ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া মেচত ভাৰতক নেতৃত্ব দিব কে এল ৰাহুলে

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছে BCCI এ ।

TEAM INDIA ODI SQUAD
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া মেচত ভাৰতক নেতৃত্ব দিব কে এল ৰাহুলে (ANI PHOTO)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 11:58 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ কথা ঘোষণা কৰিছে । আঘাতৰ বাবে দ্বিতীয়খন টেষ্টৰ পৰা বাদ পৰা অধিনায়ক শুভমন গিলকো এদিনীয়া দলৰ পৰা বাদ দিয়া হৈছে আৰু তেওঁৰ ঠাইত কে এল ৰাহুলক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁ ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ১২খন এদিনীয়া মেচত ভাৰতৰ অধিনায়কত্ব কৰিছে ।

উপ অধিনায়কো আউট

ভাৰতীয় এদিনীয়াৰ উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰো আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ব । অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ফিল্ডিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় আয়াৰ । যদিও তেওঁ সুস্থ হৈ উঠিছে, তথাপিও চিকিৎসকে তেওঁক আৰু অন্ততঃ এমাহৰ বাবে কষ্টকৰ কাম-কাজৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে ।

তিলক আৰু ৰুতুৰাজৰ প্ৰত্যাৱৰ্তন

ইফালে ভাৰতে তিলক বাৰ্মা আৰু ৰুতুৰাজ গাইকোৱাদক এদিনীয়া দললৈ পুনৰ আমন্ত্ৰণ জনাইছে । এই দুগৰাকী বেটছমেনে অধিনায়ক গিল আৰু উপ-অধিনায়ক আয়াৰৰ ঠাইত খেলিব । ইয়াৰ পূৰ্বে তিলকে চাৰিখন এদিনীয়া খেলিছে আৰু ৰুতুৰাজে ৬খন খেল খেলিছে । ২০২৩ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত দুয়োজনে শেষবাৰৰ বাবে ৫০ অভাৰৰ মেচ খেলিছিল ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বাৰ্মা, কে এল ৰাহুল (অধিনায়ক, উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰাণা, ৰুতুৰাজ গাইকোৱাদ, প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদ্বীপ সিং, ধ্ৰুৱ জুৰেল

দক্ষিণ আফ্ৰিকাৰ এদিনীয়া দল

টেম্বা বাভুমা (অধিনায়ক), অটনিয়েল বাৰ্টমেন, কৰ্বিন বছ, মেথিউ ব্ৰিট্জকে, ডেৱাল্ড ব্ৰেভিছ, নন্দ্ৰে বাৰ্গাৰ, কুইণ্টন ডি কক, টনি ডি জোৰ্জি, ৰুবিন হাৰ্মান, কেশৱ মহাৰাজ, মাৰ্কো জেন্সন, এডেন মাৰ্ক্ৰাম, লুংগি ঙিদি, ৰিয়ান ৰিকেলটন, আৰু প্ৰেনেলন সুব্ৰায়ণ ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এদিনীয়া সূচী

  • প্ৰথম এদিনীয়া : দেওবাৰ, ৩০ নৱেম্বৰ (ৰাঞ্চি) দিনৰ ১:৩০ বজাত
  • দ্বিতীয় এদিনীয়া : ৩ ডিচেম্বৰ বুধবাৰ (ৰায়পুৰ) দিনৰ ১:৩০ বজাত
  • তৃতীয় এদিনীয়া : ৬ ডিচেম্বৰ শনিবাৰ (বিশাখাপট্টনম) দিনৰ ১:৩০ বজাত

লগতে পঢ়ক : ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ টি-২০ আৰু এদিনীয়া দল ঘোষণা, কাৰ হাতত থাকিব দলৰ নেতৃত্ব