতাকা আৰু উজলি থকা ফোনবোৰেৰে এক গৰ্জনকাৰী সাগৰলৈ পৰিণত হয় । অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাগৰাকীক এপলক দেখাৰ আশাৰে গে'টলৈ দৌৰি যায় ।

LIONEL MESSI IN INDIA
মেছি জ্বৰত আক্ৰান্ত কলকাতা (PTI)

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে ভি আই পি গে'টৰে ওলাই অহাৰ সময়ত অভিভাৱকৰ কান্ধত বহি থকা শিশুৰ পৰা আৰম্ভ কৰি ঢুলীয়ালৈকে সকলোৱে হৰ্ষধ্বনি দিয়ে । ইয়াৰ পিছত এক বিশাল কনভয়ে তেওঁক হোটেললৈ লৈ যায় । তাতো তেওঁক মাজনিশাৰ পৰা আন এক বিশাল জনসমাগমে অপেক্ষা কৰি আছিল ।

বেৰিকেড, বৃহৎ মাত্ৰাত নিয়োগ কৰা আৰক্ষী আৰু অবিৰত উল্লাসে সমগ্ৰ চহৰখনত 'মেছি উন্মাদনা'ৰ সৃষ্টি কৰে । দীৰ্ঘদিনীয়া 'ষ্ট্ৰাইক পাৰ্টনাৰ' লুইছ ছুৱেৰেজ আৰু আৰ্জেণ্টিনাৰ সতীৰ্থ ৰড্ৰিগো ডি পলৰ সৈতে কলকাতাত উপস্থিত হয় মেছি । আগন্তুক ৭২ ঘণ্টাত তেওঁ কলকাতা, হায়দৰাবাদ, মুম্বাই আৰু দিল্লী ভ্ৰমণ কৰি তেওঁ মুখ্যমন্ত্ৰীসকল, কৰ্প'ৰেট নেতা, বলীউডৰ চেলিব্ৰিটি আৰু অৱশেষত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব ।

নিদ্ৰাবিহীন অপেক্ষাৰ অন্ত হতাশাৰে

কিন্তু নিশাটো উজাগৰে থাকি অপেক্ষা কৰি থকাৰ পিছতো বহু অনুৰাগীৰ বাবে অপেক্ষাৰ অন্ত পৰে হতাশাৰে । কাৰণ তেওঁলোকে নিজৰ আদৰ্শ তাৰকাগৰাকীৰ সামান্য দৰ্শনো লাভ কৰিব নোৱাৰিলে । কিয়নো কটকটীয়া নিৰাপত্তাৰ মাজেৰে মেছিক বিমানবন্দৰৰ পৰা উলিয়াই আনি পুৱা প্ৰায় ৩.৩০ বজাত পিছফালৰ প্ৰৱেশদ্বাৰেৰে তেওঁৰ হোটেললৈ লৈ যোৱা হয় । যাৰ ফলত অপেক্ষাৰত শ শ সমৰ্থকৰ সকলো আশাত চেঁচাপানী পৰে ।

LIONEL MESSI IN INDIA
মেছি জ্বৰত আক্ৰান্ত কলকাতা (PTI)

আনহাতে, বগা টি-চাৰ্টৰ ওপৰত ক’লা ছ্যুট পিন্ধি ব্যক্তিগত গালফষ্ট্ৰিম ভি বিমানৰ পৰা নামি অহাৰ সময়ত মাত্ৰ এমুঠিমান ভাগ্যৱান বিমানবন্দৰৰ কৰ্মচাৰীয়েহে আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীৰ ক্ষন্তেকীয়া আভাস এটা ল’বলৈ সক্ষম হয় । তাৰ পিছত তেওঁক ৰাণৱে'ৰ পৰা পোনে পোনে লৈ যোৱা হয় ।

আনহাতে, হায়াট ৰিজেন্সিৰ লবীত অনুৰাগীসকলে কৰিড'ৰৰ মাজেৰে দৌৰি গৈ 'মেছি... মেছি...' বুলি চিঞৰিবলৈ ধৰে । সমগ্ৰ লবীটো যেন তেতিয়া আৰ্জেণ্টিনাৰ ফেন ক্লাবৰ দৰে হৈ পৰিছিল, নীলা ৰঙৰ জাৰ্চি, ডিঙিত লোৱা কাপোৰ আৰু পতাকাৰে তেতিয়া গোটেইখন জিলিকি আছিল । মাতৃদুগ্ধ পান কৰি থকা কেঁচুৱাবোৰো মাতৃৰ কোলাত আছিল, শিশুবোৰে দৌৰি ঘূৰি ফুৰিছিল আৰু ক্লান্ত সমৰ্থকসকলে উন্মাদনা বৃদ্ধি পোৱাৰ লগে লগে লবীৰ চোফাতে শুই পৰিছিল ।

মেছিয়ে ৭৩০ নং কোঠাটোত প্ৰৱেশ কৰে । আনহাতে, তেওঁৰ কোঠাৰ চাৰিওফালে যিকোনো ধৰণৰ গতিবিধি বন্ধ হোৱাটো নিশ্চিত কৰিবলৈ সমগ্ৰ সপ্তম মহলাটো বন্ধ কৰি দিয়া হয় । ইফালে নিৰাপত্তা ব্যৱস্থাৰ শিখৰত উপনীত হোৱাৰ লগে লগে সামৰ্থ্যৱান একাংশ অনুৰাগীয়ে মেছিৰ যিমান পাৰি ওচৰত থাকিবলৈ হোটেলখনত কোঠা বুকিং কৰে ।

LIONEL MESSI IN INDIA
মেছি জ্বৰত আক্ৰান্ত কলকাতা (PTI)

মেছিৰ GOAT India ভ্ৰমণৰ পূৰ্বে সমগ্ৰ চহৰখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয় । প্ৰতিটো ক্ৰছিঙতে আৰক্ষীয়ে স্নিফাৰ ডগেৰে বাহনবোৰ পৰীক্ষা কৰে আৰু হোটেলখনৰ চাৰিওফালে চোৰাংচোৱাগিৰি বৃদ্ধি কৰে ।

আনহাতে, হোটেলখনৰ কৰ্মচাৰীসকলে বৰদিনৰ ৰঙেৰে ৰঙীন দুটা ডাঙৰ তিনিটা তৰপীয়া ফণ্ডেণ্ট কেককে ধৰি থিমযুক্ত সজ্জা প্ৰস্তুত কৰাত ব্যস্ত আছিল । বিমানবন্দৰৰ বাহিৰত আৰু পিছলৈ হোটেলৰ ওচৰতে শীতৰ প্ৰকোপকো নেওচি মেছিক আদৰিবলৈ বিশাল ভিৰ হয় । অনুৰাগীয়ে আৰ্জেণ্টিনাৰ পতাকা আৰু জাৰ্চি জোকাৰি, তেওঁৰ নাম লৈ চিঞৰিবলৈ ধৰে । আৱেগৰ ঢল ভাঙি কোনোবাই হাত চাপৰি বজাইছিল, কোনোবাই কান্দিছিল, বহুতে নিজৰ চহৰত এবাৰ প্ৰজন্মৰ কিংবদন্তিগৰাকীক দেখা পাই আপ্লুত হৈছিল ।

হায়াট ৰিজেন্সি এই উন্মাদনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । ৰাজপথৰ বিক্ৰেতাসকলে স্কাৰ্ফ, পতাকা আৰু মেছিৰ ১০ নং জাৰ্চি বিক্ৰী কৰিছিল । উইগ আৰু সম্পূৰ্ণ আৰ্জেণ্টিনাৰ ৰঙৰ পোছাক পিন্ধি কেইজনমান অনুৰাগীয়ো উপস্থিত হয় । এজন অনুৰাগীয়ে কয়, "এয়া আজীৱনৰ বাবে সুযোগ । আজি নিশা আমি শুব নোৱাৰো আৰু পুৱা পোনে পোনে ষ্টেডিয়ামলৈ ৰাওনা হ'ম । আজি উদযাপনৰ দিন ।"

LIONEL MESSI IN INDIA
মেছি জ্বৰত আক্ৰান্ত কলকাতা (PTI)

ভ্ৰমণসূচী

শনিবাৰে মেছিয়ে স্পনছ'ৰৰ সৈতে এক বৈঠক আৰু আদৰণি কাৰ্যসূচীৰ সৈতে তেওঁ নিজৰ GOAT India ভ্ৰমণৰ আৰম্ভণি কৰিব । ইয়াৰ পিছত তেওঁ ছল্ট লেক ষ্টেডিয়ামলৈ যাব । তাত সংগীত, নৃত্য আৰু মোহন বাগান ‘মেছি’ অল ষ্টাৰ্ছ আৰু ডাইমণ্ড হাৰ্বাৰ ‘মেছি’ অল ষ্টাৰ্ছৰ মাজত প্ৰদৰ্শনীমূলক খেল আৰু এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

তেওঁ পুৱা ১০.৫০ বজাত দুয়োটা দলৰ সৈতে মত বিনিময়, বংগৰ সন্তোষ ট্ৰফী বিজয়ী দলটোক সম্বৰ্ধনা আৰু শিশুসকলৰ বাবে "মাষ্টাৰ ক্লাছ উইথ মেছি" অনুষ্ঠানত অংশগ্ৰহণ কৰিব । লুইছ ছুৱেৰেজ, ৰড্ৰিগো ডি পল আৰু শ্বাহৰুখ খানেও এই কাৰ্যসূচীত যোগদান কৰিব । লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলকো আমন্ত্ৰণ জনোৱা হৈছে ।

আনহাতে, লেক টাউনত ৭০ ফুট উচ্চতাৰ নিজৰ মূৰ্তিটো তেওঁ ভাৰ্চুৱেলী উন্মোচনৰ পূৰ্বে তেওঁ 'লেপ অব অনাৰ' গ্ৰহণ কৰিব । ইয়াৰ পিছত বিয়লি তেওঁ ২.০৫ বজাত হায়দৰাবাদলৈ ৰাওনা হ'ব । তাত সন্ধিয়াৰ ভাগত ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তাত এখন চমু প্ৰদৰ্শনী মেচ, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ পাঁচ মিনিটৰ উপস্থিতি, এক ফুটবল কৰ্মশালা আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

LIONEL MESSI IN INDIA
উন্মোচন কৰিব নিজৰ সুবিশাল প্ৰতিমূৰ্তি (PTI)

ইয়াৰ পিছত তেওঁ ৱাংখেড়েত অনুষ্ঠিত হ'বলগা তেওঁৰ অনুষ্ঠানৰ বাবে মুম্বাইলৈ ৰাওনা হ'ব । এই ভ্ৰমণসূচীত ছুৱেৰেজ আৰু ডি পলৰ সৈতে ৪৫ মিনিটৰ এক ফেশ্বন ইভেণ্টত অংশগ্ৰহণ কৰিব । তাৰ পূৰ্বে চি চি আইত পেডেল কাপ অনুষ্ঠিত হ’ব ।

এই ভ্ৰমণৰ অন্ত পৰিব দিল্লীত । দিল্লীত মেছিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব । আনহাতে, মিনাৰ্ভা একাডেমীৰ তৃতীয়বাৰ যুৱ ট্ৰফী বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হ’ব । তাৰ পিছত ৯ গৰাকীকৈ খেলুৱৈৰ এটা দলৰ এক চেলিব্ৰিটি মেচত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বনে আই পি এলৰ মেচ, কি ক’লে উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ?
লগতে পঢ়ক :অৱসৰ ভংগ কৰিলে বিনেশ ফ’গাট; খেলিব লছ এঞ্জেলছ অলিম্পিক