অথলে গ'ল বিৰাটৰ কষ্ট : ভাৰতত প্ৰথমটো শৃংখলা জয় নিউজীলেণ্ডৰ
ইন্দোৰ মেচত জয়ী হৈ ইতিহাস ৰচিলে নিউজীলেণ্ডে । ভাৰতৰ ভূমিত প্ৰথমবাৰৰ বাবে এদিনীয়া শৃংখলা জয় কৰিলে দলটোৱে ।

Published : January 19, 2026 at 8:52 AM IST
ইন্দোৰ (মধ্য প্ৰদেশ) : বিৰাট কোহলীৰ আক্ৰমণাত্মক ১২৪ ৰাণ যেন অসাৰ হৈ পৰিল । কাৰণ দেওবাৰে তৃতীয় তথা অন্তিম এদিনীয়া মেচত নিউজীলেণ্ডে ভাৰতক ৪১ ৰাণত পৰাস্ত কৰি ২-১ ত শৃংখলা দখল কৰে । ভাৰতত নিউজীলেণ্ডৰ এয়াই প্ৰথম এদিনীয়া শৃংখলাৰ জয় । ভাৰতৰ সন্মুখত আলহী দলটোৱে ৩৩৮ ৰাণৰ এক বিশাল লক্ষ্য দিছিল । বিৰাট কোহলীয়ে খেলখনক ভাৰতৰ পক্ষলৈ লৈ যোৱাত অন্তিম পৰ্যায়লৈ যুঁজি থাকিল । এই সময়ত ১০০ ৰাণো কৰিলে যদিও নিজৰ দলটোক বিজয়ৰ মুখ দেখুৱাবলৈ সক্ষম নহ'ল ।
৪৬ নম্বৰ অভাৰত কোহলী আউট হোৱাৰ লগে লগে শুভমন গিল নেতৃত্বাধীন দলটোৰ বাবে সকলো শেষ হৈ গ'ল ৷ নিউজীলেণ্ডৰ শিবিৰত উদযাপন আৰম্ভ হোৱাৰ লগে লগে কুলদীপ যাদৱ আছিল শেষৰজন ভৰসা । কিন্তু অৰ্শদীপ আৰু কুলদীপো বিফল হ'ল । কোহলী আৰু অল ৰাউণ্ডাৰ হৰ্ষিত ৰাণাই (৪৩ বলত ৫২) একপ্ৰকাৰ খেলখন নিউজীলেণ্ডৰ হাতৰ পৰা কাঢ়ি অনা প্ৰয়াস কৰিছিল । টপ অৰ্ডাৰ দুৰ্ভাগ্যজনকভাৱে বিফল হোৱাৰ পিছত ভাৰতীয় ইনিংছটো কোহলীৰ হাততে আছিল । কোহলীয়ে খেলখন গভীৰলৈ লৈ গ'ল যদিও প্ৰয়োজনীয় ৰাণ ৰেটৰ চাপে অৱশেষত তেওঁক নিৰাশ কৰিলে আৰু বেছি ৰাণৰ আশাত শ্বট খেলি আউট হয় ।
ইফালে মিচেলৰ বাবে যেন অতি গুৰুত্বপূৰ্ণ মেচ আছিল এইখন । মিচেলৰ ১৩৭ ৰাণ আৰু ফিলিপছৰ ১০৬ ৰাণৰ আকৰ্ষণীয় ইনিংছৰ বাবেই দলটোৱে ৮ উইকেটত ৩৩৭ ৰাণৰ বিশাল স্ক'ৰ কৰিবলৈ সক্ষম হয় । শান্ত আৰু কৰ্তৃত্বশীলভাৱে মিচেলে ইনিংছ আগবঢ়াই লৈ যোৱাৰ সমান্তৰালকৈ ফিলিপছে গতিবেগ প্ৰদান কৰিছিল । যিয়ে ভাৰতৰ পৰাজয়ৰ কাৰণ হৈ পৰিল ।
খেলখনত ভাৰতীয় পেচাৰ অৰ্শদীপ সিঙে ৩ টা উইকেট দখল কৰাৰ সমান্তৰালকৈ অল ৰাউণ্ডাৰ হৰ্ষিত ৰাণাইও ৩ টা উইকেট দখল কৰে । ইফালে বেটিঙৰ ক্ষেত্ৰত কোহলীয়ে ১২৪ ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । অল ৰাউণ্ডাৰ নীতিশ ৰেড্ডি (৫৩) আৰু হৰ্ষিত ৰাণাইও (৫২) প্ৰভাৱশালী ইনিংছ খেলে । কিন্তু ইমানৰ পিছতো ভাৰতৰ টপ অৰ্ডাৰ বিফল হোৱাৰ বাবেই শৃংখলাটো ৰক্ষা কৰিব নোৱাৰিলে ।
লগতে পঢ়ক :ভাৰতৰ সন্মুখত নিউজীলেণ্ডে ৰাখিলে ৩৩৮ ৰাণৰ বিশাল লক্ষ্য : কাৰ হাতলৈ যাব শৃংখলাৰ ট্ৰফী ?

