ETV Bharat / sports

বিশ্বকাপ ফাইনেলৰ বাবে সলনি কৰা হ'ল পৰীক্ষাৰ সূচী, এখন বিদ্যালয়ৰ অভিনৱ পদক্ষেপ

নিশা জাগি শিক্ষাৰ্থীয়ে উপভোগ কৰিব ফিফা ২০২৬ৰ ফিফা বিশ্বকাপ ফাইনেল খেল ৷

south point high school kolkata reschedules exam from class 6 to 10 for fifa world cup final 2026
সলনি কৰা হ'ল পৰীক্ষাৰ সূচী, নিশা জাগি শিক্ষাৰ্থীয়ে উপভোগ কৰিব ফিফা ২০২৬ (Getty Images)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 2:40 PM IST

3 Min Read
Choose ETV Bharat

কলকাতা: ডিজিটেল যুগত নতুন প্ৰজন্মৰ মাজত অনলাইন গেমৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । খেলপথাৰত খেলা-ধূলা কৰাৰ পৰিৱৰ্তে অৱসৰৰ সময় ভাৰ্চুৱেল জগতখনতে সীমাৱদ্ধ কৰি ৰখা হৈছে । এনে পৰিস্থিতিত কলকাতাৰ অন্যতম পুৰণি আৰু জনপ্ৰিয় শিক্ষানুষ্ঠান চাউথ পইণ্ট হাইস্কুলে ছাত্ৰ-ছাত্ৰীৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে ।

বৰ্তমান ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত হৈছে বিশ্ববাসী । ১৯ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল । সেই উদ্দেশ্যৰে বিদ্যালয়খনে ২০ আৰু ২১ জুলাইৰ সকলো পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পূৰ্বতে সিদ্ধান্ত লোৱা হৈছিল যে সেই দুদিনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কেইবাটাও পৰীক্ষা অনুষ্ঠিত হ’ব ।

south point high school kolkata reschedules exam from class 6 to 10 for fifa world cup final 2026
বিদ্যালয়খনে জাৰি কৰা জাননী (ETV Bharat)

কিন্তু এতিয়া বিদ্যালয়খনে পৰীক্ষাৰ সময়সূচী পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে । ইতিমধ্যে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে । জনোৱা হৈছে যে সেই দুদিনত সকলো পৰীক্ষা নতুন সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব । ২০ জুলাইৰ পৰীক্ষা অহা ২৯ জুলাইত আৰু ২১ জুলাইৰ পৰীক্ষা ৩০ জুলাইত অনুষ্ঠিত হ’ব ।

এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ জয়দেৱ ঘোষে কয়, "এই সিদ্ধান্তৰ মূল কাৰণ হৈছে ছাত্ৰ-ছাত্ৰীক ক্ৰীড়াৰ প্ৰতি, বিশেষকৈ ফুটবলৰ প্ৰতি অধিক আকৰ্ষণ কৰা । ফুটবল এনে এক খেল য’ত দলীয় সমন্বয়, সহযোগিতা আৰু একেলগে যুঁজ দিয়াৰ শিক্ষা দিয়া হয় ।"

south point high school kolkata reschedules exam from class 6 to 10 for fifa world cup final 2026
সলনি কৰা হ'ল পৰীক্ষাৰ সূচী, নিশা জাগি শিক্ষাৰ্থীয়ে উপভোগ কৰিব ফিফা ২০২৬ (Getty Images)

অধ্যক্ষগৰাকীৰ মতে, বিশ্বকাপৰ ফাইনেলৰ দৰে এখন ডাঙৰ খেল উপভোগ কৰাৰ সুযোগ ছাত্ৰ-ছাত্ৰীক দিব লাগে । পিছদিনা পৰীক্ষা হ’লে বহু অভিভাৱকে নিজৰ সন্তানক গোটেই ৰাতি খেল চাই থাকিবলৈ নিবিচাৰিব । সেয়ে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত পৰীক্ষা দিৱস পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

তেওঁ লগতে কয়,"সকলো ছাত্ৰ-ছাত্ৰীয়ে ফুটবল নাচাবও পাৰে । অৱশ্যে এই পদক্ষেপৰ জৰিয়তে যদি অন্ততঃ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে খেলখনৰ প্ৰতি আগ্ৰহী হয়, তেন্তে এই প্ৰচেষ্টা সফল হ'ব ।" তেওঁ বুজাই দিয়ে যে মাত্ৰ ২ বা ৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়েও যদি ফুটবলৰ প্ৰতি নতুনকৈ আকৰ্ষিত হয়, তেন্তে সেয়া বিদ্যালয়খনৰ বাবে এক ডাঙৰ কৃতিত্ব হ’ব ।

অভিভাৱকৰ একাংশই বিদ্যালয়ৰ এই সিদ্ধান্তক ইতিবাচক পদক্ষেপ হিচাপে সদৰী কৰিছে । তেওঁলোকৰ মতে কেৱল পৰীক্ষাৰ ফলাফলেই নহয়, ক্ৰীড়া আৰু দলীয় মানসিকতাৰ শিক্ষাও সমানেই গুৰুত্বপূৰ্ণ । সেইটো ফুটবল খেলপথাৰৰ পৰা লাভ কৰিব পাৰি ।

তাৰোপৰি ফুটবলৰ প্ৰতি বাঙালীসকলৰ আৱেগ আৰু প্ৰেম অনস্বীকাৰ্য । কলকাতাত ফুটবলৰ খেলৰ সময়ত এতিয়াও টেলিভিছনৰ সন্মুখত ভিৰ হয় । এনে পৰিপ্ৰেক্ষিতত শিক্ষকৰ এটা অংশই চাউথ পইণ্টৰ এই পদক্ষেপক ছাত্ৰ-ছাত্ৰীক খেল খেলিবলৈ উৎসাহিত কৰাৰ এক সময়োপযোগী পদক্ষেপ বুলি গণ্য কৰে ।

লগতে পঢ়ক: শ্বাসৰুদ্ধকৰ যুঁজ ! অন্তিম ১৩ মিনিটত ইজিপ্তৰ আত্মবিশ্বাস ভাঙি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা

ফিফা ২০২৬: বেলজিয়ামৰ হাতত ধৰাশায়ী আমেৰিকা; তৃতীয়খন আয়োজক দেশৰো আগতীয়া প্ৰস্থান